Tuesday 22 September 2020

Understanding Guru Harideva’s Approach Towards Unity-148 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪৮)

 

Self-realization or God-realization is the right of every human being. It is told in the scriptures that places of pilgrimage are distributed all over the world to give facility to all concerned to try to attain that right. Bhagavata tells that the pilgrim places are always being purified by the continuous presence of pious people, sages, and great devotees. These places are also purified by the continuous recitation of the Vedic hymns, chanting of the glories of the God Almighty by people. The water of the Rivers, lakes, etc available in the pilgrim places also have great purifying power. Lord Krishna himself declared that he lives everywhere, but it is easier to find him in the places that attain holiness due to the spiritual activities performed by the great sages, holy personalities and devotees. So, pilgrimage does not mean merely going to a pilgrim place, taking a bath in the holy water and performance of worship of the deities. A pilgrim should meet the great souls available at the pilgrim places and interact with them to gain a share of their knowledge. A pilgrim should engage himself in the service of God and also for the welfare of other pilgrims, poor people and people in distress, according to his capacity. Pilgrimage to a pilgrim place includes all these duties. Guru Harideva was full of scriptural knowledge. So he was aware of these facts and was a strict follower of all those scriptural guidance. Moreover, he was highly qualified as per the norms of the Vedic system of education in the practice of his time. So he was fully competent to interact with the people of higher knowledge he met in the pilgrim places. As a result of those interactions, his spiritual knowledge was enriched further. We told earlier that, Guru Harideva tried to impart spiritual education to some common people while he was at Narayanpur. It was considered as an offense by the Ruler of that area and he had to escape from his birthplace. This incident happened due to his lack of experience of imparting education to common people not having any idea about spiritualism. Keeping that incident in mind, Guru Harideva observed that so many common people not having even the primary knowledge about spirituality used to come to the pilgrim places. The great scholars and people of higher knowledge present there used to educate those people without facing any problem due to their vast experience in this kind of work. From them, Guru Harideva learnt the technique of educating such ignorant people during his pilgrimage at different places. In later life, when he started his mission of spreading spiritual education among common people, those experiences he earned helped him a lot. These things we will discuss at a proper place. (to be continued)

 আত্মজ্ঞান প্ৰাপ্তি বা ঈশ্বৰ অনুভূতি লাভ কৰাৰ বাবে সকলো মানুহৰে সমান অধিকাৰ আছে সকলো ইচ্ছুক ব্যক্তিয়ে যাতে ঈশ্বৰ অনুভূতি লাভৰ বাবে চেষ্টা কৰাৰ সুবিধা সহজে পাব পাৰে তাৰ কাৰণে জগতৰ অনেক ঠাইত তীৰ্থস্থানসমুহ প্ৰতিষ্ঠিত হৈ আছে ভাগৱতত কোৱা হৈছে যে পূণ্যাত্মা ব্যক্তি, ঋষি-মুনি, মহান ভক্ত আদিৰ উপস্থিতিৰ বাবে তীৰ্থস্থান সমুহ সদায় পৱিত্ৰ হৈ থাকে ঋষি মুনি সকলে অবিৰাম ভাৱে কৰা বেদমন্ত্ৰ আবৃত্তি আৰু ভক্ত সকলে ভগৱানৰ গুণ-মাহাত্ম্য বৰ্ণনা কৰি  ভজন কীৰ্ত্তন আদি কৰি থকাৰ বাবে তীৰ্থস্থান সমুহত এক পৱিত্ৰ বাতাবৰণ সদায় বিৰাজমান হৈ থাকে তীৰ্থ স্থানত থকা নদী, হ্ৰদ আদি জলাশয় সমুহৰ পানীৰো পৱিত্ৰতা সাধন কৰাৰ শক্তি থাকে।ভগৱান কৃষ্ণই নিজে কৈছে তেওঁ সকলো ঠাইতে থাকে যদিও যি সকল স্থান পূণ্যাত্মা ব্যক্তি, ঋষি মুনি আৰু ভক্তসকলৰ পাৰমাৰ্থিক কাৰ্যকলাপৰ ফলত পৱিত্ৰ হৈ থাকে,  সেইবিলাক ঠাইত তেওঁক বিচাৰি পোৱা সহজ গতিকে কোনো এখন তীৰ্থ স্থানলৈ গৈ তাৰ পৱিত্ৰ পানীত গা ধুলে বা উপাস্য বিগ্ৰহৰ দৰ্শন, পূজা-অৰ্চনা কৰিলেই তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ হয় বুলি নোৱাৰি এজন তীৰ্থযাত্ৰীয়ে তীৰ্থস্থানত থকা সাধু মহন্ত আদি পূণ্যাত্মা ব্যক্তি সকলৰো দৰ্শন কৰিব লাগে আৰু কথা বতৰা পাতি তেওঁলোকৰ গভীৰ জ্ঞানৰ ভাগ লাগে তীৰ্থ ক্ষেত্ৰত ঈশ্বৰৰ সেৱাৰ অৰ্থে কাম কৰিব লাগে, নিজৰ সামৰ্থ্য অনুসৰি অন্যান্য তীৰ্থ যাত্ৰী আৰু আৰ্ত্ত দৰিদ্ৰ ব্যক্তিক সেৱা শুশ্ৰুষা কৰিব লাগে ইত্যাদি এই সকলোখিনিয়ে এজন তীৰ্থ যাত্ৰীয়ে এখন তীৰ্থস্থানত কৰিব লগীয়া কৰ্ত্তব্যৰ ভিতৰত পৰে হৰিদেৱ গুৰুজনা অগাধ শাস্ত্ৰজ্ঞান সম্পন্ন ব্যক্তি আছিল তেওঁ এই কথা বিলাক জানিছিল আৰু শাস্ত্ৰৰ নীতিনিৰ্দেশ পালন কৰি তীৰ্থ ভ্ৰমণ সম্পৰ্কীয় সকলো কৰ্ত্তব্য সম্পন্ন কৰিছিল তদুপৰি  সেই সময়ৰ বৈদিক শিক্ষা ৱ্যৱ্স্থাৰ মান অনুসৰি তেওঁ এজন অতি উচ্চ শিক্ষিত ব্যক্তি আছিল সে কাৰণে তীৰ্থস্থান সমুহত লগ পোৱা উচ্চ শিক্ষিত আৰু গভীৰ জ্ঞান সম্পন্ন সাধু মহাত্মা সকলৰ সৈতে জ্ঞানৰ আদান প্ৰদান কৰাত তেওঁ একো অসুবিধা পোৱা নাছিল বিভিন্ন তীৰ্থ স্থানত লগ পোৱা বিভিন্ন সাধু মহাত্মাৰ সৈতে মত বিনিময় কৰাৰ ফলত তেওঁৰ পাৰমাৰ্থিক জ্ঞান ভাণ্ডাৰ অধিক টনকীয়াল হৈছিল আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই নাৰায়ণপুৰত থকা সময়ত কিছু সংখ্যক সাধাৰণ লোকক পাৰমাৰ্থিক জ্ঞান দিয়াৰ চেষ্টা কৰিছিল তাৰ ফল স্বৰূপে তেওঁ ৰজাৰ ৰোষত পৰি জন্মস্থান নাৰায়ণপুৰৰ পৰা পলাই আহিব লগীয়া হৈছিল পাৰমাৰ্থিক বিষয়ৰ কোনো জ্ঞান নথকা লোকক জ্ঞান দিয়াৰ শিক্ষা আৰু অভিজ্ঞতা নথকা হেতুকে তেওঁ তেনে তিক্ততাময় পৰিস্থিতিত পৰিব লগীয়া হৈছিল সেই কথা মনলৈ আনি তেওঁ লক্ষ্য কৰিছিল যে তীৰ্থস্থান সমুহলৈ পাৰমাৰ্থিক বিষয়ৰ একো জ্ঞান নোহোৱা অনেক সাধাৰণ লোক আহে ইয়াত থকা গুণী জ্ঞানী লোক সকলৰ এনে বিষয়ৰ অভিজ্ঞতা থকা হেতুকে সেই সকল অজ্ঞানী লোকক কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈয়ে জ্ঞান দান কৰিব পাৰে হৰিদেৱ গুৰুজনাই বিভিন্ন তীৰ্থস্থানত থকা সময়ত তেনে গুণী জ্ঞানী লোকৰ কাজকৰ্ম লক্ষ কৰি এই কৌশল শিকি লৈছিল পিছৰ কালত এই জ্ঞান আৰু অভিজ্ঞতাৰ সদ্ব্যৱহাৰ কৰি হৰিদেৱ গুৰুজনাই সাধাৰণ জনতাৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল এই বিলাক কথা যথাস্থানত আলোচনা কৰা (আগলৈ)

No comments:

Post a Comment