The study of the Veda is not as like
as the study of other subjects of academic interest. From very young age, Guru
Harideva had to make sincere preparation for study of the Veda. We should have
some preliminary idea about Veda and the study of Veda just for understanding
this point. Brahma is the Lord of the
creation. The creator must necessarily possess the knowledge to create. Without
knowledge, no creation is possible. In the very beginning of the
Bhagavata it is told that God Almighty revealed the knowledge of creation to
Brahma and this knowledge is called the Veda. Now, human beings with intelligenge
came into existence after certain stage of the creation. Knowledge of creation
or Veda is there since prior to the creation. So, naturally it is not possible
for normal human intelligence to understand the Veda. From Bhagavata we know that
the creator Brahma had performed severe penance for prolonged period prior to
the creation for attainment of Veda or knowledge. The Veda was revealed to
Brahma after that only. So it is clear that, one should first perform penance
to make himself fit for receiving the Veda or the supreme knowledge and after
that only Veda is revealed to such person. Sages of the ancient times used to perform
penance to know the Ultimate Truth or the root cause behind the creation. Thus Veda or knowledge of the absolute truth was revealed
to the Sages or Rishis of the ancient times directly by the God Almighty or
the root source of all knowledge. It is also
told in Bhagavata that the Veda was revealed to the sages in the form of Vedic
hymns. The sound vibrations of different hymns were heard or felt as clear as
things seen by own eyes by different seers called Mantradrastas at different
times during their state of tapasya or deep meditation. Those sound vibrations revealed to the sages
were orally uttered by them in their state of deep meditation. Their disciples
heard and remembered those hymns along with the accent of sound vibrations and
in this way Veda was imparted from Gurus to his disciples. So, a teacher of
Veda can only equip the students with correct method of meditation and penance from
his experience. The knowledge of Veda is revealed to the students directly from
the original source after performance of the penance as directed by the teacher. In
this way we can have some idea about the preparation made by of Guru Harideva for
study of the Veda. (to be continued)
বেদ অধ্যয়ন কৰাটো অন্য বিষয় অধ্যয়ন কৰাৰ দৰে সৰল কথা নহয় ।
হৰিদেৱ গুৰুজনাই বেদ অধ্যয়নৰ বাবে নিজকে উপযুক্ত কৰি তুলিবলৈ অতি
কম বয়সৰ পৰাই কঠোৰ সাধনা কৰিছিল। বেদ
আৰু বেদ অধ্যয়ন সম্পৰ্কে কিছু সাধাৰণ কথা জানিলে এই কথাখিনি বুজাত সহজ হ’ব পাৰে।
ব্ৰহ্মা হৈছে জগতৰ সৃষ্টিকৰ্ত্তা । সৃষ্টিকৰ্ত্তাই সৃষ্টি কেনেকৈ কৰিব লাগে তাক জনা প্ৰয়োজন । এই
জ্ঞান নাথাকিলে সৃষ্টি কৰা সম্ভৱ নহয় । ভাগৱতৰ
প্ৰথম শ্লোকতে কোৱা হৈছে যে পৰমেশ্বৰে সৃষ্টিৰ আগতে
ব্ৰহ্মাৰ হৃদয়ত সৃষ্টিকাৰ্যৰ
জ্ঞান
প্ৰকাশিত কৰিছিল
আৰু এই জ্ঞানকে বেদ বুলি কোৱা হৈছে । এতিয়া
, সৃষ্টিকাৰ্য আৰম্ভ হোৱাৰ পৰবৰ্ত্তী পৰ্যায়তহে বুদ্ধিমান মানুহৰ সৃষ্টি হৈছে ।
সৃষ্টিৰ জ্ঞান বা বেদ সৃষ্টিকাৰ্য আৰম্ভ হোৱাৰ আগতেই ব্ৰহ্মাক দিয়া হৈছে ।
গতিকে মানুহৰ সাধাৰণ বুদ্ধিৰ দ্বাৰা বেদজ্ঞান আহৰণ কৰা সম্ভৱ নহয় ।
ভাগৱতৰ পৰা আৰু জনা যায় যে ব্ৰহ্মাই সৃষ্টিকাৰ্য আৰম্ভ কৰাৰ আগতে বেদজ্ঞান আহৰণ কৰাৰ বাবে সুদীৰ্ঘ কাল তপস্যা কৰিছিল । তাৰ
পিছতহে পৰমেশ্বৰে ব্ৰহ্মাৰ হৃদয়ত বেদজ্ঞান সঞ্চাৰিত কৰিছিল।
ইয়াৰ পৰা বুজিব পাৰি যে যি ব্যক্তিয়ে বেদজ্ঞান লাভ কৰিব খোজে তেওঁ প্ৰথমে কঠোৰ তপস্যাৰ দ্বাৰা বেদ বা পৰম জ্ঞান লাভ কৰাৰ বাবে নিজক উপযুক্ত কৰি তুলিব লাগে আৰু তাৰ পিছতহে তেওঁৰ অন্তৰত বেদজ্ঞানৰ প্ৰকাশ ঘটিব পাৰে। এই
নিয়ম অনুসৰি প্ৰাচীন কালৰ ঋষি মুনি সকলে সৃষ্টিৰ অন্তৰালত থকা মূল কাৰণ বা পৰম সত্যক জানিবৰ বাবে তপস্যা কৰিছিল।
সেই তপস্যাৰ ফলত পৰমেশ্বৰ বা সমস্ত জ্ঞানৰ মূল আধাৰৰ পৰা বেদ বা পৰম সত্যৰ জ্ঞান তেওঁলোকৰ হৃদয়ত সঞ্চাৰিত হৈছিল।
ভাগৱতত কোৱা হৈছে যে বিভিন্ন কালত গভীৰ ধ্যানত
মগ্ন হৈ থকা বিভিন্ন ঋষিৰ হৃদয়ত বেদমন্ত্ৰৰ ৰূপত আৰু শব্দধ্বনিৰ মাধ্যমত বেদজ্ঞানৰ প্ৰকাশ হৈছিল।
নিজ চকুৰে দেখা বস্তু যিমান স্পষ্টকৈ দেখা যায় সিমান স্পষ্টভাৱে তেওঁলোকে বেদধ্বনি অনুভৱ কৰিছিল আৰু সেই কাৰণে তেওঁলোকক মন্ত্ৰদ্ৰষ্টা ঋষি বুলি কোৱা হয় ।
গভীৰ সমাধি অৱস্থাত তেওঁলোকৰ হৃদয়ত অনুভূত হোৱা মন্ত্ৰধ্বনি তেওঁলোকে মুখেৰে উচ্চাৰণ কৰিছিল আৰু শিষ্যসকলে কানেৰে শুনি তাক অবিকল ৰূপত মনত ৰাখিছিল ।
সেই কাৰণে বেদক শ্ৰুতি বুলিও কোৱা হয়।
গতিকে বেদৰ শিক্ষকে নিজৰ অভিজ্ঞতাৰ পৰা ছাত্ৰক বেদজ্ঞান লাভ কৰাৰ
বাবে কিদৰে সাধনা আৰু তপস্যা কৰিব লাগে সেই শিক্ষাহে দিব পাৰে । গুৰুৱে
শিকাই দিয়ামতে সাধনা বা তপস্যা কৰিলে মূল উৎস অৰ্থাৎ পৰমেশ্বৰৰ পৰা শিষ্যৰ হৃদয়ত বেদজ্ঞানৰ সঞ্চাৰ হয় । এনেদৰে
চিন্তা কৰি চালে
হৰিদেৱ গুৰুজনাই বেদ অধ্যয়ন কৰাৰ বাবে কিদৰে নিজকে প্ৰস্তুত কৰিব লগীয়া হৈছিল তাৰ আভাস পোৱা যায়। (আগলৈ)
No comments:
Post a Comment