In
our preceding post of 28.6.20, we told that Guru Harideva did not consider
Jnana Yoga and Bhakti Yoga as suitable path of self realization for his mother
under her prevailed situation. Giving spiritual advice to someone is not an
easy job to do as we may think. Before giving spiritual advice to someone, the
Guru or spiritual master at first studies the spiritual needs of his disciples. He assesses the potentials already
available in hidden state inside his disciple. These things we may try to
understand with an analogy as follows. There may be huge treasures buried under
the floor of the cottage of a very poor man. Unknowingly, the poor man may sit
or walk over that buried treasures every day. Now, unless he knows about that, he
never tries to dig the floor and take out the buried treasures. In this
condition, he can not become rich in spite of having huge treasures buried in
his own house. Here, two things are required. First, the poor man has to know
about the hidden treasures and secondly he has to dig it out removing the
coverings of stone, sand, mud etc. After that only, the poverty of the poor
person comes to an end. The same thing happens in case of spiritual practice
also. Unknowingly, a man may make sufficient advancement in spiritual path by
performance of selfless deeds or otherwise. He may be in the verge of
attainment of self realization. But due to presence of some coverings or
resistances, the presence of the self or ultimate truth inside may not be clear
to him. In case of spiritual practice, these coverings present themselves in
the form of thoughts, emotions, feelings etc. generated in the mind due to
ignorance. After getting a little instruction from a competent Guru, the
ignorance of such person is removed and then he becomes able to attain self
realization immediately. There are so many examples of such incidence in the
scriptures. Now, the thoughts of impending death of her husband, Dwija Ajanabha,
generated agony in the mind of Prijati. Guru Harideva was keenly interested to
remove her mental agony and to help her attain self realization at the earliest.
So, like an experienced Guru, he assessed all noble deeds performed and all
good qualities possessed by his mother. Then finally he decided to advise her on
the basis of Karma Yoga or the path of action mixed with devotional service as
depicted in the Bhagavadgita. (to be continued)
আমাৰ ২৮.৬.২০ তাৰিখৰ
লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই
মাতৃ পাৰিজাতিক আত্মজ্ঞান
দিয়াৰ বাবে
গীতাৰ জ্ঞানযোগ
আৰু ভক্তিযোগৰ উপদেশ উপযুক্ত বুলি ভবা নাছিল। মাতৃৰ মনৰ সেই সময়ৰ পৰিস্থিতি চাই গুৰুজনাই এনে ধৰণে সিদ্ধান্ত
লৈছিল । কোনো ব্যক্তিক
পাৰমাৰ্থিক পথৰ উপদেশ দিয়াটো আমি সাধাৰণতে ভৱাৰ দৰে সহ্জ কথা নহয় । এই জ্ঞান দিয়াৰ আগতে গুৰু বা পাৰমাৰ্থিক বিদ্যাৰ
শিক্ষকে তেওঁৰ কোন শিষ্যৰ বাবে কি ধৰণৰ জ্ঞান উপযোগী
তাৰ বিচাৰ বিবেচনা
কৰিব লাগে ।
গুৰুৰ ওচৰলৈ অহাৰ আগৰে পৰা শিষ্যৰ ভিতৰত কি ধৰণৰ জ্ঞানশক্তি বিকাশৰ
সম্ভাৱনা লুকাই আছে তাক জানিব লাগে ইত্যাদি। কথাখিনি স্পষ্ট
কৰাৰ বাবে আমি এটা উপমা ল’ব পাৰো । কোনো এজন দাল দৰিদ্ৰ
ব্যক্তিৰ ভঙা পঁজাৰ মজিয়াত মূল্যবান সোণ ৰূপৰ বৃহৎ
ভাণ্ডাৰ মাটিত পোত গৈ থাকিব পাৰে ।
অজানিতভাৱে দৰিদ্ৰ মানুহজনে
এই বহুমূল্য সম্পদৰ
ওপৰত শুই বহি বা খোজকাঢ়ি
থাকিব পাৰে। যেতিয়ালৈকে মানুহজনে
সেই বিষয়ে নাজানে, তেতিয়ালৈকে মজিয়া খান্দি গুপ্ত সম্পদ বাহিৰ কৰাৰ প্ৰশ্ন
নাহে । এনে পৰিস্থিতিত
নিজৰ ঘৰতে অতি মূল্যবান সম্পদ থকাৰ পিছতো মানুহজনৰ দৰিদ্ৰতা
নিবাৰণ নহয়। ইয়াত দুটা কথা প্ৰয়োজনীয় ।
প্ৰথমটো হৈছে মানুহজনে
জানিব লাগে যে তেওঁৰ ঘৰৰ মজিয়াৰ মাটিৰ তলত গুপ্ত সম্পদ আছে । দ্বিতীয়তে মানুহজনে
মজিয়াখন খান্দি শিল, বালি,
মাটি, বোকা আদি আঁতৰাই
সম্পদ খিনি বাহিৰ কৰি নিজৰ হাতলৈ আনিব লাগে। তাৰ পিছতহে
দৰিদ্ৰ মানুহজনৰ দৰিদ্ৰতা
দূৰ হয় ।
পাৰমাৰ্থিক অভ্যাসৰ বিষয়তো
একে ধৰণৰ ঘটনা ঘটে ।
কিছুমান মানুহে নিস্বাৰ্থ
সেৱামূলক কৰ্ম কৰি বা অন্য ধৰণে নিজৰ অজ্ঞাতে পাৰমাৰ্থিক
দিশত উন্নত স্থিতি
লাভ কৰিব পাৰে।
তেনে ব্যক্তি আত্মজ্ঞান
লাভ কৰাৰ বাবে একেবাৰে উপযুক্ত
অৱস্থাত থাকিব পাৰে। কিন্তু কিবা প্ৰকাৰৰ আৱৰণ বা বাধাৰ বাবে তেওঁ নিজৰ ভিতৰত চিৰবিদ্যমান আত্মা বা একমাত্ৰ
পৰম সত্যৰ উপস্থিতি
অনুভৱ কৰাত ব্যৰ্থ
হ’ব পাৰে। এই ক্ষেত্ৰত
অজ্ঞানতাৰ ফলত মনত উদ্ভৱ হোৱা চিন্তা
, আবেগ , অনুভুতি আদিয়ে আৱৰণ বা বাধাৰ ৰূপত দেখা দিয়ে। উপযুক্ত
গুৰুৰ পৰা সামান্য
উপদেশ পোৱাৰ পিছতে তেনে ব্যক্তিৰ
অজ্ঞান আৱৰণ দূৰ হয় আৰু তেওঁ তৎক্ষণাত
আত্মজ্ঞান লাভ কৰাত সক্ষম হয়। শাস্ত্ৰসমুহত এনে ধৰণৰ অনেক উদাহৰণ আছে। স্বামী অজনাভৰ
সমাগত মৃত্যুৰ আগজাননী
পোৱাৰ পিছত পাৰিজাতিৰ
মনো অতিশয় আবেগিক
হৈছিল। হৰিদেৱ গুৰুজনাই মাতৃয়ে
যাতে মনৰ উদ্বেগ
দূৰ কৰি সোনকালে
আত্মজ্ঞান লাভ কৰিব পাৰে তাৰ প্ৰতি অতিশয় আগ্ৰহী
হৈছিল । সেয়েহে তেওঁ এজন অভিজ্ঞ
গুৰুৰ দৰে মাতৃৰ সকলো মহৎ গুণ আৰু তেওঁ কৰি অহা নিস্বাৰ্থ
কৰ্মসমুহৰ বিষয়ে চালি জাৰি চাইছিল
। অৱশেষত হৰিদেৱ
গুৰুজনাই গীতাত বৰ্ণনা
কৰা কৰ্মযোগ অৰ্থাৎ
ভক্তিৰ লগত কৰ্মৰ সমন্বয় কৰি দিয়া জ্ঞান উপদেশ মাতৃ পাৰিজাতিৰ বাবে সবাতোকৈ উপযোগী
বুলি সিদ্ধান্ত কৰিছিল
। (আগলৈ)
No comments:
Post a Comment