After getting spiritual
advice from her son Harideva, Parijati put her own efforts to understand
her existence in relation to the all pervading existence of the God Almighty.
Gradually, it came to her clear understanding that for the survival of body mind complex itself, we the human being, have
to take breath, eat food and do every
other thing as described in our preceding
post. Again, most of those things we do without knowing that we ourselves are
doing those works. For understanding the point we can take the example of our food.
Without food our body can not survive. But in the process of providing food to
our body, knowingly , we put food into
our mouth and sallow it only. We do not
know about further processing of the food and its distribution
to different organs of our body. But here, it is also true that our body is
involved with this whole process. Bhagavadgita tells that God present inside us
uses our body and does the further processing of food for our survival. Likewise,
blood circulation, respiration, knowledge, remembrance, forgetfulness etc.,
that is to say, everything related with our body mind complex are being
controlled and maintained by God. So, surrender of works and outcome of those
works does not mean surrender of something done by us using a part of our body
mind complex. It means surrendering of oneself as a whole to God. In this way
the mind of Parijati was fully absorbed with the thoughts of God. She became able
to understand that there is nothing of her won in this world. Even her won body
mind complex is also under the full control of God, seated in her heart. The
mind of Parijati was already in a purified state as described in our earlier
post. Now, with this type of analysis of the teachings of Bhagavadgita by herself,
her spiritual understanding became perfect. She became able to realize that she is not the
body, she is the soul beyond her body mind complex. Her body may be related to
other people as wife, mother etc. But in her true identity as soul she is not related
to anybody or anything including her own body. Also nothing can be there as her
own individual duty. She understood that, so far, whatever is being performed
by her, are parts of the works of God and are being done by God himself
utilizing her body mind complex as his instrument. By making this type of
analysis in her mind , Parijati attained self realization and became free from
all attachments of worldly life .(to be
continued)
পুত্ৰৰ পৰা পাৰমাৰ্থিক জ্ঞানৰ উপদেশ লাভ কৰাৰ পিছত পাৰিজাতিয়ে ঈশ্বৰৰ সৰ্বব্যাপ্ত অৱস্থানৰ সৈতে নিজৰ ক্ষুদ্ৰ স্থিতিৰ তুলনামূলক বিচাৰ নিজে নিজে কৰাৰ চেষ্টা কৰিছিল । তেওঁৰ
মনত এই কথা ক্ৰমান্বয়ে স্পষ্ট হৈছিল যে শ্বাস প্ৰশ্বাস লোৱা, খাদ্য পানীয় গ্ৰহণ কৰা ইত্যাদিকে ধৰি আগৰ লিখনিটোত উল্লেখ থকা সকলোখিনি কাম সম্পন্ন নহ’লে আমাৰ শৰীৰ মনৰ অস্তিত্ব থকা সম্ভৱ
নহয়। আকৌ ইয়াৰে বেছিভাগ কাম সম্পন্ন হৈ থকা বুলি আমি নিজে নাজানো।
কথাখিনি স্পষ্ট কৰাৰ বাবে আমাৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়াৰ উদাহৰণ ল’ব পাৰি। খাদ্য
অবিহনে আমাৰ শৰীৰ বাছি থাকিব নোৱাৰে।
কিন্তু খাদ্য বস্তু মুখত সুমাই গিলি দিয়ালৈকেহে আমি জানো ।
ইয়াৰ পিছৰ পৰ্যায়ত সেই খাদ্য কি পদ্ধতিৰে শৰীৰৰ বিভিন্ন অঙ্গ প্ৰত্যঙ্গৰ মাজত বিতৰণ হয় তাক আমি নাজানো অৰ্থাৎ অনুভৱ কৰিব নোৱাৰো ।
লগতে ইও সত্য যে এই সমগ্ৰ প্ৰক্ৰিয়া আমাৰ শৰীৰৰ দ্বাৰাই সমাপন কৰা হয়।
গীতাত কোৱা হৈছে যে ভগৱানে আমাৰ শৰীৰ ভিতৰতে থাকি, আমাৰ শৰীৰৰ মাধ্যমত, আমাৰ শৰীৰৰ ৰক্ষণাবেক্ষণৰ অৰ্থে এই প্ৰক্ৰিয়া সমাপণ কৰে ।
একেদৰে তেজ চলাচল , শ্বাস-প্ৰশ্বাস , জ্ঞান অৰ্জন , মনত ৰখা , পাহৰি যোৱা ইত্যাদি আমাৰ শৰীৰ মনৰ সৈতে যুক্ত প্ৰত্যেক কৰ্মৰে নিয়ন্ত্ৰণ ,সংৰক্ষণ আৰু পৰিচালনা ঈশ্বৰে কৰে।
গতিকে কৰ্ম আৰু কৰ্মৰ ফল ভগৱানক সমৰ্পণ কৰাৰ অৰ্থ এনে নহয় যে আমি শৰীৰ মনৰ এক অংশ ব্যৱহাৰ কৰি কৰা কৰ্ম আৰু তাৰ পৰা উৎপন্ন ফল ভগৱানক অৰ্পণ কৰিব লাগে।
ইয়াৰ প্ৰকৃত অৰ্থ হৈছে সামগ্ৰিকভাৱে নিজৰ শৰীৰ আৰু মন ভগৱানক সমৰ্পণ কৰা।
এনেদৰে চিন্তা কৰাৰ ফলত পাৰিজাতিৰ মন সম্পূৰ্ণভাৱে ঈশ্বৰ চিন্তাত নিমগ্ন হৈছিল।
জগতত নিজস্ব বুলিবলৈ একো নাই আৰু আনকি তেওঁৰ নিজৰ শৰীৰ মনো হৃদয়্ত অধিষ্ঠিত ভগৱানৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন বুলি তেওঁ বুজি পাইছিল।নিষ্কাম কৰ্মৰ দ্বাৰা পাৰিজাতিৰ চিত্ত নিৰ্মল হৈছিল বুলি আগতে কোৱা হৈছে।
এতিয়া গীতাজ্ঞানৰ
আধাৰত কৰা এনে ধৰণৰ বিচাৰ বিশ্লেষণৰ ফলত তেওঁ পাৰমাৰ্থিক জ্ঞানৰ পূৰ্ণতা লাভ কৰিছিল।তাৰ
ফলত
শৰীৰ
নহয়,
শৰীৰৰ উৰ্দ্ধত থকা আত্মাহে তেওঁৰ
নিজৰ প্ৰকৃত পৰিচয় বুলি বুজি পাইছিল ।
শৰীৰৰ ৰূপত তেওঁ কাৰোবাৰ পত্নী, মাতৃ ইত্যাদি হ’ব পাৰে কিন্তু আত্মা হিচাপে নিজৰ শৰীৰকে ধৰি জগতৰ একো বস্তুৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে ।
গতিকে ব্যক্তিগত পৰ্যায়ত তেওঁৰ কাৰো প্ৰতি একো কৰ্ত্তব্যও থাকিব নোৱাৰে ।
নিজৰ কৰ্ত্তব্য বুলি ভাৱি তেওঁ
এতিয়ালৈ যি কৰি আহিছে সি প্ৰকৃততে ভগৱানৰ পালন কৰ্মৰ অংশ আৰু তেওঁক যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ভগৱানে নিজে সেইসমুহ কৰি আছে।
নিজৰ
মনতে কৰা এনে প্ৰকাৰৰ
বিচাৰ বিশ্লেষণৰ দ্বাৰা পাৰিজাতিয়ে আত্মজ্ঞান লাভ কৰি জাগতিক বন্ধনৰ পৰা মুক্ত অৱস্থাত স্থিতিলাভ কৰিছিল।
(আগলৈ)
No comments:
Post a Comment