In the preceding
post it was told that Dwija Ajanabha and Parijati, the parents of Guru Harideva,
attained self realization. Bhagavata tells that self realization is the final step
towards liberation. The search for God or ultimate truth ends there. It is said that after attainment of self
realization, the self realized persons attain liberation in an automatic way. Prior
to liberation, a self-realized person continues to live in his current body
till the allotted life span of his body is ended. In scriptural language, a
person living in this state is called Jivanmukta Purusha, which means a person living
in the liberated state. In Bhagavata the condition of this state of living is explained
with an analogy like this. The blowing wind carries various aromas. In such
case air may smell pleasant. But the pleasant smelling air does not actually
mixed up with those aromas. In a similar way the self realized souls live in
their bodies, they possess various qualities, they perform various activities.
But they never entangle themselves with the experience of various kinds of
happiness and sorrow generated by those conditions of the body. Bhagavadgita explains these things in very elaborate ways . In Ramayana, Mahabharata, Bhagavata, and
all other scriptures we get description of the life stories of so many
Self-realized Persons or Jivanmukta Purushas. In all those stories the self
realized people are
pictured as unconventional men and women who are free, satisfied and grateful
personalities. They are indifferent to their own problems, happiness and sorrow.
But they are always sensitive to the problems of all living and non living
entities of the whole world. Dwija Ajanabha was living in that state, that is, he
was living as Jivanmukta Purusha, since long. He always felt himself
as the eternal soul, completely separated from his mortal body. He knew that death
may destroy his mortal body but it can not affect his true identity as soul.
Being established in this knowledge he kept himself engaged in performance of
his religious and other duties peacefully without paying any attention to his
impending death. Ultimately death came as destined and function of his mortal
body ended suddenly when he was busy with his routine duty of recitation of
verses from the Bhagavadgita. (to be continued)
ইয়াৰ আগৰ লিখনিটোত হৰিদেৱ গুৰুজনাৰ পিতৃ অজনাভ আৰু মাতৃ পাৰিজাতিয়ে কিদৰে আত্মজ্ঞান লাভ কৰিছিল তাক কোৱা হৈছে ।
ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞান প্ৰাপ্তি মুক্তি লাভৰ ঠিক পূৰ্ববৰ্ত্তী পৰ্যায় ।
আত্মজ্ঞান লাভৰ পিছত পৰম সত্য বা ভগৱানৰ অনুসন্ধান সমাপ্ত হয়। শাস্ত্ৰত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছৰ পৰ্যায়ত নিৰ্দ্ধাৰিত নিয়মমতে আৰু উপযুক্ত সময়ত জীৱৰ মুক্তি নিজে নিজে হয়।
মুক্তিৰ পূৰ্বাৱস্থাত আত্মজ্ঞানী ব্যক্তিয়ে নিজৰ বৰ্ত্তমান শৰীৰৰ বাবে নিৰ্দ্ধাৰিত আয়ুস কাল শেষ নোহোৱা পৰ্যন্ত সেই শৰীৰতে জীৱন ধাৰণ কৰি থাকে । শাস্ত্ৰৰ ভাষাত এই পৰ্যায়ত জীৱন ধাৰণ কৰি থকা ব্যক্তিক জীৱন্মুক্ত পুৰুষ অৰ্থাৎ মুক্তিলাভ কৰাৰ পিছতো শৰীৰ ধাৰণ কৰি জীৱিত থকা ব্যক্তি বুলি কোৱা হয় ।
ভাগৱতত এটা উপমাৰ সহায়ত জীৱন্মুক্ত অৱস্থাত থকা ব্যক্তিৰ অৱস্থা বুজাই দিয়া হৈছে ।
ইয়াত কোৱা হৈছে যে বলি থকা বতাহে বিভিন্ন বস্তুৰ সুবাস বহন কৰে।
তাৰ কাৰণে আমি বায়ুত সুগন্ধ পাওঁ । কিন্তু সেই অৱস্থাতো বায়ুৰ সৈতে বস্তুৰ সুবাস মিলি একাকাৰ হৈ নাযায়, উভয়ে পৃথক পৃথক হৈ থাকে ।
একেদৰে আত্মজ্ঞানী পুৰুষ সকলে ভিন্ন ভিন্ন শৰীৰ ধাৰণ কৰি থাকে, সেই শৰীৰ সমুহৰ মাধ্যমত বেলেগ বেলেগ গুণ ধৰ্মৰ প্ৰকাশ হয় , ভিন্ন ভিন্ন কৰ্ম সংঘটিত হয় ।
কিন্তু আত্মজ্ঞানী পুৰুষে কেতিয়াও নিজৰ শৰীৰৰ মাধ্যমত সংঘটিত হোৱা কোনো কৰ্ম ,ঘটনা বা তাৰ পৰা উৎপন্ন সুখ দুখৰ সৈতে জড়িত হৈ নিজকে সেইসমুহৰ সৈতে একাকাৰ নকৰে । গীতাত মানুহক এই অৱস্থালৈ লৈ যোৱাৰ বাবে বিভিন্ন প্ৰকাৰে জ্ঞান প্ৰদান কৰা হৈছে।
ৰামায়াণ, মহাভাৰত, ভাগৱত আৰু অন্যান্য শাস্ত্ৰত অনেক আত্মজ্ঞানী বা জীৱন্মুক্ত পুৰুষৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰা হৈছে। সকলো কাহিনীতে এই সকল আত্মজ্ঞানী পুৰুষ আৰু মহিলাক অন্যতকৈ পৃথক দৃষ্টিভঙ্গী সম্পন্ন, সদা সন্তুষ্ট , সদা কৃতজ্ঞ ব্যক্তিত্ব হিচাপে বৰ্ণনা কৰা হৈছে ।লগতে কোৱা হৈছে যে নিজৰ ব্যক্তিগত সুখ দুখৰ প্ৰতি এই সকল ব্যক্তি একেবাৰে উদাসীন থাকে যদিও বিশ্ব জগতৰ স্থাৱৰ জঙ্গম সমস্তৰে দুখ যন্ত্ৰণাৰ বিষয়ত তেওঁলোক সদায় সজাগ আৰু সহানুভূতিশীল হয় ।
দ্বিজ অজনাভে অনেক কাল ধৰি এনে জীৱন্মুক্ত অৱস্থাত জীৱন ধাৰণ কৰি আছিল ।
তেওঁ নিজকে নশ্বৰ শৰীৰৰ পৰা সম্পূৰ্ণ পৃথক চিৰন্তন আত্মাৰূপে অনুভৱ কৰিছিল ।
তেওঁ জানিছিল যে আসন্ন মৃত্যুৰ বাবে তেওঁৰ শৰীৰ নাশ হ’ব পাৰে কিন্তু মৃত্যুৱে চিৰন্তন আত্মা হিচাপে থকা তেওঁৰ প্ৰকৃত স্থিতি ধংস কৰিব নোৱাৰে ।
এনে দৃঢ় জ্ঞানত প্ৰতিষ্ঠিত হৈ থকা বাবে তেওঁ নিজৰ আসন্ন মৃত্যুৰ কথা জানিও সেই বিষয়ত একো গুৰুত্ব দিয়া নাছিল আৰু ধৰ্মীয় আৰু অন্যান্য কাৰ্যসমুহৰ মাজত নিজকে ব্যস্ত ৰাখিছিল । অৱশেষত পূৰ্ব নিৰ্দিষ্ট বিধানমতে মৃত্যুৰ সময় উপস্থিত হৈছিল আৰু নিত্য কৰ্মৰ অংশ হিচাপে ভগৱদ্গীতাৰ শ্লোক পাঠ কৰি থকা অৱস্থাতে তেওঁৰ পাৰ্থিৱ শৰীৰৰ কাৰ্যকাল সমাপ্ত হৈছিল ।
(আগলৈ)
No comments:
Post a Comment