Saturday 18 July 2020

Understanding Guru Harideva’s Approach Towards Unity-115 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১১৫)


We discussed in the preceding post that after attainment of self realization the mind of Parijati was detached from all worldly things including her own body. Under such condition she decided to discard her physical body. Since ancient times, this was a practice followed by some people with sufficient advancement in the spiritual field. In Bhagavata and other scriptures we get ample examples of such spiritually advanced men and women who used to discard their physical bodies through Yoga practice, by entering into holly water or sacrificial fire etc for attainment of higher spiritual benefit. Women who attained higher spiritual achievements like Parijati had the right to choose their own path of life after widowhood. Some of those women considered the burning pyre of husband as sacrificial fire. They preferred to discard own physical body by burning along with the dead body of  husband in the same pyre. However in later time this practice was prohibited by the modern law of the land to protect women from the ill affects of the misuse of this religious practice by unscrupulous elements. But this ritual had scriptural approval under strict restrictions of rules and regulations as above and was in practice at the time of our reference. Parijati decided to follow this path to discard her physical body. But she did not reveal this to anybody beforehand to avoid possibility of resistance from her son, daughter and other people. Now after death of Dwija Ajanabha, his son Haideva, his students and disciples, neighboring villagers became very sorry. People from all walks of life assembled in large numbers to pay homage to the departed soul. They made all arrangements for funeral of Dwija Ajanabh.The funeral pyre surrounded by thousands of people was burning with full flame. At that moment Parijati went near the burning pyre of her husband and suddenly jumped over it. Nobody was prepared for such a situation. It was beyond imagination of Guru Harideva also as he did not get any indication from his mother prior to happening of the incident. In this way Guru Harideva lost both his parents together. (to be continued)

আত্মজ্ঞান লাভ কৰাৰ পিছত হৰিদেৱ গুৰুজনাৰ মাতৃ পাৰিজাতিয়ে নিজৰ দেহকে ধৰি সকলো সাংসাৰিক বিষয় বস্তুৰ প্ৰতি থকা মায়া মোহৰ পৰা সম্পূৰ্ণ মুক্ত হৈছিল আৰু নিজৰ শৰীৰ বিসৰ্জন দিয়াৰ সিদ্ধান্ত লৈছিল বুলি ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছেপাৰমাৰ্থিকভাৱে উচ্চ অৱস্থা লাভ কৰা ব্যক্তিয়ে তাতোকৈ উচ্চতৰ অৱস্থা লাভ কৰাৰ বাবে নিজৰ শৰীৰ ত্যাগ কৰাৰ প্ৰথা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। ভাগৱত আৰু অন্যান্য শাস্ত্ৰত আমি যোগ প্ৰক্ৰিয়াৰ দ্বাৰা অথবা পৱিত্ৰ নদী আৰু তীৰ্থৰ জল , যজ্ঞৰ অগ্নি আদিত প্ৰৱেশ কৰি শৰীৰ ত্যাগ কৰা অনেক আত্মজ্ঞান সম্পন্ন পুৰুষ মহিলাৰ উদাহৰণ পাওঁ পাৰিজাতিৰ দৰে পাৰমাৰ্থিক উচ্চাৱস্থা প্ৰাপ্ত মহিলাই স্বামীৰ মৃত্যুৰ পিছৰ অৱস্থাত নিজৰ জীৱনৰ বাবে উপযুক্ত পথ নিৰ্বাচন কৰাৰ ক্ষমতা আৰু স্বাধীনতা আছিল তেনে পৰ্যায়ৰ কিছু সংখ্যক মহিলাই নিজৰ স্বামীৰ জ্বলন্ত চিতাক যজ্ঞাগ্নি ৰূপে জ্ঞান কৰিছিল তেওঁলোকে স্বামীৰ মৃতদেহৰ সৈতে একেখন চিতাতে নিজৰ শৰীৰ ভস্মীভূত কৰাৰ বাবে আগ্ৰহী হৈছিল অৱশ্যে পিছৰ কালত এই প্ৰথাৰ অপব্যৱহাৰ কৰি দুষ্ট লোকে মহিলাসকলৰ ওপৰত অন্যায় অত্যাচাৰ  কৰাৰ বাবে দেশৰ আইনে ইয়াক নিষিদ্ধ কৰিছিল কিন্তু ইয়াত যি সময়ৰ কথা কোৱা হৈছে, সেই কালত  ওপৰত  উল্লেখ কৰা সকলো  নিয়ম আৰু বিধি নিষেধ কঠোৰ ভাৱে মানি উপযুক্ত লোকে  দেহত্যাগ কৰাৰ শাস্ত্ৰসন্মত প্ৰথা প্ৰচলিত হৈ আছিল পাৰিজাতিয়ে এই শাস্ত্ৰসন্মত নিয়ম অনুসৰি স্বামীৰ চিতাত দেহত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল কিন্তু নিজৰ পুত্ৰ, কন্যা আৰু অন্য লোকৰ পৰা বাধা পাব বুলি জানি তেওঁ এই সিদ্ধান্তৰ কথা কাকো কোৱা নাছিল ইতিমধ্যে দ্বিজ অজনাভৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ হৰিদেৱ, শিষ্য, ছাত্ৰ তথা সমাজৰ অন্যান্য লোক অত্যন্ত শোকাকুল হৈছিল সমাজৰ সকলো স্তৰৰ বৃহৎ সংখ্যক লোক একত্ৰিত হৈ পৰলোকগত আত্মাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ অন্তত অজনাভৰ নশ্বৰ দেহৰ অগ্নি সৎকাৰ কৰাৰ ব্যৱস্থা কৰিছিল হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অজনাভৰ চিতা দাউ দাউকৈ জ্বলি উঠিছিল ঠিক তেনে সময়তে পাৰিজাতি চিতাৰ ওচৰলৈ আগবাঢ়ি গৈ হঠাতে জ্বলন্ত চিতাৰ ওপৰত জপিয়াই পৰিছিল এনে আকস্মিক ঘটনা পাৰে বুলি উপস্থিত কোনো লোকে ভাবি পৰা নাছিল মাতৃৰ পৰা একো আগতীয়া উমান নোপোৱা হেতুকে ঘটনা ঘটি  যোৱাৰ আগতে হৰিদেৱ গুৰুজনাইও এনে কথা কল্পনা কৰা নাছিল এনেদৰে গুৰুজনাৰ পিতৃ মাতৃ উভয়ৰে একেলগে বিয়োগ ঘটিছিল (আগলৈ)

No comments:

Post a Comment