With the passage
of time, people in large number and with various types of religious, social and
personal problems started visiting Guru Harideva. This was a quite new experience
for him. Previously his activities were very limited and he had contact with
his own family members, teachers and students only. Now as a result of interactions
with common people, he became aware of their lifestyle, social and economic
conditions and all other problems of their lives. Through these interactions he
understood that lack of education and true knowledge were the main causes of their
problems. Guru Harideva started educating common people with the help of selected
simple and interesting stories from the scriptures. He brought to their notice
the scriptural guidance for living an ideal life in human society. Citing
examples from those scriptures he pointed them out the defects in their life
style including their food habits. He advised them to come out of all those unhygienic
habits in their lifestyle. But he pointed out their mistakes in a criticizing
manner. This was due to lack of his experience in this field. The scriptures
never permit anybody to impart scriptural knowledge to people in that way.
Scriptures tell that the capacity of mind and intelligence of all people are
not equal. Therefore the nature, habits, culture etc. differ from man to man.
So scriptures suggest different ways to guide different people according to
their own nature and capacity. It is the duty of a teacher to select proper scriptural
advice for each individual according
to his nature. Again during practical application the scriptural knowledge for
correcting the nature of people the teacher should be very much careful. A man
may be wrong in the eye of a teacher. But the teacher should tolerate his mistakes
in the beginning. Then he should politely point out the mistakes of the person
one by one. Also teacher should first make a person interested to correct his
mistakes and after that only proper advice for necessary correction should be
imparted gradually. Otherwise, the person may not be interested to correct himself
and he may treat the teacher as his enemy. There are such examples in human
history. Thus we see that at the time of our reference, Guru Harideva was a boy
of very young age and he had sufficient scriptural knowledge. But he did not
have sufficient qualification and experience for practical application of
his scriptural knowledge for the welfare of common public. (to be continued)
সময়ৰ লগে লগে বহু সংখ্যক লোক ধৰ্মীয় , সামাজিক আৰু ব্যক্তিগত সমস্যাৰ সমাধানৰ বাবে পৰামৰ্শ বিচাৰি হৰিদেৱ গুৰুজনাৰ ওচৰলৈ অহা আৰম্ভ কৰিছিল । গুৰুজনাৰ বাবে এই অভিজ্ঞতা একেবাৰে নতুন আছিল। ইয়াৰ আগতে তেওঁৰ কামৰ পৰিসৰ সীমাৱদ্ধ
আছিল আৰু কেৱল নিজৰ পৰিয়ালৰ মানুহ ,শিক্ষক আৰু ছাত্ৰৰ লগতহে তেওঁৰ কথা বতৰা আৰু যোগাযোগ আছিল। এতিয়া সমাজৰ বিভিন্ন স্তৰৰ বহু সংখ্যক ব্যক্তিৰ সৈতে মত বিনিময় কৰাৰ ফলত সাধাৰণ লোকৰ নৈতিক , সামাজিক, আৰ্থিক অৱস্থাকে আদি কৰি সকলো সামাজিক বিষয়ৰ ব্যৱহাৰিক অভিজ্ঞতা তেওঁ লাভ কৰিছিল। তেওঁ বুজিব পাৰিছিল যে শিক্ষা আৰু শুদ্ধ জ্ঞানৰ অভাৱেই জনসাধাৰণৰ সকলো সমস্যাৰ মূল কাৰণ। সেই কাৰণে গুৰুজনাই শাস্ত্ৰত থকা সহজ সৰল আৰু আকৰ্ষণীয় কাহিনীসমুহৰ মাধ্যমেৰে জনসাধাৰণক নৈতিক শিক্ষা আৰু জ্ঞান দান কৰা আৰম্ভ কৰিছিল। আদৰ্শ জীৱন যাপন কৰাৰ বাবে শাস্ত্ৰই দিয়া উপদেশ সমুহ জনসাধাৰণক বুজাই দিছিল। শাস্ত্ৰৰ পৰা উদাহৰণ দি জনসাধাৰণে নিজৰ দৈনন্দিন জীৱনত
খাদ্য অভ্যাসকে ধৰি অন্যান্য ক্ষেত্ৰত কি ভুল কৰি আছে তাক বুজাই দিছিল । সকলো প্ৰকাৰৰ কু-অভ্যাসৰ পৰা মুক্ত হৈ
সুন্দৰ ভাৱে দৈনন্দিন জীৱন যাপন কৰাৰ উপদেশ দিছিল। ইয়াতে বিচাৰ কৰি চালে দেখা যায় যে সেই সময়ত হৰিদেৱ গুৰুজনাই নিজৰ অনভিজ্ঞতাৰ বাবে মানুহৰ দোষ ত্ৰুটীসমুহ প্ৰত্যক্ষ ভাৱে আঙুলিয়াই দিছিল।
সমালোচনামূলক মনোভাৱেৰে মানুহৰ ভুল ত্ৰুটী
সংশোধন কৰাৰ প্ৰচেষ্টা কৰিছিল।
কিন্তু শাস্ত্ৰই এনে ধৰণে শাস্ত্ৰজ্ঞান প্ৰয়োগ কৰাৰ অনুমতি দিয়া নাই । শাস্ত্ৰই কৈছে যে প্ৰত্যেক মানুহৰ মনৰ ধাৰণা আৰু বুদ্ধিৰ বোধ ক্ষমতা একে নহয় । প্ৰত্যেকৰে প্ৰকৃতি, প্ৰবৃত্তি, ধাৰণা শক্তি বিভিন্ন প্ৰকাৰৰ আৰু সেই অনুসৰি মানুহক শাস্ত্ৰীয় উপদেশ প্ৰদান কৰা উচিত। মানুহৰ প্ৰবৃত্তি সংশোধন কৰাৰ অৰ্থে শাস্ত্ৰজ্ঞানৰ প্ৰয়োগ কৰাৰ বেলিকা শিক্ষক অত্যন্ত সাৱধান হ'ব লাগে। শিক্ষকে প্ৰতিজন ব্যক্তিৰ ওপৰোক্ত
প্ৰকাৰৰ ভিন্নতা সমুহ বুজি পোৱাৰ লগতে প্ৰতিজন ব্যক্তিৰ নিজস্ব ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাশীল
হ’ব লাগে। প্ৰত্যেক ব্যক্তিৰ ভিতৰত পৰিলক্ষিত হোৱা দোষ ত্ৰুটি সমুহৰ প্ৰতি শিক্ষক প্ৰথম অৱস্থাত সহনশীল হোৱা উচিত ।
তাৰ পৰবৰ্ত্তী পৰ্যায়তহে দোষ ত্ৰুটিসমুহ আঙুলিয়াই দি ক্ৰমান্বয়ে সেই সমুহৰ সংশোধন কৰাৰ চেষ্টা কৰা উচিত । তেনে প্ৰচেষ্টা কৰাৰ সময়তো শিক্ষক সদায় ধৈৰ্যশীল আৰু নম্ৰতাপূৰ্ণ হ’ব লাগে । সংশোধন প্ৰক্ৰিয়া মানুহৰ মনক আকৰ্ষণ কৰিব পৰা হ’ব লাগে , অন্যথা মানুহে নিজক সংশোধন কৰাৰ কাৰণে আগ্ৰহী ন’হবও পাৰে । আনকি তেনে ক্ষেত্ৰত সমাজৰ লোকে শিক্ষকক
শত্ৰুজ্ঞান কৰাও অসম্ভৱ নহয় ।
মানৱ ইতিহাসত এনে বহু উদাহৰণ আছে।
ইয়াত
যি সময়ৰ কথা কোৱা হৈছে সেই সময়ত হৰিদেৱ গুৰুজনাৰ বয়স ক’ম হলেও
শাস্ত্ৰজ্ঞানত পটু আছিল।
কিন্তু
সাধাৰণ জনতাৰ উপকাৰৰ অৰ্থে সেই জ্ঞানৰ প্ৰয়োগ কৰাৰ বাবে প্ৰয়োজনীয় অৰ্হতা আৰু অভিজ্ঞতা
তেওঁৰ নাছিল।(আগলৈ )
No comments:
Post a Comment