Monday, 14 September 2020
Understanding Guru Harideva’s Approach Towards Unity-144 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪৪)
After completion ot his daylong
hectic program at Malipara village till late hours of night, Guru Harideva declared
his plan of going to Jagannatha temple of Puri directly from there through the
water way of river Brahmaputra. Then he went to sleep for a sohrt time. When he
was sleeping the people of Malipara made his raft very strong, durable and
comfortable. They made it suitable enough for accommodating 6-7 people to travel with safety and security. Next
morning after completion of his daily worship, Guru Harideva left the village
and came to the river bank. All villagers assembled there to see him off with
heavy hearts. After seeing the improved version of his raft Guru Harideva became
happy and expressed his gratitude to the people for this help and also for the
warm reception given to him. Then he proceeded for boarding on the raft. At
that time, suddenly one very old and physically weak ascetic came to that place and
requested Guru Harideva to give him a scope to visit Lord Jagannatha by
allowing him to move with them. Now, Guru Harideva already had his teen aged sister
with him. Again the ascetic was of very old age and physically weak. Considering
these points, Dwija Gobinda, the associate of Guru Harideva rejected the
proposal of the ascetic. But Guru Harideva was full of scriptural knowledge and a strict
follower of scriptural rules and regulations. Vedic scriptures tell that
pilgrimage is considered as a vow. People who undertake vow of pilgrimage must
have equal regards for all creatures, contentment, self-control, freedom from
pride and anger etc. One should go on pilgrimage with total surrender and with
a total faith on God. He should surrender to God with unshaken belief on the
fact that by God’s grace only one can
proceed and successfully complete the vow of pilgrimage. A pilgrim should not
entertain anything which is not spiritual. For such a pilgrim the hardships of
journey become tolerable, all obstacles disappear unexpectedly and all helps
come as and when needed without asking for the same. Keeping all these things
in mind, Guru Harideva proceeded on pilgrimage. Moreover the natural disposition
of Guru Harideva did not allow him to reject the request of an old and weak
person asking for his company for fulfillment of his auspicious will of visiting Lord
Jagannatha. So he touched the feet of the old ascetic with his forehead and
invited him to be the first man to board the raft as an honorable guest of him.
Then the party of four started their journey towards the downstream of river
Brahmaputra. (to be continued)
মালীপাৰা গাৱঁৰ বাসিন্দাসকলৰ সৈতে বিভিন্ন কৰ্মত অনেক
ৰাতিলৈকে ব্যস্ত থকাৰ অন্তত হৰিদেৱ গুৰুজনাই পিছদিনা তাৰ পৰা ব্ৰহ্মপুৰ নদীৰে পুৰীৰ জগন্নাথ মন্দিৰলৈ
যাত্ৰা কৰাৰ আঁচনিৰ
বিষয়ে সকলোকে জনাই দিছিল। তাৰ পিছত তেওঁ অলপ সময়ৰ
বাবে শুইছিল । তেওঁ শুই থকা সময়্খিনিৰ ভিতৰতে মালীপাৰাৰ ৰাইজে গুৰুজনাৰ ভেলখন মজবুত, দীৰ্ঘস্থায়ী কৰি ছয়-সাত জন লোক নিৰাপদে আৰু আৰামেৰে দূৰ ঠাইলৈ ভ্ৰমণ কৰিব পৰাকৈ সাজি দিছিল। পিছদিনা পুৱা নিজৰ দৈনন্দিন উপাসনা কাৰ্য সমাপ্ত কৰি গুৰুজনাই নদীৰ ঘাটত উপস্থিত হৈছিল। গুৰুজনা যাব ওলোৱাৰ দুখ মনত লৈ গাৱঁৰ সকলো লোকে তেওঁক বিদায় সম্ভাষণ জনোৱৰ বাবে তাত
গোট খাইছিল। নতুনকৈ সাজি উলিওৱা ভেলখন দেখি গুৰুজনাই এই কাম কৰি তেওঁক সহায় কৰা বাবে আৰু তেওঁৰ প্ৰতি দেখুওৱা মৰম, স্নেহ, আতিথ্যৰ বাবে সকলোকে কৃতজ্ঞতা জনাই ভেলত উঠিবলৈ সাজু হৈছিল। সেই সময়তে সন্ন্যাসীৰ বেশধাৰী এজন অতি বৃদ্ধ আৰু দুৰ্বল ব্যক্তি লাঠিৰ ওপৰত ভিৰ দি তাত উপস্থিত হৈছিল
আৰু তেওঁকো জগন্নাথ দৰ্শন কৰাৰ বাবে লগত লৈ যাবলৈ
গুৰুজনাৰ ওচৰত কাতৰ
অনুৰোধ জনাইছিল। হৰিদেৱ গুৰুজনা নিজে কম বয়সৰ অনভিজ্ঞ ব্যক্তি, লগত আছিল তেওঁৰ শিশু বয়সীয়া ভনীয়েক। তেনে অৱস্থাত আৰু এজন অতিশয় দুৰ্বল আৰু বৃদ্ধ ব্যক্তি লগত নিলে হ’ব পৰা অসুবিধাৰ কথা চিন্তা কৰি গুৰুজনাৰ সঙ্গী দ্বিজ গোবিন্দই লগে লগে বৃদ্ধ লোকজনৰ প্ৰস্তাৱ নাকচ কৰি দিছিল। কিন্তু হৰিদেৱ গুৰুজনা আছিল গভীৰ শাস্ত্ৰজ্ঞান সম্পন্ন ব্যক্তি আৰু তেওঁ শাস্ত্ৰৰ সকলো নীতিনিৰ্দেশ কঠোৰভাৱে মানি চলিছিল। বৈদিক শাস্ত্ৰত কোৱা হৈছে যে তীৰ্থ যাত্ৰা এক ব্ৰত। তীৰ্থ যাত্ৰাৰ ব্ৰত গ্ৰহণ কৰা ব্যক্তি সকলো জীৱৰ প্ৰতি সমভাৱ সম্পন্ন হ’ব লাগে, সুখ দুখ আওকাণ কৰি সকলো পৰিবেশ-পৰিস্থিতে সন্তুষ্ট হৈ থাকিব লাগে, আত্মসংযমী হ’ব লাগে আৰু খং-ৰাগ, গৰ্ব-অহংকাৰ আদিৰ পৰা সদা মুক্ত হৈ থাকিব লাগে। তেনে ব্যক্তিয়ে পাৰমাৰ্থিক চিন্তা চৰ্চা বাধাগ্ৰস্ত হ’ব পৰা একো কাম কৰিব নালাগে আৰু ঈশ্বৰৰ অনুগ্ৰহ
থকিলেহে তীৰ্থ যাত্ৰাৰ ব্ৰত গ্ৰহণ কৰা আৰু যাত্ৰাপথত আগবাঢ়ি যোৱা সম্ভৱ হয় বুলি গভীৰ বিশ্বাস ৰাখি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। এনে মনোভাৱ লৈ তীৰ্থ ভ্ৰমণ কৰিলে তীৰ্থযাত্ৰীয়ে বুজিব পাৰে যে ঈশ্বৰৰ অনুগ্ৰহত আশাতীত ভাৱে যাত্ৰাপথৰ কষ্ট সহজ হয়, বাধা বিঘিনি আঁতৰি যায় আৰু একো নিবিচৰাকৈয়ে প্ৰয়োজনীয় সমস্ত সুযোগ সুবিধা নিজে নিজে আহি উপস্থিত হয়। এই বিলাক শাস্ত্ৰনিৰ্দেশ আখৰে
আখৰে পালন কৰি হৰিদেৱ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিছিল। তাৰোপৰি নিজৰ স্বভাৱগত সদাচাৰবশতঃ তীৰ্থযাত্ৰা কালত এজন বৃদ্ধ আৰু দুৰ্বল ব্যক্তিয়ে জগন্নাথ দৰ্শনৰ দৰে এক পৱিত্ৰ মনোকামনা
পূৰণৰ অৰ্থে সহায় বিচাৰি কৰা অনুৰোধ তেওঁ প্ৰত্যাখ্যান কৰিব
খোজা নাছিল। সেয়েহে নিজৰ সংস্কাৰ অনুসৰি গুৰুজনাই সন্ন্যাসীৰ চৰণত মূৰ থৈ প্ৰণাম জনাইছিল আৰু তেওঁক অতিথিৰ মৰ্যাদা দি সৰ্বপ্ৰথমে ভেলত উঠিবলৈ অনুৰোধ জনাইছিল। তাৰ পিছত ভনীয়েক আৰু গোবিন্দৰ সৈতে ভেলত উঠি গুৰুজনা ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই গৈছিল । (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment