Imparting knowledge
from Bhagavadgita, Guru Harideva told his mother that the whole creation
belongs to God. We are very small parts of the creation. We can not do anything
of our own contrary to the rules of creation, sustenance and destruction framed
by God. Also, we are bound to
participate in this process. Under such situation, knowingly or unknowingly,
whatever we do, are the duties allotted to us by God under his scheme of creation,
sustenance and destruction. The field of
works, the materials involved with works, the instruments for doing works including our body and
even our will and capacity to do work belong to God. Without God nothing of
these will be there. So naturally, God is the controller of our works and the
outcomes of those works also belong to God. If we accepts this truth and surrender
the doership along with the outcomes of work to God, that is normal compliance
of natural law. We will be liberated from birth and death cycles by doing our works
with this mentality. But if we claim the doership and outcomes of work as our
own, that is a breach of natural law. So, naturally, there will be reactions and
we will be subjected to sufferings in terms of unending birth and death cycles.
Krishna suggests us to peacefully accept the truth and do the duties allotted
to us with proper understanding of things as above. With this type of counseling,
the mind of Parijati became somewhat stable. Now it came to her mind that being
a simple woman, she was performing the duties of a general housewife. Her
husband, children, disciples and students of her husband, the traditional
ritulas and worship etc performed in her family and a small human society
surrounding her family constituted her world. She extended her service within
this circle only. So, questions
arose in her mind as to whether with her works of such small nature, God can be
worshiped? Can the outcomes of such small works of her be surrendered to God
Almighty? Referring to the teachings of Lord Krishna in this regard, Guru
Harideva answered to his mother that one should perform his duties in
accordance with his knowledge and capacity. God does not expect us to do
anything beyond our capacity. Our worship of God should be through the works
that we do according to our ability and our concept of duty. Every work , small or big, done in a totally unselfish manner , as devotional
service to God and being
free from feeling of doership , brings equal positive results from spiritual
point of view. (to be continued)
গীতাৰ জ্ঞান প্ৰদান কৰি হৰিদেৱ গুৰুজনাই মাতৃ পাৰিজাতিক কৈছিল যে সমগ্ৰ সৃষ্টি ভগৱানৰ অধিকাৰত আছে। আমি সেই সৃষ্টিৰ এটা অতি ক্ষুদ্ৰ অংশ।
ভগৱানে সৃষ্টিৰ পাতনি, পৰিচালনা আৰু সামৰণিৰ বাবে যি নিয়ম শৃংখলা বান্ধি ৰাখিছে তাৰ বাহিৰত আমি নিজা ববীয়াকৈ একো কৰিব নোৱাৰো ।
আনহাতে ভগৱানৰ বিধানমতে সৃষ্টিৰ প্ৰক্ৰিয়াসমুহত অংশ গ্ৰহণ কৰাৰ বাবেও আমি বাধ্য। এনে পৰিস্থিতিত আমি নিজে জানি বা নজনাকৈ যি কৰি থাকো, সি সৃষ্টিৰ প্ৰকাশ, স্থিতি আৰু ধংসৰ নিয়মৰ অধীনত ভগৱানে নিৰ্দিষ্ট কৰি দিয়ামতে আমাৰ ভাগত পৰা কাম। গতিকে কৰ্মৰ ক্ষেত্ৰ, কাম কৰাৰ বাবে প্ৰয়োজন হোৱা উপাদান সমুহ, আমাৰ শৰীৰকে ধৰি কাম কৰাৰ যন্ত্ৰপাতি আৰু আনকি কাম কৰাৰ বাবে আমাৰ মনৰ ইচ্ছা আৰু শৰীৰৰ ক্ষমতাও ভগৱানৰ অধীন ।
ঈশ্বৰক বাদ দিলে এই বিলাক একো থাকিব নোৱাৰে। গতিকে স্বাভাৱিকতে ঈশ্বৰ আমাৰ কৰ্মৰ নিয়ন্ত্ৰক আৰু তাৰ পৰা উৎপন্ন হোৱা ফলৰ গৰাকী ।
এই সত্য মানি লৈ আমি কৰ্মৰ কৰ্ত্তৃত্ব ভাৱ আৰু কৰ্মৰ পৰা উৎপন্ন হোৱা ফলৰ মালিকানা ভাৱ পৰিত্যাগ কৰাটো স্বাভাৱিক আৰু ন্যায়্সঙ্গত কথা।
এনেদৰে নিজৰ কৰ্ত্তব্য কৰ্ম কৰি থাকিলে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ’ব পাৰি।
আনহাতে যদি কাম আমি নিজে কৰিছো আৰু তাৰ পৰা যি ফল উৎপন্ন হয় সিও আমাৰ নিজৰ বুলি দাবী কৰা হয়, তেন্তে সি সৃষ্টিৰ স্বাভাৱিক নিয়মৰ উলঙ্ঘন।
স্বাভাৱিকতে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া হয় আৰু ফল স্বৰূপে বাৰে বাৰে জন্ম গ্ৰহণ আৰু মৃত্যুবৰণ কৰি অনন্ত কাললৈকে কষ্ট ভোগ কৰিব লগীয়া হয়।
কৃষ্ণই গীতাত স্পষ্টভাৱে উপদেশ্ দিছে যে আমি শান্তমনে সত্যক মানি ল’ব লাগে আৰু ওপৰোক্ত শিকনি মনত ৰাখি কৰ্ত্তব্য কৰ্ম কৰি যাব লাগে ।
এনে জ্ঞানপূৰ্ণ উপদেশৰ প্ৰভাৱত মাতৃ পাৰিজাতিৰ মন অনেক সুস্থিৰ হৈছিল ।
তেওঁৰ মনত ভাৱ হৈছিল যে তেওঁ এজনী সাধাৰণ মহিলা।
এজনী সাধাৰণ গৃহিণীৰ কৰ্ত্তব্যৰ গণ্ডীৰ ভিতৰতে তেওঁৰ কৰ্ম সীমাৱদ্ধ।
স্বামী, সন্তান, স্বামীৰ শিষ্য-প্ৰশিষ্য আৰু ছাত্ৰসমাজ, পাৰিবাৰিক পৰম্পৰামতে ঘৰত অনুষ্ঠিত হোৱা উৎসৱ পাৰ্বণ আৰু পূজাপাঠ সমুহ আৰু ঘৰৰ ওচৰে পাজৰে থকা অলপ সংখ্যক মানুহৰ এখন সমাজৰ মাজতে তেওঁৰ জগতখন সীমাৱদ্ধ ।
এই ক্ষুদ্ৰ জগতখনৰ পৰিসৰৰ ভিতৰতে তেওঁ নিজৰ কৰ্ত্তব্য কৰ্ম সমাপন কৰি আহিছে ।
তেওঁৰ মনত এনে সন্দেহ হৈছিল যে তেওঁ কৰি থকা এই ক্ষুদ্ৰ কৰ্মসমুহৰ দ্বাৰা ভগৱানৰ উপসনা কৰা সম্ভৱনে ? এনে ক্ষুদ্ৰ কৰ্মৰ ফল ভগৱানক অৰ্পণ কৰাৰ কিবা অৰ্থ আছেনে? গীতা জ্ঞানৰ আলমত এনে সন্দেহ নিবাৰণ কৰি হৰিদেৱ গুৰুজনাই মাতৃক কৈছিল যে মানুহে নিজৰ জ্ঞান আৰু সামৰ্থ্য অনুসৰিহে কাম কৰা উচিত ।
নিজৰ সামৰ্থ্যৰ বাহিৰত কোনেও একো কৰাটো ভগৱানে নিবিচাৰে।নিজৰ সামৰ্থ্য আৰু কৰ্ত্তব্যৰ ধাৰণা স্পষ্টভাৱে বুজি লৈ কৰা কৰ্মৰ দ্বাৰা ভগৱানৰ উপসনা কৰিব লাগে । সম্পূৰ্ণ নিস্বাৰ্থ ভাৱে , ভগৱানৰ সেৱা বুলি ভাৱি আৰু নিজে কৰি থকা বুলি অহংকাৰ নকৰাকৈ সম্পন্ন কৰা ক্ষুদ্ৰ বৃহৎ প্ৰত্যেকটো কৰ্মৰ পাৰমাৰ্থিক মূল্য একে সমান।
(আগলৈ)
No comments:
Post a Comment