After hearing the
report of defeat in the battle field from the local head of Narayanpur as
discussed in our preceding post, the king became angry with Guru Harideva. He
did not make any further inquiry and decided to impose punishment upon Guru
Harideva. We should mention here that, like other parts of India of that time,
the kings of these areas were not followers of Vedic culture. They did not
follow the injunctions of Vedic scriptures regarding legal procedure. No other
system of written arrangement or working procedure for giving proper justice to an accused person was also existed there. The kings used to
pass judgments according to their common sense or mood. However only in some particular
cases, traditional principles, customs and practice were followed. Accused persons were not given proper scope
of self defense. If the king considered a person to be guilty, then any
punishment as per his own will could be imposed. The punishments imposed were
also of very cruel nature. Cutting of throat, impalement, grinding, trampling
under elephant’s feet were examples of some the capital punishments in vogue.
Other punishments in vogue were pulling out of eyes, cutting of ears and nose,
removal of knee caps, whipping, pouring of boiled water or oil on body etc. Considering
all those things Guru Hardeva was able to assess his impending danger. He
understood that the king was determined to punish him in the above manner
immediately after his arrest. In the mean time the king deputed two soldiers to
capture Guru Harideva and to take him to his court. After getting this
information he discussed the matter with Dwija Gabinda and decided to run away.
Immediately after that Dwija Gobinda left the house taking Subhadra along with
him. Then the soldiers deputed by the king arrived his place but Guru Harideva
somehow managed to escape taking the family deity Laksminarayana with him. He
met Dwija Gobinda and his sister in a nearby jungle and they spent that night
inside the deep forest. Next morning some of his well wishers assembled there. They
made a raft on the nearby river, Brahmaputra. With the help of that raft Guru
Harideva escaped from Narayanpur along with his sister, Subhadra and associate,
Dwija Gobinda towards the downstream of the river Brahmaputra. (to be
continued)
ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে নাৰায়ণপুৰ অঞ্চলৰ সেনাপ্ৰধানে নিজৰ সেনাৰ পৰাজয়ৰ বাবে হৰিদেৱ গুৰুজনাক দোষী বুলি সেই অঞ্চলৰ শাসনৰ দায়িত্বত থকা ৰজাক জনাইছিল ।
ৰজাই এই খবৰ পাই খঙত জ্বলি পকি উঠিছিল আৰু নিজে একো বিচাৰ নকৰাকৈয়ে সেনাপ্ৰধানৰ কথাৰ ওপৰতে হৰিদেৱ গুৰুজনাক দোষী বুলি ধৰি কঠোৰ শাস্তি দিয়াৰ সিদ্ধান্ত লৈছিল ।
আগতে কৈ অহা হৈছে যে এই অঞ্চলৰ ৰজাসকল বৈদিক সংস্কৃতিৰ অনুগামী নাছিল ।সেই সময়ত ভাৰতৰ অন্য প্ৰান্তত চলি থকাৰ দৰে বৈদিক শাস্ত্ৰৰ নীতি নিয়ম মতে অভিযুক্ত ব্যক্তিক ন্যায় দিয়াৰ নিয়ম ইয়াত নাছিল।
অন্য কোনো লিখিত আইন ব্যৱস্থাৰ অধীনতো বিচাৰ কৰাৰ প্ৰচলন নাছিল। মাত্ৰ কিছুমান বিশেষ বিষয়ত পূৰ্বাপৰ চলি থকা নীতি, পৰম্পৰা অনুসৰি বিচাৰ কৰি দোষ নিৰূপণ আৰু শাস্তি প্ৰদান কৰাৰ হৈছিল ।
অভিযুক্ত ব্যক্তিয়ে আত্মপক্ষ সমৰ্থন কৰি কিবা কোৱা বা কৰাৰ সুবিধা নাছিল।
কোনো ব্যক্তি কিবা বিষয়ত দোষী বুলি ৰজা পতিয়ন গ’লে তেওঁক যিকোনো ধৰণৰ শাস্তি দিয়া হৈছিল।
মুঠতে ক’বলৈ হ’লে সেই সময়ৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া আৰু শাস্তি প্ৰদান ব্যৱস্থা ৰজা বা ৰাজবিষয়া সকলৰ মন মেজাজ অনুসৰিহে চলিছিল।
দোষীক দিয়া শাস্তিসমুহো অতি ভয়ানক আছিল।
শিৰচ্ছেদ কৰা, শূলত দিয়া , শালত দিয়া , কুঠাৰ মাৰি শৰীৰ ফালি দিয়া, হাতীৰে গছকাই দিয়া আদি ধৰণৰ শাস্তি দি দোষীক মাৰি পেলোৱা হৈছিল।
কিছুমানক আকৌ চকু উলিয়াই, হাত, ভৰি, নাক, কাণ ইত্যাদি কাটি, আঠুৰ ঘিলা কাঢ়ি, গাত উতলা তেল বা পানী ঢালি অতি নিষ্ঠুৰভাৱে চিৰকাললৈকে ঘুণীয়া কৰি দিয়া হৈছিল।
এইবিলাক কথা ভাবি চিন্তি গুৰুজনাই নিজৰ আসন্ন বিপদৰ উমান পাইছিল।
ধৰা
পৰাৰ লগে লগে ৰজাই
তেওঁৰ ওপৰতো ওপৰোক্ত প্ৰকাৰৰ শাস্তি প্ৰয়োগ কৰাৰ সম্ভৱনা
আছে বুলি
গুৰুজনাই
বুজি পাইছিল। ইতিমধ্যে ৰজাই হৰিদেৱ গুৰুজনাক ধৰি বান্ধি তেওঁৰ ওচৰলৈ নিয়াৰ বাবে দুজন চিপাহী পঠিয়াই দিছিল।
এই খবৰ পোৱাৰ লগে লগে তেওঁ দ্বিজ গোবিন্দৰ সৈতে পৰামৰ্শ কৰি পলাই যোৱাৰ সিদ্ধান্ত লৈছিল আৰু সেইমতে দ্বিজ গোবিন্দই সুভদ্ৰাক লগত লৈ তৎক্ষণাত গৃহত্যাগ কৰিছিল ।
অলপ পিছতে ৰজাৰ চন্তৰী আহি গুৰুজনাৰ ঘৰত উপস্থিত হৈছিল যদিও তেওঁ কিবা প্ৰকাৰে পৰিয়ালৰ উপাস্য বিগ্ৰহ লক্ষ্মীনাৰায়ণক হাতত লৈ ঘৰৰ পৰা পলাই গৈছিল।
ঘৰৰ পৰা নাতিদূৰৰ এখন হাবিৰ মাজত গুৰুজনাই ভনীয়েক সুভদ্ৰা আৰু দ্বিজ গোবিন্দক লগ ধৰি ৰাতিটো সেই হাবিৰ মাজতে কটাই দিছিল।
পোহৰ হোৱাৰ লগে লগে গুৰুজনাৰ কিছুমান অনুগামী লোকে তেওঁলোকৰ ওচৰলৈ আহিছিল।
অনুগামীসকলে ওচৰতে থকা ব্ৰহ্মপুত্ৰ নদীত এখন ভেল সাজি দিছিল।
অলপ
পিছতে সেই সকল লোকৰ পৰা বিদায় লৈ গুৰুজনাই সঙ্গী গোবিন্দ আৰু ভনীয়েক সুভদ্ৰাৰ সৈতে ভেলখনত উঠি ব্ৰহ্মপুত্ৰৰ বুকুৰে ভটীয়নি যাত্ৰা আৰম্ভ কৰিছিল ।(আগলৈ)
No comments:
Post a Comment