Tuesday 8 September 2020

Understanding Guru Harideva’s Approach Towards Unity-141 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪১)

 

In some of our earlier posts we mentioned that after completion of pilgrimage, Guru Harideva studied Vedas and Vedic Philosophy at Kashi. Then he made research orientd studies on Bhagavata at Jagannatha temple of Puri . After that he established one new type of religious institution for propagation of his spiritual ideas among the common people. He named those institutions as “Satra”. His first Satra was established in 1453 CE at Bahari, in Barpeta District of Assam. Explaining the meaning of the word “Satra” Guru Harideva told that there is only one ultimate truth or “Sat” behind all names and forms manifested in the creation. The institution through which people get knowledge of that Ultimate Truth or “Sat” and  learn the practical ways of realization of the Ultimate Truth is “Satra”. The presiding deity of the Satras established by him is Lord Krishna who is considered to be the full expression of the “Sat” or the Ultimate Truth. The Satras are to impart necessary education  to establish Lord Krishna as the Ishta Devata in the heart of all classes of people. Gods and Goddesses other than Lord Krishna are considered to be the different names and forms of Lord Krishna, the Ishta Devata of the people attached with Satra culrure. Hence showing of any kind of disregard to any God and Goddess never arises in the mind of people attached with the Satra culture established by Guru Harideva. The practical experience gained by Guru Harideva during his pilgrimage gave him the idea to develop this type of thought. We already told that before proceeding on pilgrimage ,Guru Harideva chose his own Ishta Devata taking help from his Guru at Aswaklanta temple. After that , the first pilgrim place he visited  was Hajo, in Kamrup District of Assam . There are two famous ancient temples at Hajo. One is dedicated to lord Vishnu and the other to Lord Shiva. In the Vshnu temple the deity of Lord Vishnu is worshiped in the name and form of Hayagriva Madhava since ancient times. In the Shiva  temple the deity of Lord Shiva is worshiped in the name and form of Kedareswara since time immemorial. He visited both the temples and considered the deities of Shiva and Vishnu as different names and forms of his own Ishta Devata and worshiped both of the deities with equal adoration. In the same manner he used to see and worship his own Ishta Devata in each deities available at each temple during his pilgrimage. The same principle he applied in the way of religious practice suggested by him for spiritual benefit of common people  and also  for maintenance of social and communal harmony. These things we will discuss at proper place.(to be continued)

 আগৰ কেইটামান লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই তীৰ্থ ভ্ৰমণ সমাপ্ত কৰাৰ পিছত কাশীত বেদ আৰু বৈদিক দৰ্শন  অধ্যয়ন কৰিছিল তাৰ পিছত তেওঁ পুৰীৰ জগন্নাথ মন্দিৰত ভাগৱত শাস্ত্ৰৰ গৱেষণামূলক অধ্যয়ন সমাপ্ত কৰিছিল এনেদৰে জ্ঞান আৰু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ তেওঁ জনসাধাৰণৰ মাজত জ্ঞান আৰু শিক্ষাৰ বিস্তাৰৰ বাবে এক নতুন ধৰণৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল অনুষ্ঠানৰ নাম দিয়া হৈছিল সত্ৰ সত্ৰ শব্দৰ অৰ্থ ব্যাখ্যা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে জগতত যিমান প্ৰকাৰৰ নাম আৰু ৰূপ বা আকাৰ প্ৰকাশিত হয় সেই সমস্তৰে অন্তৰালত এক সৎ বা পৰম সত্য আছে যি অনুষ্ঠানত সেই সৎ বা পৰম সত্য কি তাক বুজাই দিয়া হয় আৰু কি উপায়েৰে সেই পৰম সত্যৰ সাক্ষাৎ উপলব্ধি কৰিব পাৰি তাৰ ব্যৱহাৰিক শিক্ষা দিয়া হয় সেয়ে সত্ৰ তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰৰ অধিপতি দেৱতা হৈছে ভগৱান কৃষ্ণ আৰু ইয়াত কৃষ্ণক সেই সদ্বস্তু বা পৰম সত্যৰ পূৰ্ণ ৰূপী প্ৰকাশ বুলি ধৰা হয় সত্ৰৰ জৰিয়তে হৰিদেৱ গুৰুজনাই জনসাধাৰণৰ হৃদয়ত কিদৰে ভগৱান কৃষ্ণক ইষ্ট দেৱতাৰ ৰূপত প্ৰতিষ্ঠা কৰা যায় তাৰ শিক্ষা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্ত্তন কৰিছিলতেওঁ প্ৰতিষ্ঠা কৰা সত্ৰত কৃষ্ণত বাদে অন্য দেৱী দেৱতাক সত্ৰৰ অধিপতি দেৱতা ভগৱান কৃষ্ণৰ বিভিন্ন নাম আৰু ৰূপ হিচাপে গণ্য কৰা হয় অৰ্থাৎ অন্য দেৱী দেৱতা সকল গুৰুজনাৰ সত্ৰ ধৰ্মৰ অনুগামী লোকৰ হৃদয়ত প্ৰতিষ্ঠিত হৈ থকা ইষ্ট দেৱতা কৃষ্ণৰ বিভিন্ন নাম আৰু ৰূপ গতিকে হৰিদেৱ গুৰজনাৰ সত্ৰৰ শিক্ষা গ্ৰহণ কৰা জ্ঞানবুদ্ধি সম্পন্ন কোনো ব্যক্তিয়ে অন্য দেৱী দেৱতাক নিন্দা বা অৱজ্ঞা কৰিব নোৱাৰে হৰিদেৱ গুৰুজনাই শিক্ষা-দীক্ষা তথা তীৰ্থ ভ্ৰমণৰ জৰিয়তে লাভ কৰা ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতাৰ আলমত ওপৰোক্ত ধৰণৰ ধৰ্মীয় ভাৱনা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল আগতে কৈ অহা হৈছে যে তীৰ্থভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে হৰিদেৱ গুৰুজনাই অশ্বক্লান্ত মন্দিৰত তেওঁৰ গুৰুৰ সহায়ত নিজৰ ইষ্ট দেৱতা নিৰ্বাচিত কৰিছিল ইয়াৰ পিছত তেওঁ তীৰ্থভূমি হাজোত উপস্থিত হৈছিল হাজোত  প্ৰাচীন কালৰ দুটা বিখ্যাত মন্দিৰ আছে ইয়াৰে এটাত ভগৱান বিষ্ণুৰ আৰু আনটোত ভগৱান শিৱৰ উপাসনা কৰা হয় বিষ্ণু মন্দিৰত ভগৱান বিষ্ণুৰ হয়গ্ৰীৱ মাধৱ নাম আৰু ৰূপৰ উপাসনা প্ৰাচীন কালৰ পৰা কৰি অহা হৈছে একেদৰে শিৱ মন্দিৰত ভগৱান শিৱক কেদাৰেশ্বৰৰ ৰূপত অজান কালৰে পৰা উপাসনা কৰা হৈ আছে হৰিদেৱ গুৰুজনাই দুয়োটা মন্দিৰলৈ গৈ ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ উপাস্য বিগ্ৰহক নিজ ইষ্ট দেৱতাৰ ভিন্ন ভিন্ন নাম আৰু ৰূপ হিচাপে দৰ্শন কৰিছিল আৰু একে সমান শ্ৰদ্ধা আৰু ভক্তি সহকাৰে উপাসনা কৰিছিল একেদৰে তীৰ্থভ্ৰমণ কালত তেওঁ সকলো তীৰ্থ স্থানত থকা সকলো উপাস্য বিগ্ৰহৰ মাধ্যমত নিজৰ ইষ্ট দেৱতাক উপাসনা কৰিছিল এই একে ভাৱনা তেওঁ নিজে প্ৰচাৰ কৰা ধৰ্মীয় ৰীতি নীতিত ব্যৱহাৰিভাৱে প্ৰয়োগ কৰি জনসাধাৰণৰ পাৰমাৰ্থিক প্ৰগতি সাধন কৰাৰ লগতে সামাজিক আৰু জাতিগত সমন্বয় ৰক্ষা কৰাৰ ব্যৱস্থা কৰিছিল যথাস্থানত এইবিলাক কথা বিতংভাৱে আলোচনা কৰা   (আগলৈ )

 

No comments:

Post a Comment