Friday 2 October 2020

Understanding Guru Harideva’s Approach Towards Unity-153 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫৩)

 

We already told that Guru Harideva attained institutional education on the Vedas and Vedic philosophy at Kashi. After successful completion of his academic education,  professor Shraddhananda, the head of the educational institution where Guru Harideva studied, arranged one convocation ceremony, in honor of Guru Harideva. Purushottama Vidyabaghish was a famous Sanskrit scholar of that time and  was well known to Professor Shraddhananda. Getting the news of his presence at Kashi, Shraddhananda  invited him to attend the said convocation ceremony. In the function held during the convocation, professor Shraddhanada revealed the full identity of Guru Harideva along with his family background, educational background, place of residence, pilgrim places visited etc etc. He praised Guru Harideva for his outstanding academic performance and his general conduct of superior nature. In this function Guru Harideva was honored  with the degrees of ‘Vedacharya’ and ‘Darshanaacharya’ as per the academic regulations of that time. He was also honored with presentation of some  manuscript copies of Vedas and Vedic philosophy. After hearing the details about Guru Harideva from professor Shraddhananda, Purushottam Vidyabagish remembered his childhood days and realized that Guru Harideva was a member from his own family. When the convocation was over, Purushottama met his younger brother Harideva and narrated to him everything that happened in the past .Guru Harideva also narrated everything that happened in his life so far. Purushottama became sorry to hear the news of expiry of his paternal uncle Dwija Ajanabha and his wife. In this meeting, both of the brothers planned to return  together to their own places via Jagannath Puri. Then they came to the house of Haralal Panda, the residential place of Guru Harideva  at Kashi. After introduction of Purushottama to Haralal Panda, his family and  his own associate Dwija Gobinda, Guru Harideva revealed his plan of leaving Kashi along with Purushottama . (to be continued )

হৰিদেৱ গুৰুজনাই কাশীত বেদ আৰু বৈদিক দৰ্শনৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল  বুলি আগতে কৈ অহা হৈছে সুখ্যাতিৰে শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ মুৰব্বী অধ্যাপক পণ্ডিত শ্ৰদ্ধানন্দই হৰিদেৱ গুৰুজনাৰ সন্মানাৰ্থে এখন সমাবৰ্ত্তন সভাৰ আয়োজন কৰিছিল বিদগ্ধ সংস্কৃত পণ্ডিত হিচাপে সুবিখ্যাত পুৰুষোত্তম বিদ্যাবাগীশ আগৰে পৰা শ্ৰদ্ধানন্দৰ পৰিচিত ব্যক্তি আছিল পুৰুষোত্তম কাশীতে থকা বুলি জানিব পাৰি শ্ৰদ্ধানন্দই তেওঁক সমাবৰ্ত্তন সভালৈ আমন্ত্ৰণ কৰি আনিছিল উক্ত সমাবৰ্ত্তন সভাত অধ্যাপক শ্ৰদ্ধানন্দই হৰিদেৱ গুৰুজনাৰ সম্পূৰ্ণ পৰিচয় ডাঙি ধৰি তেওঁৰ পৰিয়াল, বাসস্থান , শিক্ষা-দীক্ষা , তীৰ্থ ভ্ৰমণকে ধৰি সকলো কথা বিস্তাৰিত ভাৱে বিৱৰণ কৰিছিল হৰিদেৱ গুৰুজনাই আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত লাভ কৰা কৃতিত্ব বৰ্ণনা কৰাৰ লগতে শ্ৰদ্ধানন্দ অধ্যাপকে গুৰুজনাৰ সদাচাৰ আৰু অন্যান্য গুণাৱলীৰ ভূয়সী প্ৰশংসা কৰিছিল এই সভাত সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ নিয়ম অনুসৰি হৰিদেৱ গুৰুজনাক বেদাচাৰ্য আৰু দৰ্শনাচাৰ্য উপাধি প্ৰদান কৰা হৈছিল লগতে সন্মানৰ চিন স্বৰূপে গুৰুজনাক বেদ আৰু দৰ্শন শাস্ত্ৰৰ সাঁচিপতীয়া পুথি উপহাৰ দিয়া হৈছিল শ্ৰদ্ধানন্দ অধ্যাপকৰ মুখত হৰিদেৱ গুৰুজনাৰ পৰিচয়ৰ সম্পৰ্কীয় বৰ্ণনা শুনি  সভাত উপস্থিত থকা পুৰুষোত্তম বিদ্যাবাগীশৰ মনত নিজৰ শিশু কালৰ কথা স্মৰণ হৈছিল তেওঁ বুজিব পাৰিছিল যে হৰিদেৱ তেওঁৰ নিজৰ পৰিয়ালৰে লৰা সভাৰ অন্তত পুৰুষোত্তমে ভাতৃ হৰিদেৱক লগ ধৰি পুৰণি দিনৰ সকলো কথা বৰ্ণনা কৰিছিল হৰিদেৱ গুৰুজনাইও তেওঁৰ জীৱনত তেতিয়ালৈকে ঘটা সকলো কথা বৰ্ণনা কৰিছিল ভাতৃ হৰিদেৱৰ মুখত জেঠাক অজনাভ আৰু জেঠীয়েকৰ মৃত্যুৰ খবৰ পাই পুৰুষোত্তমে দুখ প্ৰকাশ কৰিছিল এনেদৰে চা-চিনাকি পৰ্ব সম্পন্ন হোৱাৰ পিছত দুই ভাতৃ একেলগে জগন্নাথ পুৰী হৈ নিজৰ নিজৰ স্থানলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল্।তাৰ পিছত তেওঁলোকে হৰিদেৱ গুৰুজনাৰ কাশীৰ নিবাস স্থান হৰলাল পাণ্ডাৰ ঘৰলৈ গৈছিল তাতে হৰলাল পাণ্ডা , পাণ্ডাৰ পৰিয়াল আৰু নিজৰ সঙ্গী গোবিন্দক পুৰুষোত্তমৰ সৈতে চিনাকি কৰি দিয়াৰ পিছত অতি সোনকালে কাশী এৰি যোৱাৰ পৰিকল্পনাৰ কথা গুৰুজনাই তেওঁলোকক জনাই দিছিল (আগলৈ)

No comments:

Post a Comment