From Puri, Guru Harideva along
with his associate Dwija Gobinda went to Baidhyanath Dham first and worshiped Lord Shiva there.Then he visited Gaya , Kashi , Matura , Vrindavan, Prayag,
Ayodhya and many other pilgrim places of North India. There are thousands of
pilgrim places in North India. It
is already told that the deities of worship available at all pilgrim places are
various names and forms of one and the same God Almighty. Also, Guru Harideva found
no difference between his own Istha Devata and the God Almighty. He saw his Own
Ishta Devata in all the deities. He worshiped his own Ishta Devata through the
medium of all deities at all pilgrim places. Moreover during worship he never
prayed to God for fulfillment of any personal desire of him. He performed prayer,
worship and other spiritual activities for the lone purpose of satisfaction of the
God Almighty. In Bhagavata it is told that watering of the branches, leaves etc
of a tree is not useful for ideal growth of the tree. If watering is done on
the roots of a tree, then only it becomes useful for proper growth of all parts
of the tree. People generally use their powers of wealth, action, mind and
speech to perform worship of God. While performing worship they pray to God for the personal benefits of their
bodily self and the relatives connected
with their bodies. Bhagavata tells that this type of worship and prayer are
like watering of the leaves, branch etc of a tree which can not satisfy anybody in
the true sense. God Almighty is the root
of everything in the creation and if God
is satisfied everything in the creation are satisfied. So, people should utilize their powers of wealth, action, mind and speech for the worship of God Almighty and should pray him to be satisfied. If
God is satisfied with one’s worship and prayer, then everyone in this creation,
including his own body ,mind and relatives are satisfied . This type of spiritual
activity is like watering of the roots of a tree . Guru Harideva practically utilized
these principles of spiritual knowledge and with the full capacity of his mind
, speech and actions, he used to perform
worship of all deities at all pilgrim places he visited.( to be continued)
পুৰীৰ পৰা হৰিদেৱ গুৰুজনাই সঙ্গী দ্বিজ গোবিন্দৰ সৈতে প্ৰথমতে বৈদ্যনাথ ধামলৈ গৈ ভগৱান সদাশিৱৰ উপাসনা কৰিছিল। তাৰ পিছত তেওঁ গয়া ,কাশী,মথুৰা ,বৃন্দাৱন , অযোধ্যা ,প্ৰয়াগ আদিকে ধৰি উত্তৰ ভাৰতৰ বহু তীৰ্থস্থানলৈ গৈছিল।
উত্তৰ ভাৰতত হেজাৰ হেজাৰ তীৰ্থ স্থান আছে ।
প্ৰত্যেক তীৰ্থস্থানৰ উপাস্য বিগ্ৰহ এক পৰমেশ্বৰৰ ভিন্ন ভিন্ন নাম আৰু ৰূপ বুলি আগতে কৈ অহা হৈছে।
হৰিদেৱ গুৰুজনাই নিজৰ ইষ্ট দেৱতা আৰু পৰমেশ্বৰৰ মাজত কোনো পাৰ্থক্য দেখা নাছিল।সেয়েহে তেওঁ প্ৰত্যেক উপাস্য বিগ্ৰহৰ আঁৰত নিজৰ ইষ্ট দেৱতাক দৰ্শন কৰিছিল আৰু প্ৰত্যেক তীৰ্থ স্থানত থকা প্ৰত্যেক উপাস্য দেৱতাৰ মাধ্যমত নিজৰ ইষ্ট দেৱতা বা এক পৰমেশ্বৰ পূজা উপাসনা সম্পন্ন কৰিছিল ।তদুপৰি এই পূজা উপসনাৰ মাধ্যমত তেওঁ নিজৰ ব্যক্তিগত কোনো আশা আকাংক্ষা পূৰণৰ বাবে প্ৰাৰ্থনা কৰা নাছিল ।পৰমেশ্বৰৰ সন্তোষ বিধান কৰাই আছিল তেওঁৰ পূজা-উপসনা আৰু অন্যান্য পাৰমাৰ্থিক কাৰ্য-কলাপৰ একমাত্ৰ উদ্দেশ্য ।
ভাগৱতত কোৱা হৈছে যে ডাল পাত আদিত পানী দিলে গছৰ পৰিপুষ্টি সাধন আৰু বৃদ্ধি নহয়।
শিপাই লগ পোৱাকৈ গুৰিত পানী দিলেহে গছৰ সকলো অংশৰ পুষ্টি সাধন হয় আৰু গছ্জোপা সুষমভাৱে বাঢ়ে ।
সাধাৰণ মানুহে নিজৰ প্ৰাণ ,ধন ,মন , বাক্য আৰু কৰ্মৰ শক্তি সামৰ্থ্য ব্যৱহাৰ কৰি ভগৱানৰ পূজা উপাসনা কৰে ।
উপাসনাৰ বিনিময়ত তেওঁলোকে নিজৰ পাৰ্থিব শৰীৰৰ লগতে সেই শৰীৰৰ সৈতে সম্পৰ্কিত আত্মীয় স্বজন আদিৰ বৈষয়িক লাভ আৰু সুখ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ।ভাগৱতে কৈছে যে এনে উপাসনা আৰু
প্ৰাৰ্থনা গছৰ ডাল পাতত পানী দিয়াৰ দৰে কাৰ্য আৰু ইয়াৰ পৰা প্ৰকৃতাৰ্থত কাৰো একো লাভ নহয় ।
আনহাতে পৰমেশ্বৰ হৈছে সৃষ্টিৰ সমস্তৰে মূল আৰু তেওঁ সন্তুষ্ট হ’লে জগতৰ সকলো সন্তুষ্ট হয় ।গতিকে মানুহে নিজৰ প্ৰাণ ,ধন ,মন , বাক্য আৰু কৰ্মৰ শক্তি সামৰ্থ্য ব্যৱহাৰ কৰি পৰমেশ্বৰৰ পূজা উপসনা কৰিব লাগে আৰু পৰমেশ্বৰক সন্তুষ্ট হ'বৰ বাবে প্ৰাৰ্থনা জনাব লাগে । কোনো লোকৰ পূজা উপসনা আৰু প্ৰাৰ্থনাত পৰমেশ্বৰ সন্তুষ্ট হ'লে তেওঁৰ নিজৰ শৰীৰ মন আত্মীয়- স্বজনৰ লগতে জগতৰ সকলোৰে সন্তুষ্টি সাধন হয়।
ই গছৰ গুৰিত পানী দি সমগ্ৰ গছৰ পুষ্টি সাধন কৰাৰ দৰে কাৰ্য ।
এনে তত্ব জ্ঞানমূলক আদৰ্শৰ আধাৰত হৰিদেৱ গুৰুজনাই তেওঁৰ মন বাক্য আৰু কৰ্মৰ সমস্ত শক্তি প্ৰয়োগ কৰি সকলো তীৰ্থ স্থানত থকা সকলো উপাস্য বিগ্ৰহৰ মাধ্যমত এক
পৰমেশ্বৰৰ আৰাধনা কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment