After imparting knowledge of Bhagavadgita to his mother, Guru Harideva explained
those teachings in a simple way. Guru Harideva told her that knowledge, intelligence, scope,
capacity etc differ from man to man. People
with higher knowledge and capacity, perform Vedic Sacrifice, severe penance and
so on. These appear as big works in the eyes of the people with small
capacities performing simple and common works. But Bhagavadgita says that breathing,
eating, drinking, seeing, hearing, sleeping, excreting, speaking, moving, opening
and closing of eyes etc are all included
in the list of our works. Nobody can exist without doing those works. Knowingly
or unknowingly we are always doing these works. So, surrender of works and
their outcome dose not mean that one should do something of great significance and
then the outcome of that work is to be surrendered to God. Here, the idea behind
is that, life of every one is conditioned in accordance with some particular
nature. Under that condition, whatever is done with one’s body, words, mind, senses
and intelligence or by mere habit should be offered to the supreme being. Relating
these teachings of Gita to her day to day works, Guru Harideva told his mother
that her husband, Dwija Ajanabha is a great personality with a higher mission
of educating people. Parijati being wife of this great scholar and also a devotee
of lord Vishnu, accompanies him like his shadow and extends her selfless
service in all respect for his comfort as well as for success of his mission.
As per scriptural injunction these constitute the most important part of her
duties as a wife. Again, the selfless service rendered by her is of great of help
in the life of all students of her husband. It is she, who serves them all
with motherly affection and care. For these services she does not expect anything
in return. Now, only one thing is left
to be done for attainment of self realization on her part. That is, she should
make herself free from the idea that she
herself is doing those works by her own accord. It is important to bring to her understanding that, her husband is
engaging and guiding her in those works as representative of God. So it is her
duty to offer the doership of those
works along with the results thereof to God with devotion. This is the only
solution to free herself from mental agony and find out her next course of
action. (to be continued)
গীতাৰ জ্ঞান প্ৰদান কৰাৰ অন্তত হৰিদেৱ গুৰুজনাই অতি সৰল ভাৱে গীতাজ্ঞান ব্যাখ্যা কৰি মাতৃক শুনাইছিল।
এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছিল যে প্ৰত্যেক মানুহৰ জ্ঞান, কৰ্ম ক্ষমতা আৰু সা-সুবিধা আদি বেলেগ বেলেগ। অধিক জ্ঞান, বুদ্ধি আৰু ক্ষমতাসম্পন্ন মানুহে বৃহৎ বৈদিক যাগ-যজ্ঞ , কঠোৰ তপস্যা ইত্যাদি কৰে । সাধাৰণ
জ্ঞান,
বুদ্ধি,
ক্ষমতা সম্পন্ন মানুহে নিজৰ সাধাৰণ কৰ্মৰ লগত তুলনা কৰি সেইবোৰ অতি বৃহৎ কৰ্ম হিচাপে অভিহিত কৰে। ভগৱদ্গীতাত
শ্বাস প্ৰশ্বাস লোৱা ,খোৱা বোৱা, দেখা-শুনা, ফুৰা চকা, কথা কোৱা, শৌচ-প্ৰস্ৰাৱ কৰা, শোৱা, চকু মেলা মুদা আদি সকলোকে কৰ্মৰ শাৰীত ধৰা হৈছে।
এইবিলাক কৰ্ম নকৰাকৈ কোনেও বৰ্ত্তি থাকিব নোৱাৰে আৰু আমি নিজে জানি বা নজনাকৈয়ে এই বিলাক কৰ্ম কৰি থাকো ।
গতিকে কৰ্ম আৰু কৰ্মফল অৰ্পণ কৰাৰ অৰ্থ এনে নহয় যে আমি কিবা অতি গুৰুত্ব পূৰ্ণ কাম কৰিব লাগে আৰু সেই কৰ্মৰ ফল ঈশ্বৰক অৰ্পণ কৰিব লাগে।
ইয়াৰ অন্তৰ্নিহিত অৰ্থ এয়ে যে প্ৰত্যেক মানুহৰ জীৱন বেলেগ বেলেগ পৰিবেশ পৰিস্থিতিৰ দ্বাৰা নিয়ন্ত্ৰিত ।
তেনে পৰিস্থিতিৰ মাজত থাকি নিজৰ শৰীৰ , বাক্য, ইন্দ্ৰিয়সমুহ আৰু মন-বুদ্ধিৰ দ্বাৰা বা অভ্যাসবশতঃ যি কৰা হয় আৰু তাৰ পৰা যি ফল উৎপন্ন হয় সেই সকলোৰে দায়িত্ব ভগৱানক অৰ্পণ কৰিব লাগে ।
গীতাৰ
শিকনিৰ সৈতে মাকে
নিজে কৰি অহা সাংসাৰিক কৰ্ম সমুহৰ সামঞ্জস্য দেখুৱাই
গুৰু হৰিদেৱে মাতৃক কৈছিল যে তেওঁৰ স্বামী অজনাভ শিক্ষাদানৰ দৰে এক মহান ব্ৰতত ব্ৰতী বিশাল ব্যক্তিত্বৰ অধিকাৰী পুৰুষ ।
পত্নী হিচাপে তেনে এজন মহান পণ্ডিত আৰু ভগৱান বিষ্ণুৰ প্ৰতি একান্ত ভক্তিভাৱ সম্পন্ন ব্যক্তিৰ লগত ছাঁৰ দৰে থাকি তেওঁক সেৱা শুশ্ৰুষা কৰি আহিছে ।
লগতে স্বামীৰ সকলো কাৰ্যসূচীৰ সফলতাৰ হকে নিস্বাৰ্থ ভাৱে সেৱা আগ বঢ়াই আহিছে । এই সমুহ এজনী পত্নীৰ বাবে শাস্ত্ৰই নিৰ্দিষ্ট কৰি দিয়া কৰ্ত্তব্য কৰ্মৰ প্ৰধান ভাগ ।
ইয়াৰ উপৰিও পাৰিজাতিৰ সেৱা কৰ্মৰ জৰিয়তে অজনাভৰ ছাত্ৰ সকলে কোনো অসুবিধা নোহোৱাকৈ শিক্ষা গ্ৰহণত ব্ৰতী হৈ আছে। তেওঁৰ
পৰাই সকলোৱে মাতৃৰ স্নেহ আৰু আদৰ যত্ন পাই আছে। এই
সমুহ কৰ্মৰ বিনিময়ত কাৰো পৰা একো গ্ৰহণ কৰাৰ সামান্যতম আগ্ৰহো তেওঁ দেখুওৱা নাই। বৰ্ত্তমান
পৰিস্থিতিত তেওঁৰ প্ৰধান কৰ্ত্তব্য হৈছে যে এই বিশুদ্ধ আৰু সেৱামূলক কৰ্মসমুহ নিজৰ বিচাৰ বুদ্ধিমতে কৰি আছে বুলি ভৱাৰ পৰা বিৰত হোৱা ।
তেওঁৰ মনলৈ এই বিশ্বাস অনা উচিত যে তেওঁৰ স্বামীয়ে ভগৱানৰ প্ৰতিনিধিৰ ৰূপত তেওঁক এই শুভ কৰ্মসমুহত নিযুক্ত কৰি ৰাখিছে । গতিকে
এতিয়া তেওঁ নিজৰ কৰ্মসমুহৰ কৰ্ত্তৃত্ব ভাৱ প্ৰত্যাহাৰ কৰিব লাগে আৰু তেওঁ কৰা কামৰ ফল ভক্তি সহকাৰে ভগৱানক অৰ্পণ কৰিব লাগে। পাৰিজাতিয়ে
মানসিক অস্থিৰতাৰ পৰা সম্পূৰ্ণ মুক্ত হৈ নিজৰ ভৱিষ্যত কাৰ্যপন্থা নিজে ঠিক কৰিবৰ বাবে এয়ে একমাত্ৰ
উপায়
।(আগলৈ)
No comments:
Post a Comment