From the discussions in the preceding
posts we see that for spiritual progress Dwija Ajanabh, father of Guru Harideva, followed the path of Jnana Yoga or path of knowledge coordinated with
spiritual devotion to Lord Vishnu. He had profound knowledge of Vedas and Vedic
scriptures. Spreading of general education and Vedic knowledge among the people
was his mission. Traditionally his family was devotee of Lord Visnu. Ajanabha used
to perform worship of Vishnu with unshaken faith and great devotion. Thus acquiring
knowledge, imparting education and scriptural knowledge to people and devotional
worship and service to Lord Vishnu constituted the major part of his activities.
He performed these duties wholeheartedly and without expectation of anything in
return. Through this path of Jnana Yoga or knowledge coordinated with devotional service to God, he attained
self realization. On the other hand, Parijati did not have knowledge of Veda
and Vedic scriptures. By her nature she followed the path of Karma Yoga, that
is, the Path of action coordinated with spiritual devotion to Lord Vishnu. But due to lack of scriptural knowledge she
was not aware of it. She used to help her husband in performance of ritualistic
worship of Lord Vishnu. She used to do sweeping, cleaning and other works for
well maintenance of the the place of worship. She helped her husband and his
mission by way of performance of all house hold duties. Along with her own
children she took care of the students of her husband with motherly affection
and care. She performed these works with devotional spirit and without
expectation of anything in return. Through this path she was on the verge of
attainment of self realization. Due to the lack of scriptural knowledge and her
emotional and affectionate mind, natural for a lady, she had to face some
resistance in her path of self realization. So when she came to know about the
impending death of her husband, her mind was disturbed and she approached her
son Harideva for advice. Through scriptural knowledge imparted to her as
discussed earlier, she was able to overcome this resistance and attain self
realization. Thus the truth behind the teachings of the Gita was practically
reflected in the life of his parents and this was noticed by Guru Harideva. Also
he practically saw how a common housewife like his mother, not having any
scriptural knowledge can also reach the highest spiritual goal. The religious
practice suggested by Guru Hardeva for common people in his later life was based on these experiences he received from the practical life of his parents.(to
be continued)
ইয়াৰ আগৰ কেইটামান লিখনিত আলোচনা কৰা কথাখিনিৰ আলমত ক’ব পাৰি যে হৰিদেৱ গুৰুজনাৰ পিতৃ অজনাভে জ্ঞান যোগৰ পথ অনুসৰি অৰ্থাৎ জ্ঞান আৰু বিষ্ণুভক্তিৰ সমন্বয় সাধনৰ মাধ্যমত ধৰ্ম আচৰণ কৰিছিল।
বেদ আৰু বৈদিক শাস্ত্ৰ বিষয়ত দ্বিজ অজনাভৰ
অগাধ পাণ্ডিত্য আছিল ।
সাধাৰণ শিক্ষা আৰু বৈদিক জ্ঞানৰ বিস্তাৰৰ কাম তেওঁ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল । পূৰ্বপুৰুষৰ দিনৰে পৰা
তেওঁৰ
পৰিয়াল ভগৱান বিষ্ণুৰ ভক্ত আছিল ।
দ্বিজ অজনাভেও এই পৰম্পৰা অনুসৰণ কৰি দৃঢ় বিশ্বাস আৰু একান্ত ভক্তি সহকাৰে ভগৱান বিষ্ণুক উপাসনা কৰিছিল ।
জ্ঞান আহৰণ,
সাধাৰণ
শিক্ষাৰ লগতে বৈদিক জ্ঞানৰ প্ৰচাৰ প্ৰসাৰ আৰু ভগৱান বিষ্ণুৰ সেৱা আৰাধনা তেওঁ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল ।
পূৰ্ণ জ্ঞান ,বুদ্ধি , বিশ্বাস. সততা আৰু একাগ্ৰতা সহকাৰে তেওঁ এই কৰ্মসমুহ কৰি গৈছিল আৰু ইয়াৰ বিনিময়ত একো পোৱাৰ আকাংক্ষা কৰা নাছিল। এনেদৰে
জ্ঞানযোগ অৰ্থাৎ জ্ঞান আৰু ভক্তিৰ সমন্বয়ত পাৰমাৰ্থিক
সাধনা কৰি
অজনাভে আত্মজ্ঞান লাভ কৰিছিল ।
আনহাতে গুৰুজনাৰ মাতৃ পাৰিজাতিৰ বেদৰ ধাৰণা বা বৈদিক শাস্ত্ৰজ্ঞান ইত্যাদি একো নাছিল ।
স্বভাৱবশতঃ তেওঁ কৰ্মযোগ অৰ্থাৎ কৰ্মৰ সৈতে বিষ্ণুভক্তিৰ সমন্বয় সাধন কৰি ধৰ্ম চৰ্চাত ব্ৰতী হৈছিল। কিন্তু
শাস্ত্ৰ জ্ঞান নথকা কাৰণে তেওঁ নিজে এই বিষয়ে জনা নাছিল ।
স্বামী অজনাভে যাতে একো অসুবিধা নোপোৱাকৈ বিষ্ণুৰ পূজা সেৱা কৰিব পাৰে তাৰ বাবে তেওঁ সকলো প্ৰকাৰে সহায় কৰিছিল।
স্বামীয়ে বিষ্ণু
উপসনা কৰা স্থান সাৰি মছি পৰিষ্কাৰ কৰাৰ লগতে পূজা সেৱাৰ যা যোগাৰকে ধৰি অন্যান্য সকলো কাম নিয়াৰিকৈ কৰিছিল ।
স্বামীয়ে যাতে একানপটীয়া ভাৱে শিক্ষা বিস্তাৰৰ ব্ৰতত ব্ৰতী থাকিব পাৰে তাৰ বাবে ঘৰুৱা সকলো কামৰ দায়িত্ব নিজে গ্ৰহণ কৰিছিল।
নিজৰ সন্তানৰ লগতে স্বামীৰ ওচৰত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ সকলকো মাতৃসুলভ মৰম স্নেহেৰে পৰিচৰ্যা কৰিছিল । ভগৱানক
উপাসনা কৰিলে যিদৰে শ্ৰদ্ধা ভক্তি সহকাৰে কৰা হয় তেনে মানসিকতা লৈ তেওঁ এই কৰ্মসমুহ কৰি গৈছিল আৰু ইয়াৰ বিনিময় হিচাপে কাৰো পৰা একো পোৱাৰ আকাংক্ষা কৰা নাছিল । এই পথেৰে পাৰিজাতিয়ে নিজৰ অজ্ঞাতে আত্মজ্ঞান প্ৰাপ্তিৰ একেবাৰে ওচৰা ওচৰি স্তৰত উপনীত হৈছিল । শাস্ত্ৰ
জ্ঞানৰ অভাৱ তথা মাতৃ জাতিৰ স্বভাৱ অনুসৰি
অন্তৰ অত্যন্ত কোমল আৰু স্নেহপৰায়্ণ হোৱা হেতুকে তেওঁ আত্মজ্ঞান লাভৰ পথত কিছু বাধাৰ সন্মুখীন হৈছিল ।
সেই কাৰণে স্বামী অজনাভৰ মৃত্যুৰ আগজাননী পোৱাৰ লগে লগে তেওঁ শোকাতুৰ হৈ পুত্ৰ হৰিদেৱৰ ওচৰত পাৰমাৰ্থিক উপদেশ বিচাৰিছিল। পুত্ৰৰ
পৰা জ্ঞানোপদেশ লাভ কৰাৰ অন্তত পাৰিজাতিয়ে আত্মজ্ঞান লাভ কৰিছিল বুলি আগতে কৈ অহা হৈছে । নিজৰ
পিতৃ মাতৃৰ ক্ষেত্ৰত পোৱা এনে অভিজ্ঞতাৰ পৰা হৰিদেৱ গুৰুজনাই গীতাৰ দৰে শাস্ত্ৰত কোৱা কথাৰ সত্যতা প্ৰত্যক্ষ ভাৱে উপলব্ধি কৰিছিল।
নিজৰ মাতৃৰ দৰে সাধাৰণ সহজ সৰল শাস্ত্ৰ জ্ঞানহীন মহিলাইও কিদৰে পাৰমাৰ্থিক লক্ষ্যৰ উচ্চতম স্তৰলৈ যাব পাৰে তাক সুন্দৰভাৱে বুজি পাইছিল।
পৰবৰ্ত্তী কালত হৰিদেৱ গুৰুজনাই এই জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত সাধাৰণ জনতাৰ উপযোগী ধৰ্মৰ প্ৰচলন কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment