Monday 28 September 2020

Understanding Guru Harideva’s Approach Towards Unity-151 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫১)

In the Vedic scriptures it is told that  after  recitation of a hymn or mantra for a specific number of times - usually in the hundreds of thousands, the reciter attain blessedness or siddhi . For different mantras this count of recitation differs . It is also told that if the recitation or Japa of Krishna Kavacha Mantra is performed for three lakh times with prescribed spiritual discipline, then one attain siddhi or fruition of this mantra. Till siddhi is attained, one’s mental consent becomes necessary for chanting of a mantra. But after attainment of Mantra siddhi in some mantra, the concerned  mantra always appear in one’s mind  and is chanted automatically without his own willful mental involvement. Attainment of divine blessedness and yogic powers etc are the outcomes of Mantra Siddhi. The scriptures tell that different powers can manifest in a person after attainment of mantra siddhi of a particular mantra . Because of coming of the powers of the mantra  to one’s  behest after attainment of mantra siddhi, it is possible to draw different psychic abilities, depending on the power of the mantra and temperament of the person involved. In the preceding post it is told that Guru Harideva performed japa, that is, silent recitation and meditation of Krishna Kavacha Mantra at Biswanatha temple of Kashi daily at midnight . He performed this pursuit with full devotion, purity of body and mind and also with arduous spiritual discipline. During his four years of stay at Kashi , Guru Harideva completed Japa or recitation  of Krishna Kavacha Mantra for three lakh times and attained mantra siddhi . It is said that as a mark of this attainment he was provided with a physical Krishna Kavacha in the form of a golden  pendant as  blessing from Lord Siva. On the 14th lunar day of the dark fortnight, just before his leaving of Kashi, when Guru Harideva was meditating on Krishna Kavacha mantra at Biswanath temple, one ascetic came to him . The ascetic conveyed him the blessings  of Lord Siva ,the presiding deity of Biswanatha temple and handed over the Gold pendant charged with the power of Krishna Kavacha mantra to Guru harideva.It is stated that Guru Harideva always used to hold this kavacha keeping it attached to his garland and the same was vanished from his garland just before his death .(to be continued)

 বৈদিক শাস্ত্ৰত কোৱা হৈছে যে কোনো দেৱতাৰ শক্তিৰ ধাৰক স্বৰূপ কোনো এটা মন্ত্ৰ লাখ লাখ বাৰ জপ কৰিলে জপ কৰা ব্যক্তিজনে মন্ত্ৰসিদ্ধি লাভ কৰে বেলেগ বেলেগ মন্ত্ৰৰ বেলিকা এই জপ সংখ্যা বেলেগ বেলেগ শাস্ত্ৰত ইয়াকো কোৱা হৈছে যে শাস্ত্ৰীয় নিয়ম মতে ধ্যানমগ্ন হৈ তিনি লাখ বাৰ কৃষ্ণ কৱচ মন্ত্ৰ জপ কৰিলে এই মন্ত্ৰৰ সিদ্ধিলাভ হয় সিদ্ধিলাভ লাভ নকৰা পৰ্যন্ত মন্ত্ৰ জপ কৰাৰ বাবে মনৰ ইচ্ছাৰ প্ৰয়োজন থাকে কিন্তু কোনো মন্ত্ৰৰ সিদ্ধি লাভ কৰাৰ পিছত সেই বিশেষ মন্ত্ৰ স্বতঃষ্ফূৰ্ত্ত ভাৱে সাধকৰ মনলৈ আহি থাকে আৰু স্বয়ংক্ৰিয়ভাৱে ইয়াৰ জপ হৈ থাকে।মন্ত্ৰ সিদ্ধিৰ ফলত দৈৱিক আশীৰ্বাদ , যৌগিক শক্তি সামৰ্থ্য ইত্যাদি লাভ হয় বুলি শাস্ত্ৰত কোৱা হৈছে|কোনো মন্ত্ৰৰ সিদ্ধি লাভ কৰাৰ পিছত সেই মন্ত্ৰৰ অন্তৰ্নিহিত দৈৱিক শক্তি সাধকৰ নিয়ন্ত্ৰণলৈ আহে সেই কাৰণে মন্ত্ৰসিদ্ধ সাধকে মন্ত্ৰৰ শক্তিৰ ধৰণ আৰু নিজৰ স্বভাৱ অনুসৰি অনেক ধৰণৰ অসাধ্য সাধন কৰিব পাৰে আগৰ লিখনিটোত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই কাশীৰ বিশ্বনাথ মন্দিৰত নিতৌ মাজৰাতি কৃষ্ণ কৱচ মন্ত্ৰৰ জপ আৰু ধ্যান কৰিছিল কঠোৰ আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে শৰীৰ আৰু মনৰ পৱিত্ৰতা সাধন কৰি পূৰ্ণ শ্ৰদ্ধা সহকাৰে তেওঁ এই সাধনাত ব্ৰতী হৈছিল কাশীত থকা চাৰি বছৰ কালৰ ভিতৰত তেওঁ তিনি লাখ বাৰ এই মন্ত্ৰৰ জপ  সমাপ্ত কৰিছিল আৰু তাৰ ফলত তেওঁ কৃষ্ণ কবচ মন্ত্ৰৰ মন্ত্ৰসিদ্ধি লাভ কৰিছিল এই সিদ্ধিলাভৰ চিন স্বৰূপে তেওঁ কৃষ্ণ কৱচ মন্ত্ৰৰ শক্তি সঞ্চাৰিত এটা সোণৰ কৃষ্ণকৱচ যন্ত্ৰ উপহাৰ হিচাপে লাভ কৰিছিল কোৱা হৈছে যে কাশী এৰাৰ ঠিক আগৰ কৃষ্ণা চতুৰ্দশীৰ মাজনিশা বিশ্বনাথ মন্দিৰত ধ্যানমগ্ন হৈ থকা কালত এজন সন্ন্যাসী হৰিদেৱ গুৰুজনাৰ ওচৰলৈ আহিছিল কাশী বিশ্বনাথ মন্দিৰৰ অধিপতি দেৱতা ভগৱান সদাশিৱৰ আশীৰ্বাদ বাণী গুৰুজনাক অৱগত কৰি সেই সন্ন্যাসীজনে গুৰুজনাৰ হাতত উক্ত কৃষ্ণ কৱচ অৰ্পণ কৰিছিল ইয়াৰ পিছৰ সমগ্ৰ জীৱন কাল গুৰুজনাই কণ্ঠমালাৰ সৈতে সংলগ্ন কৰি লৈ এই কৃষ্ণ কৱচ যন্ত্ৰ ধাৰণ কৰিছিল আৰু মৃত্যুৰ ঠিক আগমুহুৰ্ত্তত এই কৃষ্ণকবচ গুৰুজনাৰ মালাৰ পৰা নিজে নিজে অন্তৰ্ধান হৈছিল (আগলৈ) 

No comments:

Post a Comment