When a man is in
deep sleep, he does not know anything about his surroundings. As soon as he
wakes up, he becomes aware of the things in his surroundings. When a man enters
into a dark room, he does not see anything inside the room. When the room is
lighted, the things inside come to his notice immediately. When the sun sets,
the nature surrounding us is covered by darkness and we are not able to see
anything. As soon as the sun rises, everything present in the surrounding nature comes to our
notice. In all these analogies we see
that to witness something, the things to be seen should already be present,
there should be light, the person witnessing the things should be awake and
eyes of the witnessing person should be free from any defect. If one of these
is not there, we can not see anything. Scriptures explain the process of
attainment of self realization or God realization with the help of analogies as mentioned above for our easy
understanding. In case of self realization, we see that God or self is always present
everywhere inside and outside us. Light means knowledge here and the Vedic scriptures
are always providing that light of knowledge. This scriptural knowledge is
brought to our understanding by spiritual teacher or Guru which keeps us awake
in the path of self realization. So, the only duty left for us is to remove the
defects of our eyes. Our physical eye is not meant here. Physical eye can not
see God. For seeing or realizing God mind acts as eye. So for attainment of
self realization our mind should be free from impurities or defects. This was
practically proved to be true in case of Parijati. By way of performance of her
duties like devotional and selfless services to God, mind of Parijati was
purified. Then with purified mind she accepted scriptural knowledge and
spiritual advice imparted to her. So she was able to attain self realization within
a very short time. In this way, in spite of being a simple house wife devoted to
her household duties, Parijati was able to reach the highest goal of spiritual
practice. This experience pertaining
to spiritual field attained by Guru Harideva played a significant role in his later
life. After coming to the position of a spiritual teacher or Guru, Harideva
considered the religious practices followed by his mother as ideal for common
people. This influenced the basic observances of the religious path suggested
by him. These things we will discuss in details at a proper place. (to be
continued)
গভীৰ টোপনিত থকা এজন মানুহে নিজৰ চাৰিফালে কি আছে তাক নাজানে ।
সাৰ পোৱাৰ লগে লগে তেওঁ নিজৰ চাৰিওফালে থকা সকলো বস্তু দেখা পায়।
এটা অন্ধকাৰ কোঠাত সোমালে মানুহে কোঠাৰ ভিতৰত থকা একো বস্তু দেখা নাপায় ।
লাইট জ্বলাই দিয়াৰ লগে লগে কোঠাৰ ভিতৰৰ সকলো বস্তু চকুত পৰে। সুৰ্য অস্ত গ’লে চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ অন্ধকাৰে আৱৰি ধৰে।তেতিয়া আমি একো নেদেখো। সূৰ্য উদয় হোৱাৰ লগে লগে চাৰিফালৰ প্ৰাকৃতিক পৰিবেশ আমাৰ দৃষ্টিগোচৰ হয় ।
এই আটাইকেইটা উপমাৰ পৰা আমি পাওঁ যে কিবা বস্তু দেখিবলৈ হ’লে সেই বস্তুটো উপস্থিত থাকিব লাগে , পোহৰ থাকিব লাগে ,বস্তু চাব খোজা মানুহজন সাৰে থাকিব লাগে আৰু সেই মানুহজনৰ চকু দোষমুক্ত হৈ থাকিব লাগে ।
ইয়াৰে এটা নাথাকিলেও আমি বস্তু দেখা নাপাওঁ। শাস্ত্ৰত ওপৰত উল্লেখ কৰা ধৰণৰ উপমাৰ দ্বাৰা আমাক আত্মজ্ঞান লাভ বা ভগৱত দৰ্শনৰ প্ৰক্ৰিয়া বুজাবলৈ চেষ্টা কৰা হৈছে ।
আত্মজ্ঞান লাভ কৰা বা ভগৱানক উপলব্ধি কৰাৰ ক্ষেত্ৰত এই কথা বিচাৰ কৰি চালে দেখা যায় যে আত্মা বা ভগৱান আমাৰ বাহিৰ ভিতৰ সৰ্বত্ৰতে আছে। ইয়াত পোহৰ মানে জ্ঞান আৰু বৈদিক শাস্ত্ৰসমুহে সূৰ্যৰ দৰে অহৰহ সেই জ্ঞানৰ পোহৰ বিতৰণ কৰি আছে । পাৰমাৰ্থিক জ্ঞানৰ শিক্ষক বা গুৰুসকলে সেই শাস্ত্ৰীয় জ্ঞান আমাৰ বোধগম্য কৰি পাৰমাৰ্থিক দিশৰ প্ৰতি আমাক সজাগ কৰি আহিছে ।
গতিকে ইয়াত আমাৰ একমাত্ৰ কৰ্ত্তব্য হৈছে নিজৰ চকু দোষমুক্ত কৰা । চকু বুলি কওঁতে ইয়াত আমাৰ শৰীৰ সৈতে সংলগ্ন সাধাৰণ চকুৰ কথা কোৱা নাই। স্থূল চকুৰ দ্বাৰা ভগৱানক দেখা নাযায়।
ঈশ্বৰ দৰ্শন বা আত্মানুভূতি বা আত্মজ্ঞানৰ বিষয়ত মনে চকুৰ কাম কৰে ।
গতিকে আত্মজ্ঞান লাভ কৰাৰ বাবে আমাৰ মন দোষ আৰু কলুষমুক্ত হ’ব লাগে ।
পাৰিজাতিৰ ক্ষেত্ৰত এই কথা আখৰে আখৰে সত্য বুলি প্ৰমাণিত হৈছিল। নিজৰ কৰ্ত্তব্য কৰ্ম খিনি ঈশ্বৰৰ আৰাধনা বুলি ভাৱি নিষ্কাম ভাৱে সম্পাদন কৰাৰ ফলত তেওঁৰ মন বিশুদ্ধ হৈছিল। এই বিশুদ্ধ মনেৰে শাস্ত্ৰ্ৰীয় জ্ঞান আৰু পাৰমাৰ্থিক উপদেশ গ্ৰহণ কৰাৰ ফলত অতি কম সময়ৰ ভিতৰতে তেওঁ আত্মজ্ঞান লাভ কৰিছিল ।
এনেদৰে ঘৰুৱা কাম কাজত সদাব্যস্ত হৈ থকা এজনী সাধাৰণ গৃহিণী হোৱা সত্বেও পাৰিজাতিয়ে পাৰমাৰ্থিক প্ৰগতিৰ উচ্চতম স্তৰত উপনীত হৈছিল।
পাৰমাৰ্থিক বিষয়ৰ এই ব্যৱহাৰিক অভিজ্ঞতাই হৰিদেৱ গুৰুজনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল।
পিচৰ কালত গুৰুজনাই নিজৰ এই অভিজ্ঞতাৰ আধাৰত সাধাৰণ জনতাক পাৰমৰ্থিক চৰ্চাৰ উপদেশ প্ৰদান কৰিছিল।
মাতৃৰ ওপৰোক্ত প্ৰকাৰৰ ধৰ্ম চৰ্চাকে তেওঁ সাধাৰণ জনতাৰ বাবে উপযোগী আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল । গুৰুজনাই নিজে প্ৰচাৰ কৰা ধৰ্মৰ ব্যৱহাৰিক ৰীতি নীতি সমুহ মাতৃয়ে দেখুওৱা সেই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই বিষয়ে যথাস্থানত বিতংভাৱে আলোচনা কৰা হ’ব ।
(আগলৈ)
No comments:
Post a Comment