Thursday, 19 November 2020

The “Satra” Institution of Guru Harideva-11 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১১)

In the preceding posts we tried to have some preliminary idea about the Akhanda Sat or the indivisible Ultimate Truth as told in the Vedas and Upanishadas. Guru Harideva’s aim was to connect the supreme knowledge of the Vedas and Upanishadas with the day to day life of common people through his Satra Institution. Being a scholar of the Vedas and Vedic Philosophy or Vedanta Darshana, he was well aware of the fact that in the Vedas and Upanishadas the   things are described in a philosophical way and these are suitable for the people of higher knowledge with prerequisite qualifications only. For proper understanding of the Vedas and Upanishadas, it is essential to study many other allied subjects like the six types of Vedangas and other Vedic scriptures as preparatory lessons. Moreover, students of the Vedas have to lead a life of severe austerities prior to and during the study of the Vedas. Guru Harideva himself had to comply with all those requirements prior to study of the Vedas. We described these details in some of our earlier posts. Because of these pre-requirements, the facility for study of the Vedas cannot be made available for all. Considering these facts, the great Sage Vyasdeva simplified the teachings of the Vedas and Philosophies of the Upanishadas  or Vedanta Darshana and compiled everything in the Bhagavata. In the Bhagavata the whole Vedic spiritual knowledge, the ways of attainment of that knowledge, the ideal life style for human life, duties to be performed  and things to be avoided in day to day  life etc are depicted in a very simple way to suit the poor understanding capacity of the general people of all classes. Also, all people are allowed to study, listen and gain Vedic knowledge from the Bhagavata without any restriction of any kind. We will discuss these things further on different occasions and at proper places.  We already mentioned that after completion of the study of  the Vedas , Vedic Philosophy and other Vedic scriptures, Guru Harideva made research oriented study of Bhagavata with full devotion and observation of austerities for five years. He was well aware of everything contained in the Bhagavata and so he decided to educate common people on the basis of the knowledge and instructions contained in the Bhagavata . (to be continued)

বেদ আৰু উপনিষদত অখণ্ড সদ্বস্তু বা অবিভাজ্য পৰম সত্য সম্পৰ্কে কি কোৱা হৈছে তাৰ  সামান্য আভাস লোৱাৰ প্ৰয়াস ইয়াৰ আগৰ কেইটামান লিখনিত কৰা হৈছে হৰিদেৱ গুৰুজনাই বেদ আৰু উপনিষদৰ পৰম জ্ঞান সাধাৰণ জনতাৰ দৈনন্দিন জীৱনৰ লগত জুৰি দিয়াৰ মূল লক্ষ্য লৈ সত্ৰ স্থাপন কৰিছিল বেদ, উপনিষদ আৰু বৈদিক বেদান্ত দৰ্শনৰ গভীৰ জ্ঞানসম্পন্ন পণ্ডিত হোৱা হেতুকে গুৰুজনাই এই কথা ভালদৰে বুজি পাইছিল যে বেদ উপনিষদ আদি শাস্ত্ৰত কথাবিলাক দাৰ্শনিক তত্বৰ ৰূপত অতি চমুকৈ কোৱা হৈছে সে কাৰণে এইবিলাক শাস্ত্ৰত কোৱা কথা উচ্চতৰ জ্ঞান আৰু যোগ্যতা সম্পন্ন লোকৰ বাবেহে উপযোগী বেদ-উপনিষদত লিখা কথাৰ অৰ্থ বুজিবলৈ হলে বেদ অধ্যয়ন কৰাৰ পূৰ্বে ছ্য় প্ৰকাৰৰ বেদাঙ্গকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰ অধ্যয়ন কৰাৰ প্ৰয়োজন হয় তদুপৰি বেদ অধ্যয়ন কৰা ছাত্ৰই অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বতে আৰু অধ্যয়ন চলি থকা কালত কঠোৰ নিয়ম সংযমৰ মাজেৰে জীৱন যাপন কৰিব লাগে হৰিদেৱ গুৰুজনাই নিজেও এই সমস্ত নীতি নিৰ্দেশনা পালন কৰি বেদ অধ্যয়ন কৰিছিল আগৰ লিখনিত এই বিলাক কথা বিতংভাৱে কোৱা হৈছে এনেবোৰ কাৰণতে বেদ অধ্যয়ন কৰাৰ সুবিধা সকলোৰে বাবে উপলব্ধ হোৱাটো সম্ভৱ নহয় এইবিলাক কথা বিবেচনা কৰি মহৰ্ষি ব্যাসদেৱে বেদ, উপনিষদ আৰু বেদান্ত দৰ্শনৰ শিক্ষামূলক সকলো কথা সৰলভাৱে ব্যাখ্যা কৰি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছিল বেদত অন্তৰ্নিহিত সম্পূৰ্ণ পাৰমাৰ্থিক জ্ঞান, সেই জ্ঞান আহৰণ কৰাৰ পদ্ধতি,মানৱ জীৱনৰ আদৰ্শ আচাৰ আচৰণ আৰু কৰ্ত্তব্য-অকৰ্ত্তব্য ইত্যাদি বিষয় সকলো স্তৰৰ জনসাধাৰণে সহজে বুজি পাব পৰাকৈ ইয়াত বৰ্ণনা কৰা হৈছে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে  ভাগৱত শাস্ত্ৰ অধ্যয়ন আৰু শ্ৰৱণ কৰি সম্পূৰ্ণ বেদজ্ঞানৰ অধিকাৰী পাৰে আগলৈ বিভিন্ন প্ৰসঙ্গত আৰু যথাস্থানত এই থকাবিলাকৰ আলোচনা কৰা নিজে বেদ ,বৈদিক দৰ্শন আৰু অন্যান্য শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত হৰিদেৱ গুৰুজনাই পাঁচ বছৰ কাল একান্ত ভক্তি আৰু কঠোৰ নিয়ম নীতি সহকাৰে ভাগৱত শাস্ত্ৰৰ গৱেষণামূলক অধ্যয়ন কৰিছিল বুলি আগতে কোৱা হৈছে ত্ৰ স্থাপন কৰাৰ আগতে গুৰুজনাই ভাগৱত শাস্ত্ৰত বৰ্ণনা কৰা সকলো বিষয়ৰে পুংখানুপুংখ জ্ঞান আয়ত্ব কৰিছিল আৰু উপযোগিতা সম্পৰ্কে নিশ্চিত হোৱাৰ পিছতহে ভাগৱত শাস্ত্ৰই দিয়া জ্ঞান আৰু উপদেশক ভিত্তি হিচাপে লৈ সাধাৰণ জনতাক শিক্ষাদান কৰাৰ সিদ্ধান্ত লৈছিল (আগলৈ)

No comments:

Post a Comment