Sunday 6 September 2020

Understanding Guru Harideva’s Approach Towards Unity-140 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪০)

 

In Bhagvata it is suggested that one should keep the activities of his mind, speech and body engaged in the process of spiritual practice until the ability to see God in all beings is fully developed in him. As a part of effort to earn that ability, one should make practice to see the God Almighty in the deities worshiped at different pilgrim places at the initial stage of his spiritual practice. Explaining this, Bhagavata tells that there is nothing in this creation except God Almighty and hence there is no particular name and form of him. All names and forms manifested in the creation are various names and forms of God Almighty. A spiritual seeker is at liberty to choose any name and form of God Almighty which inspire him the most, as his own Ishta Devata or the choicest form of divinity and call him by that name. God Almighty appears before a spiritual seeker in any form according to the choice of his seeker. As the choice of each person differs, different people used to worship God Almighty in different names and forms. They  established the deities of their own Ishta Devatas at different places. Later on these places become famous as pilgrim places. Thus, the different deities worshiped at different places of worship are Ishta Devatas of different people of different times. We told earlier that Isthta Devata means a divinity of omnipotent, omniscient and omnipresent nature. Omnipotence, Omniscience and Omnipresence are the essential nature of God Almighty. So, we can say that all Ishta Devatas posssess the essential nature of God Almighty. Thus the name and form of Ishta Devatas of different people may be different, but all Ishta devatas or the deities worshiped at all pilgrim places are none other than the expressions of God Almighty in various names and forms. If a common man like us does not make practice to see the God Almighty in different deities worshiped by different people at different places , then it is not possible for him to see God in all living and non living beings in this world directly in one stroke. Guru Harideva was well conversant with such ideas behind scriptural instructions and so he used to worship all deities at all pilgrim places he visited, with equal regards and devotion. Also, he propagated this philosophy through his life and teaching for the spiritual benefit of common people and for promotion of social harmony. These subjects we will discuss at proper place.  (to be continued)

 ভাগৱতত কোৱা হৈছে যে যেতিয়ালৈকে জগতৰ স্থাৱৰ জঙ্গম সমস্ত বস্তুৰ ভিতৰত এক পৰমেশ্বৰৰ উপস্থিতি অনুভৱ কৰাৰ ক্ষমতা অৰ্জন কৰা নহয় তেতিয়ালৈকে মানুহে মন ,বাক্য আৰু শৰীৰৰ শক্তিৰে পৰমেশ্বৰৰ উপাসনা কৰিব লাগে জগতৰ সকলো বস্তুতে পৰমেশ্বৰৰ উপস্থিতি অনুভৱ কৰাৰ ক্ষমতা অৰ্জন কৰা সহজ কথা নহয় ইয়াৰ বাবে ধাৰাবাহিকভাৱে অভ্যাস কৰিব লাগে অভ্যাসৰ প্ৰাথমিক পৰ্য্যায়ত তীৰ্থস্থান বিলাকত প্ৰতিষ্ঠিত উপাস্য বিগ্ৰহ সমুহত পৰমেশ্বৰৰ উপস্থিতি অনুভৱ কৰাৰ চেষ্টা কৰা প্ৰয়োজন এই কথা ব্যাখ্যা কৰি ভাগৱতে কৈছে যে জগতত এক পৰমেশ্বৰত বাদে অন্য একোৰে অস্তিত্ব নাই আৰু সেয়েহে পৰমেশ্বৰৰ কোনো নিৰ্দিষ্ট নাম আৰু ৰূপ বা আকাৰ থাকিব নোৱাৰে জগতত যিমান নাম আৰু ৰূপ বা আকৃতিবিশিষ্ট বস্তুৰ প্ৰকাশ হয় সেই সমস্তই এক পৰমেশ্বৰৰ নাম আৰু ৰূপ যি নাম আৰু ৰূপে ঈশ্বৰ লাভৰ বাবে আগ্ৰহী ব্যক্তিৰ অভ্যন্তৰত সবাতোকৈ অধিক ঐশ্বৰিক ভাৱ জাগ্ৰত কৰে আৰু মনক অকৰ্ষণ কৰি ঈশ্বৰ লাভৰ প্ৰেৰণা যোগায় সেই নাম আৰু ৰূপ তেওঁ নিজৰ ইষ্ট দেবতা হিচাপে বাছি পাৰে আৰু পৰমেশ্বৰক সেই নামেৰে মাতিব পাৰে একেদৰে যিয়ে যি ৰূপত চাব বিচাৰে পৰমেশ্বৰ সেই ৰূপতে তেওঁৰ ওচৰত উপস্থিত হয় এই নিয়ম অনুসৰি বিভিন্ন সময়ত বিভিন্ন লোকে তেওঁলোকৰ ইষ্ট দেৱতা নিৰ্বাচন কৰি সেই দেৱতাৰ উপাসনাৰ অৰ্থে বিভিন্ন স্থানত বিগ্ৰহ প্ৰতিষ্ঠা কৰিছিল পিছৰ কালত এই স্থান সমুহ তীৰ্থ স্থানত পৰিণত হৈছিল আৰু বৰ্ত্তমানো তেনেদৰে চলি আহিছে গতিকে তীৰ্থস্থান সমুহত যিবিলাক বিগ্ৰহৰ উপাসনা কৰা হয় সেইবিলাক বিভিন্ন কালৰ বিভিন্ন মানুহৰ ইষ্ট দেৱতাৰ বিগ্ৰহ আগতে কৈ অহা হৈছে যে বিভিন্ন কালৰ বিভিন্ন ব্যক্তিৰ জ্ঞান, বুদ্ধি, ৰুচি, পৰিবেশ ইত্যাদি অনুসৰি ইষ্ট দেৱতা সমুহৰ নাম ৰূপ আদি বেলেগ বেলেগ লেও প্ৰত্যেকৰে ইষ্ট দেৱতা সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সৰ্বব্যাপ্ত দৈবিক শক্তি সৰ্বশক্তিমানতা , সৰ্বজ্ঞতা আৰু সৰ্বব্যাপ্ততা পৰমেশ্বৰৰৰো স্বৰূপ হোৱা হেতুকে পৰমেশ্বৰ আৰু ইষ্টদেৱতাৰ কোনো পাৰ্থক্য নাই এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে বিভিন্ন তীৰ্থস্থানত প্ৰতিষ্ঠিত উপাস্য বিগ্ৰহ বিলাকৰ নাম আৰু ৰূপ বেলেগ বেলেগ লেও সকলো এক পৰমেশ্বৰৰ বিভিন্ন নাম আৰু ৰূপত বাদে আন একো নহয় পাৰমাৰ্থিক সাধনাৰ প্ৰাথমিক পৰ্যায়ত  সকলো তীৰ্থস্থানত প্ৰতিষ্ঠিত বিভিন্ন সময়ৰ বিভিন্ন স্থানৰ বিভিন্ন লোকে উপসনা কৰা ইষ্ট দেৱতাৰ উপাস্য বিগ্ৰহৰ ভিতৰত এক পৰমেশ্বৰৰ উপস্থিতি অনুভৱ কৰাৰ অভ্যাস নকৰিলে আমাৰ দৰে সাধাৰণ মানুহে একেকোবে জগতৰ স্থাৱৰ জঙ্গম সকলোৰে ভিতৰত ঈশ্বৰ দেখা সম্ভৱ নহয় এই আদৰ্শ প্ৰদৰ্শন কৰি হৰিদেৱ গুৰুজনাই সকলো তীৰ্থস্থানৰ সকলো উপাস্য বিগ্ৰহকে সমান শ্ৰদ্ধা আৰু ভক্তি সহকাৰে উপাসনা কৰিছিল। নিজৰ জীৱন প্ৰণালী আৰু শিকনিৰ মাজেৰে হৰিদেৱ গুৰুজনাই সৰ্বসাধাৰণ লোকৰ উপকাৰ তথা সমাজৰ একতা ৰক্ষাৰ স্বাৰ্থত অতি সহজ সৰল ভাৱে এই ধৰ্মীয় দৰ্শন প্ৰচাৰ কৰি গৈছে এইবিলাক কথা যথাস্থানত বিতং ভাৱে আলোচনা কৰা (আগলৈ)

No comments:

Post a Comment