As described in our
preceding post, Guru Harideva started imparting the gist of Karma Yoga as depicted
in Bhagavdgita to his mother. As a result of devotional service to Lord Vishnu and performance
of duties in selfless and faithful manner, the mind of his mother was already in a pure state. Unknowingly she made
sufficient advancement in spiritual path and was on the verge of self
realization. But due to lack of proper understanding about the relationship
with husband, children etc, her mind
was full of emotions and anxieties. These were acting as resistances in her path of self
realization. To stabilize her mind Guru Harideva drew her attention to the
teachings of Gita in this regard and told that an individual is born with certain
duties. So long one remains as an
individual he is inseparable from his duties. For this reason, it is not
possible for an individual to sit idle without doing anything. Again, if action is performed with
the selfish intention of fulfillment of personal motives, there will be bondage and
resultant sorrows to the individual. Thus, on one side, it is
not possible for us to stay for a single moment without doing woks and on the
other side our worldly bondage goes on increasing with the performance of works.
To come out of this problem related with karma, Lord Krishna suggests that one should perform his duties as worship
of God with great devotion. Like and dislike are two states of our mind. We see
our works in terms of these likes and dislikes. If some work brings pleasant
results, we like to do that . When the same work brings unpleasant results, we
do not like to do that. We should be free from this habitual likes and dislikes
related to our duties. At the same time, the outcomes of our works should be surrendered to the Supreme Being. A
person who worships God by way of performance of his duties wholeheartedly with an
attitude of surrender and detachment, can attain self
realization and subsequent liberation. Thus
making a combination of devotion with one’s duty Lord Krishna told Arjuna that
behind every action performed by us there is will power of God. If we abandon
the feeling of doership and surrender to God as an instrument of his action with
reverence, trust and joy, then we can feel that there is beneficent force present behind us at
all times and even in the midst of the most trying situation. (to be continued )
আমি ইয়াৰ আগৰ লিখনিটোত কৈ অহাৰ দৰে হৰিদেৱ গুৰুজনাই মাতৃ পাৰিজাতিক গীতাৰ কৰ্মযোগৰ সাৰ অংশ বৰ্ণনা কৰা আৰম্ভ কৰিছিল । আগতে কৈ অহা হৈছে যে নিস্বাৰ্থ সেৱা কৰ্ম আৰু একান্ত বিষ্ণু ভক্তিৰ বলত পৰিজাতিৰ মন বিশুদ্ধ হৈছিল । নিজৰ অজ্ঞাতে তেওঁ আত্মজ্ঞান লাভৰ পথত বহুখিনি অগ্ৰসৰ হৈছিল । কিন্তু স্বামী পুত্ৰ আদি পাৰিবাৰিক সম্বন্ধ সমুহৰ প্ৰতি থকা ভ্ৰান্ত ধৰণাৰ পৰা মুক্ত হ’ব নোৱাৰাৰ বাবে তেওঁ মানসিক আবেগ উদ্বেগৰ বশবৰ্ত্তী হৈছিল আৰু ইয়ে তেওঁৰ আত্মজ্ঞান লাভৰ পথত বাধা সৃষ্টি কৰিছিল্। হৰিদেৱ গুৰুজনাই গীতা জ্ঞানৰ জৰিয়তে তেওঁৰ মন সুস্থিৰ কৰাৰ চেষ্টা কৰিছিল । কৰ্মযোগ বিষয়ত গীতাৰ শিকনিৰ প্ৰতি মাতৃৰ দৃষ্টি আকৰ্ষণ কৰি গুৰুজনাই কৈছিল যে প্ৰত্যেকজন মানুহৰ জন্মৰ সৈতে তেওঁৰ ব্যক্তিগত কৰ্মও সাঙোৰ খাই থাকে । এজন ব্যক্তি হিচাপে অন্য ব্যক্তিতকৈ পৃথক হৈ থকালৈকে ব্যক্তিগত কৰ্মৰ পৰা কাকো কেতিযাও পৃথক কৰিব নোৱাৰি । সেই কাৰণতে কোনো মানুহে একো কাম নকৰাকৈ এখন্তেক সময়ো থকা সম্ভৱ নহয়। কিন্তু ব্যক্তিগত উদ্দেশ্য সিদ্ধি বা কেৱল মাত্ৰ নিজৰ লাভৰ অৰ্থে কৰা কৰ্মই বন্ধন আৰু দুখ আনে । অৰ্থাৎ কৰ্মই আমাৰ দৰে সাধাৰণ মানুহৰ বাবে দুই প্ৰকাৰৰ সমস্যা সৃষ্টি কৰে । এফালে কৰ্ম নকৰাকৈ আমি এক মুহুৰ্ত্তও থাকিব নোৱাৰে । আনফালে কৰ্ম কৰাৰ ফলত আমাৰ জাগতিক বন্ধন বাঢ়ি গৈ থাকে । কৰ্মৰ সৈতে সম্পৰ্কিত এই সমস্যাৰ পৰা মুক্ত থকাৰ উপায় দি ভগৱান কৃষ্ণই গীতাত কৈছে যে ভগৱানৰ পূজা সেৱা কৰোতে যিদৰে ভক্তি ভাৱ লৈ কৰা হয়, তেনে ভক্তি ভাৱ লৈ কৰ্ম কৰিব লাগে । প্ৰিয় আৰু অপ্ৰিয় আমাৰ মনৰ দুটা ভাৱ । নিজৰ কৰ্ত্তব্য কৰ্ম কৰাৰ সময়তো এনে ভাৱ লোৱাটো আমাৰ অভ্যাস । যি কামৰ ফল ভোগ কৰিলে মনত আনন্দ হয় তেনে কাম আমি আগ্ৰহ সহকাৰে কৰিব বিচাৰো । আকৌ সেই একেটা কামেই যেতিয়া মনোমত ফল দিব নোৱাৰে তেতিয়া সেই কাম আমাৰ মনত অপ্ৰিয় হৈ উঠে । আমি এনে প্ৰিয় অপ্ৰিয় ভাৱৰ পৰা মুক্ত থাকি কাম কৰা উচিত । আকৌ আমি কৰা প্ৰত্যেক কৰ্মৰে অনিবাৰ্য ফল আছে। এই ফল ভগৱানক অৰ্পণ কৰিব লাগে। ফলৰ প্ৰতি মন নকৰাকৈ সৰ্বান্তকৰণে নিজৰ কৰ্ত্তব্য কৰ্ম সমাপণ কৰিব লাগে আৰু সেই কৰ্মৰ ফল ভগৱানক সমৰ্পণ কৰিব লাগে । তেনে কৰিলেই ভগৱানৰ উপাসনা কৰা হয় আৰু তাৰ ফলত আত্মজ্ঞান লাভ কৰি মানুহ মুক্ত হয় । এনেদৰে কৰ্মৰ সৈতে ভক্তিৰ সমন্বয় সাধন কৰি ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে আমি কৰা প্ৰত্যেক কামৰ অন্তৰালত ভগৱানৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। কাম আমি নিজে কৰো বুলি নাভাৱি গভীৰ নিষ্ঠা , বিশ্বাস আৰু সন্তোষ সহকাৰে ঈশ্বৰৰ কাম ঈশ্বৰৰ ইচ্ছামতে কৰাৰ মনোভাৱ লৈ ঈশ্বৰৰ হাতৰ যন্ত্ৰ হিচাপে নিজকে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব লাগে। তেতিয়াহে বুজিব পৰা যায় যে সকলো সময়তে , সকলো অৱস্থাতে আৰু আনকি গভীৰ সংকটৰ সময়তো ঈশ্বৰৰ মঙ্গলময় শক্তি আমাৰ মাধ্যমেদি প্ৰবাহিত হৈ থাকে আৰু লগতে জগতৰ সমস্তকে মঙ্গলময় বুলি অনুভৱ
হয়। (আগলৈ)
No comments:
Post a Comment