Scriptures tell
that the Vedas is the source of all types of knowledge and whatever knowledge
is acquired by a person is nothing but a small part of the knowledge contained
in the Vedas. The knowledge contained in the Vedas is unlimited and hence cannot be acquired as a whole by any single
person. Every person is able acquire only
a small part of the knowledge contained in the Vedas. Explaining this with an
analogy Bhagavata tells that the sky is
too vast . It is not possible for a bird
to fly over the whole sky. Birds fly up to the height and cover an area of the
sky according to the capacity of their wings. Likewise, people acquire
knowledge of the Vedas according to the capacity of one’s mind and
intelligence. Again, in Bhagavata and
other Vedic scriptures it is told that only one subject matter is discussed in
the Vedas in various ways and that is the Ultimate Truth or the God Almighty
or Lord Krishna or whatever name people may like to call him. Now, we
come to know that there cannot be any knowledge outside the Vedas and it is
also told that nothing except God Almighty is described in the Vedas. But in
practice we see verities of People have verities of knowledge and are engaged
in verities of activities in this world. So, question arises as, if every kind
of knowledge originates from the Vedas and if the God Almighty is the only
subject matter discussed in the Vedas
then where from all these verities of the knowledge and its expression may come
? Answering this question, the scriptures tell that thousands of trees grow on both the banks of a
river. All the trees are grown up on the
same type of soil, use the same air and water for their growth and survival and
are subjected to the same atmospheric condition. But in spite of that, the trees are of different
varieties and the fruits of some trees are sweet, some are sour or bitter. Also,
some fruits are good for health and some are poisonous. So, it is clear that the
verities in the trees and their fruits are inherent to the internal
construction of the trees. Similar is the case with the Vedic knowledge also.
Due to difference of inherent qualities of people, they acquire different types
of knowledge from the Vedas and perform different types of activities. Thus it
is also clear that the change in the inherent quality of people can bring
desired change in the human society and Guru Harideva established his special type
of educational institution with an aim
to do that . (to be continued)
শাস্ত্ৰত
কোৱা হৈছে যে বেদ সকলো প্ৰকাৰৰ জ্ঞানৰ মূল ভাণ্ডাৰ আৰু প্ৰত্যেক ব্যক্তিয়ে আহৰণ কৰা প্ৰত্যেক বিষয়ৰ জ্ঞান বেদজ্ঞানৰ
অন্তৰ্গত।
বেদৰ জ্ঞানভাণ্ডাৰ সীমাহীন আৰু কোনো এজন ব্যক্তিৰ পক্ষে সমগ্ৰ বেদজ্ঞান আয়ত্ব কৰা
সম্ভৱ নহয়।
প্ৰত্যেক ব্যক্তিয়ে বেদৰ সমগ্ৰ জ্ঞান ভাণ্ডাৰৰ পৰা এটা অতি সামান্য অংশৰ জ্ঞানহে আয়ত্ব কৰিব
পাৰে।ভাগৱতত এটা উপমাৰ সহায়ত কথাখিনি ব্যাখ্যা কৰি কোৱা
হৈছে যে আকাশ অতি বিশাল । কোনো চৰাইৰ পক্ষে সমগ্ৰ আকাশ পৰিভ্ৰমণ কৰা সম্ভৱ নহয়। সকলো চৰাইয়ে
নিজৰ পাখী দুখনৰ ক্ষমতা অনুযায়ী আকাশৰ উচ্চতালৈ উঠে আৰু যিমান দূৰলৈ সম্ভৱ সিমান
দূৰলৈহে উৰি ফুৰে।
একেদৰে প্ৰত্যেক মানুহে বেদজ্ঞানৰ বিশাল ভাণ্ডাৰৰ পৰা নিজৰ মন আৰু বুদ্ধিৰ ক্ষমতা
অনুযায়ী জ্ঞান আহৰণ কৰে ।আকৌ ভাগৱত আৰু অন্যান্য
বৈদিক শাস্ত্ৰত কোৱা হৈছে যে বেদত কেৱল মাত্ৰ এটা বিষয় বস্তুহে বিভিন্ন প্ৰকাৰে বৰ্ণনা
কৰা হৈছে আৰু সেই বিষয় বস্তুকে পৰম সত্য, পৰম ঈশ্বৰ, ভগৱান কৃষ্ণ বা অন্যান্য যি নামেৰে মাতি মানুহে ভাল পায় সেই নামেৰে মাতে । এতিয়া কথা
হৈছে যে বেদৰ বাহিৰত কোনো জ্ঞান থাকিব নোৱাৰে আৰু লগতে ইয়াকো কোৱা হৈছে যে বেদত
কেৱল মাত্ৰ পৰম সত্য বা পৰমেশ্বৰৰ কথাহে কোৱা হৈছে । গতিকে
প্ৰশ্ন হয় যে যদি সমস্ত প্ৰকাৰৰ জ্ঞান বেদৰ পৰা আহে আৰু বেদত কেৱল মাত্ৰ এক
পৰমেশ্বৰৰ কথাই কোৱা হৈছে তেন্তে জগতত আমি অসংখ্য প্ৰকাৰৰ জ্ঞান আৰু সেই জ্ঞান
অনুসৰি হৈ থকা অসংখ্য প্ৰকাৰৰ কৰ্ম দেখা পাওঁ কিয় ? এই প্ৰশ্নৰ উত্তৰ দি
শাস্ত্ৰই কৈছে যে এটা নদীৰ দুয়োপাৰে হেজাৰ হেজাৰ গছ থাকে । ইয়াৰ
প্ৰত্যেক জোপা গছ একে প্ৰকাৰৰ মাটিত গজে, প্ৰত্যেকে জীৱন ধাৰণ আৰু
বৃদ্ধিৰ বাবে একে ধৰণৰ সাৰ পানী সংগ্ৰহ কৰে আৰু একে প্ৰাকৃতিক পৰিবেশত থাকে। তাৰ পিছতো গছবিলাক
বিভিন্ন প্ৰকাৰৰ হয়্, কিছুমান গছৰ ফল মিঠা হয় আৰু কিছুমানৰ ফল টেঙা বা তিতা হয় । কিছুমান গছৰ
ফল স্বাস্থ্যবৰ্দ্ধক আৰু কিছুমান বিষাক্ত হয় । ইয়াৰ পৰা এই
কথা স্পষ্ট হয় যে গছ আৰু ফলৰ ভিন্নতাৰ কাৰণ গছৰ ভিতৰতহে অন্তৰ্নিহিত হৈ থাকে। বেদজ্ঞানৰ
ক্ষেত্ৰতো এই কথা খাটে । প্ৰত্যেক মানুহে
নিজৰ আভ্যন্তৰীণ চৰিত্ৰৰ ভিন্নতা হেতুকে
বেদৰ পৰা ভিন্ন ভিন্ন প্ৰকাৰৰ জ্ঞান আহৰণ কৰে আৰু সেই অনুযায়ী ভিন্ন ভিন্ন কৰ্ম
কৰে।গতিকে
মানুহৰ আভ্যন্তৰীণ চৰিত্ৰৰ পৰিবৰ্ত্তন সাধন কৰিহে সমাজলৈ আকাংক্ষিত পৰিবৰ্ত্তন
আনিব পাৰি আৰু হৰিদেৱ গুৰুজনাই এই কাম কৰাৰ বাবে বিশেষ ধৰণৰ শিক্ষানুষ্ঠান স্থাপন
কৰিছিল । (আগলৈ)
No comments:
Post a Comment