The pilgrims
offer prayer to the presiding deities of the pilgrim places. In the preceding
post it is mentioned that the way of offering prayer by Guru Harideva used to
draw attention of people. During offering of prayer to the deities, he used to
go into deep meditation stage for a long time. Sometimes he used to make
conversation with the deities and like that. These things appeared to be uncommon
in the eyes
of people present at pilgrim places. Common people
believe that God listen to their prayers and fulfill their material requirements
for enjoyment of a comfortable material life. So, most of the people go to the
temple and pray for health, wealth, children, power, position, protection from
enemies and so on. But scriptures tell that these worldly things are earned by the
people themselves in accordance with the rules set forth by God. As per these
rules people enjoy happiness and sorrow in this world according to their own Karma,
that is, the outcome of their past deeds. In the Bhagavdgita, Lord Krishna
declares that persons who pray God asking for material favor certainly have of
better intelligence than those who never approach God. But the prayers for
material benefits are ultimately foolish requests. This is because everything that can be prayed
for from the material world are of perishable nature. Again, Guru Harideva was well
conversant in scriptural knowledge. So he was aware of the fact that everything
in this world are different names and forms of God Almighty like the names and
forms of different organs in our body. Hand, foot, eye, nose, tongue, teeth etc.
are names of constituent organs of one body. All of these organs always belong
to a single human body. Hence question of desiring one organ of the body by another
organ of the same body can not arise. Like that, everything in this world
including our body are constituent organs of the Universe or the body of the God
Almighty. Thus, we being an organ of the body of God Almighty, can not desire
to possess anything of this world. So the desire that we show for things of
this world is illusion or Maya. Because of their ignorance, common people pray
to God for material benefit and enter into the world of this illusion. But Guru
Harideva wanted to come out from this world of illusion and hence used to pray
God to make him totally free from desires. Hence his way of prayer appeared to
be uncommon in the eyes of common people. (to be continued)
এজন তীৰ্থযাত্ৰীয়ে তীৰ্থ স্থান সমুহৰ উপাস্য বিগ্ৰহৰ ওচৰত প্ৰ্ৰাৰ্থনা নিবেদন কৰে। ইয়াৰ
আগৰ লিখনিটোত কোৱা হৈছে যে হৰিদেৱ গুৰুজনাৰ প্ৰাৰ্থনা কৰাৰ ধৰণ কৰণ সৰ্বসাধাৰণতকৈ পৃথক আছিল আৰু মানুহে এই পাৰ্থক্য লক্ষ্য কৰিছিল। প্ৰাৰ্থনা
কৰি থকা সময়ত তেওঁ দীৰ্ঘ সময় ধৰি গভীৰ ধ্যানত মগ্ন হৈছিল ।
কেতিয়াবা কেতিয়াবা তেওঁ উপাস্য বিগ্ৰহৰ সৈতে কথা পতাও মানুহৰ চকুত পৰিছিল ইত্যাদি ইত্যাদি।
সৰ্বসাধাৰণ লোকে বিশ্বাস কৰে যে ভগৱানে তেওঁলোকৰ প্ৰাৰ্থনা শুনে আৰু বৈষয়িক জীৱনৰ সুখ সুবিধাৰ বাবে প্ৰয়োজনীয় সকলো বস্তু বিচৰামতে যোগান ধৰে।
সেই কাৰণে সৰহভাগ মানুহে মন্দিৰলৈ গৈ স্বাস্থ্য ,সম্পদ, সতি-সন্ততি, ক্ষমতা, সামাজিক প্ৰতিপত্তি, শত্ৰুৰ পৰা সুৰক্ষা ইত্যাদিকে ধৰি অসংখ্য বিষয়-বস্তু পোৱাৰ আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
কিন্তু শাস্ত্ৰত কোৱা হৈছে যে জাগতিক ভোগৰ বস্তু ভগৱানে নিৰ্দিষ্ট কৰা নিয়ম অনুসৰি মানুহে নিজৰ কৰ্মৰ দ্বাৰা নিজে অৰ্জন কৰি লোৱা বস্তু।
পৰমেশ্বৰে
প্ৰবৰ্ত্তন কৰা নিয়ম মতে আগতে কৰা কৰ্মৰ ফল হিচাপে মানুহে এই জন্মৰ সুখ বা দুখ ভোগ কৰে।
ভগৱদ্গীতাত ভগৱান কৃষ্ণই কৈছে যে একেবাৰে ঈশ্বৰ বিশ্বাস নকৰা লোকতকৈ জাগতিক সুখ সুবিধা দিব পৰা বস্তু বিচাৰি পৰমেশ্বৰক প্ৰাৰ্থনা কৰা লোকৰ বুদ্ধি শুভ বুলি ক’ব পাৰি।
কিন্তু জাগতিক বিষয় বস্তু বিচাৰি ভগৱানক প্ৰাৰ্থনা কৰা শুদ্ধ বুদ্ধিৰ
পৰিচায়ক
নহয়। ইয়াৰ কাৰণ ইহ জগতৰ সমস্ত বস্তু এটা সময়ত নাশ হৈ যায়।
আনহাতে গভীৰ শাস্ত্ৰজ্ঞান থকা হেতুকে হৰিদেৱ গুৰুজনাই জানিছিল যে আমাৰ শৰীৰৰ অঙ্গ প্ৰত্যঙ্গ সমুহ যিদৰে একেটা শৰীৰৰ বিভিন্ন অংশৰ নাম আৰু ৰূপ সেই দৰে জগতৰ সমস্ত বস্তু পৰমেশ্বৰৰ শৰীৰৰ বিভিন্ন অঙ্গ প্ৰত্যঙ্গৰ নাম আৰু ৰূপ।
হাত, ভৰি, চকু, কান, নাক, জিভা ইত্যাদি বিভিন্ন অঙ্গ প্ৰত্যঙ্গ আমাৰ শৰীৰ বিভিন্ন অংশ।
এই সমুহ সদায় শৰীৰতে লাগি থাকে।
তেনে ক্ষেত্ৰত শৰীৰৰ এটা অঙ্গই একেটা শৰীৰৰ অন্য এটা অঙ্গক পাবলৈ হাবিয়াস প্ৰশ্ন নুঠে।
একেদৰে,
আমাৰ
নিজৰ শৰীৰকে ধৰি জগতৰ সমস্ত বস্তু বিশ্ব ব্ৰহ্মাণ্ড বা ঈশ্বৰৰ শৰীৰৰ ভিন্ন ভিন্ন অঙ্গ।
গতিকে আমি নিজে ঈশ্বৰৰ শৰীৰৰ এটা অঙ্গ হৈ একে ঈশ্বৰ শৰীৰৰ আন এটা অঙ্গ অধিকাৰ কৰাৰ প্ৰশ্ন নুঠে।
সেয়েহে জগতৰ বস্তু ভোগ কৰাৰ অধিকাৰ পাবৰ বাবে আমি যি আশা আকাংক্ষা কৰো সি এক ভ্ৰম বা মায়া।
অজ্ঞানৰ বশবৰ্ত্তী হৈ মানুহে জাগতিক বিষয় বস্তু পাবৰ ববে ভগৱানক প্ৰাৰ্থনা কৰে আৰু মায়াৰ বন্ধনত সোমাই পৰে।
কিন্তু হৰিদেৱ গুৰুজনাই এই মায়াৰ বন্ধনৰ পৰা বাহিৰলৈ অহাৰ চেষ্টাহে কৰিছিল আৰু
আশা আকাংক্ষাৰ পৰা মুক্তি বিচাৰিহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল।
এনে বিপৰীত মনোভাৱ থকা
কাৰণে সাধাৰণ মানুহে তেওঁৰ প্ৰাৰ্থনাৰ ধৰণ কৰণ বেলেগ যেন দেখিছিল।
(আগলৈ)
No comments:
Post a Comment