Thursday 24 September 2020

Understanding Guru Harideva’s Approach Towards Unity-149 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪৯)

 

The last pilgrim place visited by Guru Harideva was Badrinatha temple. Accompanied with a group of Monks, Guru Harideva visited all pilgrim places from Haridwara to Badrinatha and then came back to Kashi. We already told that before expiry of his father,Guru Harideva completed the studies of all allied subjects including a course on Vedic grammar and made himself qualified for the study of the Vedas.He completed those studies in the educational institute established by his father Dwija Ajanabha at Narayanpur.The facility for higher studies of Veda was not available in Assam during that time.So, his father advised him to go outside Assam for higher studies of the Vedas.But before doing that, his father expired and the program was postponed . Now after completion of the pilgrimage tour Guru Harideva decided to study the Vedas at Kashi.At that time, Kashi was a famous educational center for the study of the Vedas and Vedic philosophy. A famous professor of Vedas, named Shraddhananda, was the head of one such educational center at Kashi. Guru Harideva became disciple of professor Shraddhanada and studied the Vedas under him for two years. Then for another two years he studied the Vedic Philosophy under the same scholar. After four years of study and successful completion of the prescribed course of Vedas and Darshana  he was offered the titles of “Vedacharya” and “Darshanacharya” in a convocation ceremony held under the academic rules and regulations of that time. Moreover, Guru Harideva  used to make regular practice of Yoga  since very young age. During his stay at Kashi, he got proper company and guidance for this and his practice of Yoga became more intense. It is said that Guru Harideva lived upto his age of 140 years due regular and correct practice of yoga. Thus after rigorous academic studies and practice of Yoga for four years he became a qualified teacher of Veda , Vedic Philosophy and attained perfection in the practice of Yoga . (to be continued)

 তীৰ্থ ভ্ৰমণৰ একেবাৰে শেষ পৰ্যায়ত হৰিদেৱ গুৰুজনাই বদ্ৰীনাথ ধাম দৰ্শন কৰিছিল কেইজনমান সাধু সন্ন্যাসীৰ লগ হৈ হৰিদ্বাৰৰ পৰা আৰম্ভ কৰি বদ্ৰীনাথলৈকে সকলো তীৰ্থস্থান ভ্ৰমণ কৰাৰ অন্তত তেওঁ কাশীত উপস্থিত হৈছিল আগতে কৈ অহা হৈছে যে মূল বেদ অধ্যয়ন কৰাৰ পূৰ্বপ্ৰ্স্তুতি হিচাপে গুৰুজনাই বৈদিক ব্যাকৰণকে ধৰি আনুষঙ্গিক সকলো বিষয়ৰ অধ্যয়ন সমাপ্ত কৰিছিল পিতৃ অজনাভে নাৰয়ণপুৰত প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানতে তেওঁ এই সকলো বিষয়ৰ অধ্যয়ন কৰিছিল বেদৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে উপযুক্ত শিক্ষানুষ্ঠান তেতিয়াৰ দিনৰ অসমত নাছিল সেই কাৰণে পিতৃ অজনাভে তেওঁক অসমৰ বাহিৰলৈ গৈ বেদ অধ্যয়ন কৰাৰ উপদেশ দিছিলকিন্তু বাহিৰলৈ যোৱাৰ  আগতে গুৰুজনাৰ পিতৃ বিয়োগ ঘটাৰ বাবে ইমানদিনে এই কাম স্থগিত হৈ আছিল তীৰ্থভ্ৰমণ সমাপ্ত কৰাৰ পিছত গুৰুজনাই পূৰ্ব পৰিকল্পনা অনুসৰি কাশীত বেদ অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছিল সেই সময়ৰ কাশীত বেদ আৰু বৈদিক দৰ্শন ইত্যাদি বিষয়ৰ বহুতো শিক্ষাকেন্দ্ৰ আছিল শ্ৰদ্ধানন্দ নামৰ সেই সময়ৰ এজন বিখ্যাত বেদজ্ঞ পণ্ডিত তেনে এটা শিক্ষাকেন্দ্ৰৰ অধ্যাপক আছিল হৰিদেৱ গুৰুজনাই এইজনা অধ্যাপক শ্ৰদ্ধানন্দৰ শিষ্য হৈ তেওঁৰ অধীনত বেদ অধ্যয়ন আৰম্ভ কৰিছিল দুবছৰ কাল বেদ অধ্যয়ন কৰাৰ পিছত তেওঁ একেজন অধ্যাপকৰ অধীনত আৰু দুবছৰ কাল বৈদিক দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰিছিল এনেদৰে চাৰিবছৰ কাল নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰি বেদ আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়ন সুখ্যাতিৰে সমাপ্ত কৰাৰ পিছত সেই সময়ত প্ৰচলিত শিক্ষাব্যৱস্থাৰ নিয়ম অনুসৰি সমাবৰ্ত্তন উতসৱ পাতি গুৰুজনাক বেদাচাৰ্য আৰু দৰ্শনাচাৰ্য উপাধি প্ৰদান কৰা হৈছিল হৰিদেৱ গুৰুজনাই সৰু কালৰে পৰা নিয়মিতভাৱে যোগাভ্যাসো কৰিছিল কাশীত থকা সময়ছোৱাত উপযুক্ত সঙ্গী আৰু শিক্ষকৰ সহায় পোৱা হেতুকে তেওঁৰ যোগাভ্যাসৰ মান আগতকৈ বহু বেছি উন্নত হৈছিল নিয়মিত ভাৱে আৰু শুদ্ধ নিয়ম মতে যোগাভ্যাস কৰাৰ বাবে তেওঁ ১৪০ বছৰ বয়সলৈকে জীয়াই আছিল বুলি কোৱা হৈছে এনেদৰে কাশীত থকা চাৰিবছৰ কালৰ ভিতৰত একাণপতীয়া ভাৱে  কৰা অধ্যয়ন আৰু কঠোৰ যোগাভ্যাসৰ বলত তেওঁ বেদ আৰু দৰ্শন শাস্ত্ৰৰ আচাৰ্য হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ লগতে যোগ সাধনাৰ সিদ্ধি লাভ  কৰিছিল।(আগলৈ)

No comments:

Post a Comment