Wednesday, 30 September 2020

Understanding Guru Harideva’s Approach Towards Unity-152 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫২)

 

The Vedas and Vedic scriptures are available in the Sanskrit language. We already discussed about the six subjects ancillary to the study of Vedas and Vedic scriptures in some of our earlier posts. These are called Vedangas or limbs of Vedas. One should study these Vedangas prior to the study of the Vedas and Vedic subjects. After that only one can fully understand the language of Vedas and Vedic scriptures and also the underlying meanings contained in those. Vyakarana or Grammar is one of those six ancillary subjects.  It is told that study of Vedas and Vedic literature without knowledge of Grammar is like witnessing of a natural scenery by a man not having proper eyesight. Ashtadhyaee of Panini, Kalap Vyakaran etc are famous classical Grammars available from very old times. With the passage of time, these grammatical works become very hard to understand even for the scholars of higher knowledge. So in the later periods, some of the famous Grammarians started composing Sanskrit Grammars in a simpler way for the benefit of the people of different times. Prayog Ratnamala is one of such simplified Sanskrit Grammar mostly used in the eastern and north-eastern parts of India since 16th century CE. It was compiled under the patronization of King Naranarayana of Coochbihar state. The name of the author of this grammar was Purushottam Vidyabagish. He was a well known Grammarian scholar serving in the King’s Court of Coochbihar. We already told that Dwija Ajanabha, the father Guru Harideva, had one younger brother named Padmanabha. This Purushottama Vidyabagish was the son of Dwija Padmanabha. Padmanabha and his wife expired when Purushottama was a young baby. Baby Purushottama was under the care of  Dwija Ajanabha and his wife. At a time when Purushottama was nine years old,  Dwija Ajanabha along with his wife had to leave Dantapur, present Bahari, in the Barpeta District of Assam due to some unavoidable situation. These things we already discussed in some of our earlier posts. Under the situation, Dwija Ajanabha had to keep Prushottama under the care of his maternal uncle residing in nearby Shila village. Later on, Purushottama attained higher education on classical Sanskrit Grammar and got appointed as a scholar in the King’s court at Coochbihar. When Guru Harideva was about to leave Kashi after completion of his education, this Purushottama arrived there for a pilgrimage. There they met each other for the first time and from then onwards, Purushuttama played an important role in the life of Guru Harideva which we will discuss in the coming posts. (to be continued)

 বেদ আৰু বৈদিক শাস্ত্ৰসমুহ সংস্কৃত ভাষাত ৰচনা কৰা হৈছে আমাৰ আগৰ কেইটামান লিখনিত বেদ আৰু বেদমূলক গ্ৰন্থ সমুহ অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয়  ছয়টা সহায়ক বিষয়ৰ কথা কোৱা হৈছে এই সমুহক বেদাঙ্গ বা বেদৰ অঙ্গ-প্ৰত্যঙ্গ বুলি কোৱা হয় বেদ আৰু বৈদিক জ্ঞান সমৃদ্ধ শাস্ত্ৰ অধ্যয়ন কৰাৰ আগতে বেদাঙ্গৰ জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন হয় ইয়াৰ পিছতহে বেদ আৰু বেদানুগত শাস্ত্ৰৰ ভাষা আৰু ইয়াত বৰ্ণনা কৰা বিষয় বস্তুৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি ব্যাকৰণ হৈছে শুদ্ধ বেদজ্ঞান লাভ কৰাৰ বাবে প্ৰয়োজন হোৱা ছয় সহায়ক বিষয়ৰ ভিতৰৰ এটা কোৱা হৈছে যে ব্যাকৰণৰ জ্ঞান নোহোৱাকৈ বেদ আৰু বৈদিক শাস্ত্ৰ অধ্যয়ন কৰাৰ চেষ্টা কৰা আৰু চকুৰ দৃষ্টি শক্তি অবিহনে প্ৰাকৃতিক দৃশ্য দৰ্শন কৰিবলৈ যোৱা একে কথা পানীনিৰ অষ্টাধ্যায়ী ব্যকৰণ , কলাপ ব্যাকৰণ আদি অতি প্ৰাচীন কালৰে পৰা চলি অহা সুবিখ্যাত বৈদিক শাস্ত্ৰ্ৰীয় ব্যাকৰণ সময় পাৰ হৈ যোৱাৰ লগে লগে এই বিলাক ব্যাকৰণত লিখা কথা ডাঙৰ ডাঙৰ পণ্ডিত সকলেও বুজাত কঠিন হৈ পৰিছিল সেই কাৰণে পৰবৰ্ত্তী কালৰ ব্যাকৰণৰ অগাধ জ্ঞানসম্পন্ন পণ্ডিত সকলে বিভিন্ন কালৰ লোকে বুজি পোৱা ধৰণে সহজ সৰল ব্যাকৰণ শাস্ত্ৰ ৰচনা কৰিছিল প্ৰয়োগ ৰত্নমালা তেনে এখন সহজ ব্যাকৰণ আৰু ষোল্ল শতিকাৰ পৰা পূৰ্ব ভাৰত আৰু উত্তৰ পূৱ ভাৰতৰ বিভিন্ন অংশত প্ৰচলিত হৈ আছে ব্যাকৰণ কোচবিহাৰৰ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত প্ৰণয়ণ কৰা হৈছিল ব্যাকৰণ গ্ৰন্থৰ গ্ৰন্থকাৰ আছিল কোচবিহাৰৰ ৰাজসভাৰ বিখ্যাত ব্যাকৰণবিদ পণ্ডিত পুৰুষোত্তম বিদ্যাবাগীশ আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাৰ পিতৃ দ্বিজ অজনাভৰ এজন কনিষ্ঠ ভাতৃ আছিল আৰু তেওঁৰ নাম আছিল পদ্মনাভ আমি ওপৰত উল্লেখ কৰা ব্যাকৰণবিদ পণ্ডিত পুৰুষোত্তম বিদ্যাবাগীশ আছিল দ্বিজ পদ্মনাভৰ পুত্ৰ পুৰুষোত্তমৰ শিশু অৱস্থাতে  তেওঁৰ পিতৃ পদ্মনাভ আৰু মাতৃৰ মৃত্য হৈছিল জেঠাক অজনাভ আৰু তেওঁৰ পত্নীয়ে শিশু পুৰুষোত্তমক লালন পালন কৰিছিল পুৰুষোত্তমৰ বয়স বছৰমান হোৱাৰ পিছত দ্বিজ অজনাভে নিজ বাসস্থান দন্তপুৰ , বৰ্ত্তমানৰ বৰপেটা জিলাৰ বহৰি গাওঁ,  এৰি যাবলৈ বাধ্য হৈছিল কি পৰিস্থিতত অজনাভে বাসস্থান ত্যাগ কৰিব লগীযা হৈছিল ইত্যাদি কথা আগতে কৈ অহা হৈছে দন্তপুৰ এৰি যোৱাৰ সময়ত অজনাভে ভতিজাক পুৰুষোত্তমক ওচৰৰে শিলা গাওঁত থকা মোমায়েকৰ তত্বাবধান ৰাখি গৈছিল ইয়াৰ পৰাই পুৰুষোত্তমে পানীনি, কলাপ আদি ধ্ৰূপদী ব্যাকৰণৰ উচ্চ শিক্ষা গ্ৰহণ কৰি কোচবিহাৰ ৰাজসভাৰ সভাপণ্ডিত হিচাপে নিযুক্তি লাভ কৰিছিল শিক্ষা সমাপ্ত কৰি হৰিদেৱ গুৰুজনাই কাশী এৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে পুৰুষোত্তম বিদ্যাবাগীশ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে কাশীত উপস্থিত হৈছিল তাতে প্ৰথমবাৰৰ বাবে হৰিদেৱ গুৰুজনা আৰু পুৰুষোত্তম বিদ্যাবাগীশৰ দেখা সাক্ষাৎ আৰু চা-চিনাকী হৈছিল ইয়াৰ পিছৰ কালত হৰিদেৱ গুৰুজনাই জ্যেষ্ঠ ভাতৃ পুৰুষোত্তম বিদ্যাবাগীশৰ পৰা অনেক সহায় সহযোগ পাইছিল যথা স্থানত এই বিলাক কথা কোৱা (আগলৈ)

No comments:

Post a Comment