Life
of Guru Harideva took a totally new turn after the death of his parents. At
that time his age was sixteen years. His sister Subhadra was only six years old. In the absence of parents full responsibility
of his sister Subhadra came to him. By that time, the
Pathsala and Tole education conducted by Dwija Ajanabha was closed and the
students left that place. We mentioned in
some of our earlier posts that one boy
named Gobinda was in very close relationship with Ajanabha and Parijati. The couple used to treat Govinda like their own
son. After completion of education in the Tole of Dwija Ajanabha this
Gobinda joined as a teacher in the same Tole and used to help the family
of Ajanabha in all respects. Prior to death, Dwija Ajanabha, requested
Gobinda to look after his children and wife after his death. Now his wife Parijati
was not there, only the children were there. Gobinda started taking care of Harideva and his sister
Subhadra as their guardian staying with them
. In this way Guru Harideva and his
sister started a new way of living under
care of Dwija Gobinda. As long as Dwija Gobinda was alive, he did not leave the
company of Guru Harideva. He played an
important role in the life of Guru Harideva and we are going to mention this
man in our future writings on several occasions. We told earlier that Dwija
Ajanabha and his family had religious, cultural and social differences with majority
of the local people of Narayanapur area. In
spite of that, Dwija Ajanabha maintained
very cordial relationship with all people irrespective of their cast, creed,
food-habits, cultural practice, social and economic status etc. As a teacher,
he was respected by all people in the society. At that time number of educated people
was very less in the society. So, people in large numbers from the locality and
neighboring villages always used to visit Ajanabha and take advice from him to solve all types of problems
faced by them. Ajanabhva used to offer due respect to each and every person visiting him. He gave patient hearing to all types problems of
all people and tried his best to find
out some solution to their problems.
People also came to know that his son, Hardeva became
highly educated and well
conversant with knowledge of all
scriptures at his very young age. Now in absence of Dwija Ajanabha, those
people started visiting Harideva with their problems for getting
proper advice as before . (to be continued)
পিতৃ মাতৃৰ বিয়োগ হোৱাৰ পিছত হৰিদেৱ গুৰুজনাৰ জীৱনলৈ হঠাতে বহু পৰিবৰ্ত্তন আহিছিল। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ আৰু ভনীয়েক সুভদ্ৰা ছয় বছৰীয়া শিশু আছিল। পিতৃ মাতৃ অবিহনে সুভদ্ৰাৰ সম্পূৰ্ণ দায়িত্ব গুৰুজনাৰ ওপৰতে পৰিছিল। ইতিমধ্যে দ্বিজ অজনাভৰ পাঠশালা আৰু টোল বন্ধ হৈ গৈছিল। ছাত্ৰ সকলে সেই ঠাই এৰি গুছি গৈছিল। আমাৰ আগৰ কেইটা মান লিখিনিত উল্লেখ কৰা হৈছে যে গোবিন্দ নামৰ ল’ৰা এটা অজনাভ দম্পতিৰ অতি প্ৰিয় আছিল। অজনাভ আৰু পাৰিজাতিয়ে নিজৰ সন্তানৰ দৰে গোবিন্দক মৰম স্নেহ কৰিছিল। অজনাভৰ টোলত শিক্ষা গ্ৰহণ কৰাৰ অন্তত তেওঁ একেখন টোলতে শিক্ষকৰ দায়িত্বও গ্ৰহণ কৰিছিল । অজনাভে মৃত্যুৰ পূৰ্বে দ্বিজ গোবিন্দক তেওঁৰ মৃত্যুৰ পিছত পৰিবাৰ আৰু ল’ৰা ছোৱালী দুটাক চোৱা চিতা কৰিবৰ বাবে অনুৰোধ কৰিছিল । ইতিমধ্যে পাৰিজাতিয়ে স্বামীৰ লগতে দেহত্যাগ কৰাৰ ফলত কেৱল তেওঁলোকৰ সন্তান দুটিহে থাকি গৈছিল । দ্বিজ গোবিন্দই হৰিদেৱ আৰু সুভদ্ৰাৰ লগতে অভিভাৱক হিচাপে থাকি তেওঁলোকক চোৱা চিতা কৰাৰ দায়িত্ব লৈছিল। এনেদৰে দ্বিজ গোবিন্দক সাৰথি কৰি হৰিদেৱ গুৰুজনাই জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছিল । নিজৰ জীৱনৰ শেষ মুহুৰ্ত্তলৈকে এইজন দ্বিজ গোবিন্দ হৰিদেৱ গুৰুজনাৰ লগতে আছিল। হৰিদেৱ গুৰুজনাৰ জীৱনৰ যাত্ৰা পথত দ্বিজ গোবিন্দই অনেক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । পিছলৈ আমাৰ লিখনিৰ অনেক স্থানত দ্বিজ গোবিন্দৰ প্ৰসঙ্গ অনাৰ প্ৰয়োজন আহি পৰিব। আমাৰ আগৰ লিখনিত উল্লেখ কৰি অহা হৈছে যে ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰা দ্বিজ অজনাভৰ পৰিয়ালৰ লগত নাৰায়ণপুৰ অঞ্চলৰ সৰহ সংখ্যক স্থানীয় বাসিন্দাৰ অনেক পাৰ্থক্য আছিল । তেনে পৰিস্থিতিৰ মাজতো দ্বিজ অজনাভে জাতিগত, ধৰ্মীয় আচাৰ আচৰণ, খাদ্যাভ্যাস, সাংস্কৃতিক পৰম্পৰা , সমাজিক, আৰ্থিক অৱস্থা আদিৰ কোনো ভেদাভেদ নৰখাকৈ সমাজৰ সকলো স্তৰৰ লোকৰ সৈতে আন্তৰিকতা পূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিছিল। এজন আদৰ্শ শিক্ষক হিচাপে সমাজৰ সকলোৱে তেওঁক সন্মান কৰিছিল।সেই সময়ৰ সমাজত শিক্ষিত লোকৰ সংখ্যা বৰ তাকৰ আছিল। সেই কাৰণে স্থানীয় ৰাইজৰ উপৰিও ওচৰ পাজৰৰ গাওঁসমুহৰ পৰা বৃহৎ সংখ্যক লোকে নিজে ভোগ কৰি থকা সমস্যা সমুহৰ প্ৰতিকাৰৰ উপায় বিচাৰি দ্বিজ অজনাভৰ ওচৰলৈ আহিছিল। দ্বিজ অজনাভে তেওঁৰ ওচৰলৈ অহা প্ৰত্যেক ব্যক্তিকে যথযোগ্য সন্মান দিছিল। সহানুভূতি সহকাৰে সকলোৰে সমস্যাৰ কথা শুনি নিজৰ বিচাৰ বুদ্ধিমতে যিমান দূৰ সম্ভৱ দিহা পৰামৰ্শ দি সহায় কৰিছিল। অজনাভৰ পুত্ৰ হৰিদেৱ বয়সত সৰু হ’লেও উচ্চ শিক্ষিত আৰু সকলো শাস্ত্ৰতে পাৰ্গত হোৱা বুলিও তেওঁলোকে জানিব পাৰিছিল । সেয়েহে অজনাভৰ মৃত্যুৰ পিছত সমাজৰ সেই সকল লোকে আগৰ দৰে দিহা উপদেশ বিচাৰি হৰিদেৱ গুৰুজনাৰ ওচৰলৈ অহা আৰম্ভ কৰিছিল । (আগলৈ)
No comments:
Post a Comment