Thursday 10 September 2020

Understanding Guru Harideva’s Approach Towards Unity-142 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪২)

 

Guru Harideva completed all programs related to his pilgrimage at Hajo and was ready to leave that place. But before his leaving, a new situation arose for him. At Madhava temple of Hajo a person named Khagara became very much attracted towards him. It was due to tender age, special appearance, polite behavior and uncommon style of worship etc of Guru Harideva. Khagara Mali resided in a vilage not far away from the temple. It is customary to decorate the deity of Hayagriva Madhava with a special a type of garlands made of Tulsi leaves .The people of the village ,where Khagara Mali lived, were engaged in gardening of Tulsi plants, making garlands of Tulsi leaves and supplying those garlands for  decoration of the deity of Lord Madhava since ancient times. In Assamese language, a garland is called “Mala” and a person who produces and supplies Mala to the temple is designated as a “Mali”.  Khagara Mali was a member of that Mali community and the name of the village where he lived was Malipara. This Khagara Mali told to his family members and the people of his village about the specialties of Guru Harideva. Hearing that, his family members and the villagers became very much interested to see the presence of such a Godly person as an honorable guest in their place. They requested Khagara Mali to invite Guru Harideva to their village. However, those people were aware of the fact that Guru Harideva was from the Brahman community and a strict follower of the Vedic Brahmanical culture. So in view of the social distance maintained by the people of that time on the basis of cast, community etc, Khagara Mali and the villagers were not sure about Guru Harideva’s response in this regard. Keeping these things in mind, Khagara Mali brought the proposal of the people of his village to the notice of Guru Harideva in a highly hesitant manner. But Guru Harideva was totally free from cast and communal feelings. He noticed both the eagerness and hesitations expressed by Khagara Mali while inviting him to their place. From his gesture itself Guru Harideva understood that his refusal to visit Khagara’s village might convey some harmful message of communal and social disharmony to the common people from his side. Guru Harideva moved on pilgrimage as an initial step towards fulfillment of his aim of realization of God Almighty in all beings in the creation. So from his side he tried  to avoid expression of any kind of discrimination based on caste or community in contradiction to his own true nature and his aim of life. Under these circumstances, Guru Harideva accepted the invitation of Khagara Mali and decided to stay with those poor and down trodden villagers of Malipara at least for one night. (to be continued)

 নীতি নিয়মৰ মাজেৰে তীৰ্থদৰ্শন সম্পৰ্কীয় সকলো কাম সমাপ্ত কৰাৰ পিছত হৰিদেৱ গুৰুজনা হাজো এৰিবলৈ সাজু হৈছিল তেনে অৱস্থাতে তেওঁ এক বিশেষ পৰিস্থিতিৰ সন্মুখীন লগীয়া হয় হাজোৰ মাধৱ মন্দিৰত খাগৰা নামৰ এজন অতি সাধাৰণ ব্যক্তি গুৰুজনাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছিল কোমল বয়সীয়া গুৰুজনাৰ চেহেৰা পাতিৰ বিশেষ অভিব্যক্তি, সৰু বৰ সকলোৰে প্ৰতি কৰা নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ, পূজা-উপসনাৰ গভীৰতা ইত্যাদি সকলো কথা তেওঁ অতি আগ্ৰহেৰে লক্ষ কৰি আছিল তেওঁ মন্দিৰৰ ওচৰৰে এখন গাৱঁৰ বাসিন্দা আছিল হয়গ্ৰীৱ মাধৱ বিগ্ৰহ এক বিশেষ ধৰণে গাঁথি উলিওৱা তুলসী পাতৰ মালাৰে সজাই পৰাই ৰখাৰ নিয়ম   চলি আহিছে  প্ৰাচীন কালৰে পৰা খাগৰা মালীয়ে বাস কৰা গাওঁখনৰ লোকসকলে তুলসী গছৰ বাগিছা তৈয়াৰ কৰি সেই তুলসীৰ মালা গাঁথি মন্দিৰত যোগান ধৰাৰ নিয়ম আছিল মন্দিৰত মালাৰ যোগান ধৰাৰ বাবে এই লোকসকল মালী সম্প্ৰদায়ৰ লোক বুলি কোৱা হয় খাগৰা মালী এই মালী সম্প্ৰদায়ৰ লোক আছিল আৰু তেওঁ বাস কৰা গাওঁখন মালীপাৰা নামেৰে জনাজাত আছিল এইজন খাগৰা মালীয়ে তেওঁৰ বংশ পৰিয়াল তথা গাওঁবাসীৰ আগত হৰিদেৱ গুৰুজনাৰ গুণ গৰিমা বখানি অনেক কথা কৈ ফুৰিছিল তাকে শুনি সকলোৱে হৰিদেৱ গুৰুজনাক নিজৰ গাৱঁলৈ মাতি আনি ওচৰৰ পৰা চোৱাৰ বাবে আৰু আদৰ সৎকাৰ কৰাৰ বাবে অতিশয় আগ্ৰহী হৈছিল গুৰুজনাক নিমন্ত্ৰণ কৰি অনাৰ বাবে তেওঁলোকে খাগৰা মালীক খাটনি ধৰিছিল অৱশ্যে তেওঁলোকে জানিছিল যে হৰিদেৱ গুৰুজনা ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি আৰু তেওঁ ব্ৰাহ্মণৰ বাবে নিৰ্দিষ্ট সকলো বৈদিক নীতি নিয়ম মানি চলে সেই সময়ত  জাতিগত, সম্প্ৰদায়গত ইত্যাদি ভেদাভেদ ভাৱ প্ৰচলিত থকা কাৰণে হৰিদেৱ  গুৰুজনাই তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নে নাই তাকে লৈ খাগৰা মালী আৰু গাওঁবাসীৰ মনত সংশয় আছিল সেয়েহে খাগৰা মালীয়ে অতি সংকোচ সহকাৰে তেওঁৰ গাৱঁৰ ৰাইজৰ আগ্ৰহৰ কথা জনাই গুৰুজনাক নিমন্ত্ৰণ কৰিছিল কিন্তু হৰিদেৱ গুৰুজনা জাতি সম্প্ৰদায় আদি স্ংকীৰ্ণ ভেদ ভাৱৰ পৰা সম্পুৰ্ণ মুক্ত পুৰুষ আছিল তেওঁক নিমন্ত্ৰণ কৰাৰ সময়ত খাগৰা মালীৰ কথা বতৰাত প্ৰকাশ পোৱা অত্যন্ত আগ্ৰহ আৰু সংকোচ উভয় ভাৱকে তেওঁ লক্ষ্য কৰিছিল খাগৰা মালীৰ ভাৱ ভঙ্গীৰ পৰা তেওঁ বুজি পাইছিল যে এই নিমন্ত্ৰণ  প্ৰত্যাখ্যান কৰিলে সামাজিক-সাম্প্ৰদায়িক বৈষম্যমূলক ভাৱনা তেওঁৰ জৰিয়তে মানুহৰ মাজলৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে জগতৰ স্থাৱৰ জঙ্গম সমস্তৰে ভিতৰত এক পৰমেশ্বৰৰ উপস্থিতি অনুভৱ কৰাৰ প্ৰাথমিক পাঠ হিচাপে হৰিদেৱ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিছিল তেনে স্থলত নিজে বিভেদ ভাৱৰ বাহক হৈ পৰাটো এই আদৰ্শৰ সম্পূৰ্ণ বিপৰীত কথা বুলি তেওঁ অনুভৱ কৰিছিল সকলো কথা বিবেচনা কৰি হৰিদেৱ গুৰুজনাই খাগৰা মালীৰ গাৱঁলৈ গৈ সেই দুখীয়া আৰু সামাজিকভাৱে পিছপৰা মানুহখিনিৰ সৈতে এৰাতি লেও থাকি যোৱাৰ সিদ্ধান্ত লৈছিল (আগলৈ)

No comments:

Post a Comment