In the
scriptures it is told that life in
this world is manifestation of three
principles. These are creation, sustenance and destruction or death. In fact,
these three are interconnected. The destruction we notice is an essential step
towards new creation. In Bhgavad Gita it is told that people take birth as a
small child. Then the child grows up and takes the shape of a strong and stout
youth. Then his body and and its strength are gradually reduced and finally the
death comes. After death of the present body a new body comes again in the
shape of a small baby. So, the death of
a body is not the end of everything. The body undergoes continuous changes
phase by phase and death is one of those phases.These things are explained very
elaborately in Bhagavad Gita. Dwija Ajanabha and Guru Harideva were well conversant with these types of transcendental knowledge. Because of this, Dwija
Ajanabha was indifferent about the indication of his imminent death and was
ready to face it peacefully. Guru Harideva accepted the matter without any
emotional disturbance and was busy in handling the upcoming situations. Subhadra,
sister of Guru Harideva, was too young to understand what death is. But the things
were not that easy for parijati, the wife of Dwija Ajanabha. She was a dedicated
house wife and a caring and dutiful mother of her own children and also of the students of Dwija Ajanabha.It
was her natural tendency to give more importance to the welfare of her husband,
children and the students rather than her own comfort. Her happiness was in
providing selfless and dedicated service to them and in helping them to progress in all aspects of their
lives.Through her household activities she always used to extend those helps. Thus,
though she was always living in an atmosphere of education along with people of
higher knowledge, she did not find any time to think about those subjects of
knowledge. Now, after being aware of the imminent death of her husband,
she externally kept herself busy in her day to day duties but internally the
thought of losing her husband created tremendous feeling of grief in her mind. Finally to get out of her mental agony, she
approached her wise son Harideva and asked him about her duties under the
prevailing situation. (to be continued )
শাস্ত্ৰত কোৱা হৈছে যে
জগতত
জীৱন মানে সৃষ্টি, স্থিতি আৰু লয় বা মৃত্যুৰ এক শৃংখলাবদ্ধ প্ৰকাশ। প্ৰকৃততে
এই তিনিটা ঘটনা পৃথক পৃথক নহয় ,শিকলিৰ খাৰুবোৰৰ দৰে এটাৰ সৈতে আনটো সংলগ্ন ।যাক ধ্বংস বা মৃত্যু বুলি কোৱা হয় সি প্ৰকৃততে নতুন সৃষ্টিৰ ফালে কৰা অগ্ৰগতি । ভগৱদ্গীতাত
কোৱা হৈছে যে এজন মানুহে কণমানি শিশু হৈ জন্মে ।
লাহে লাহে ডাঙৰ হৈ হৃষ্টপুষ্ট শক্তিশালী যুবকত পৰিণত হয় ।
তাৰ পিছত ক্ৰমাণ্বয়ে শৰীৰ আৰু শৰীৰৰ শক্তি টুটি আহে আৰু এটা সময়ত মৃত্যু হয়।
মৃত্যুৰ পিছত পুনৰ এটি শিশু হৈ ব্যক্তিজন জগতলৈ ফিৰি আহে ।গতিকে মৃত্যু মানে আমি ভৱাৰ নিচিনা সকলো শেষ নহয়।
শিশু অৱস্থাৰ পৰা মৃত্যুৰ আগমুহুৰ্ত্তলৈ শৰীৰ ধাপে ধাপে পৰিবৰ্ত্তন হৈ থকা আমি দেখো আৰু মৃতু সেই পৰিবৰ্ত্তনৰ এটা ধাপ মাত্ৰ ।
গীতাত
এইবিলাক কথা বহলভাৱে বুজাই দিয়া হৈছে ।
দ্বিজ অজনাভ আৰু হৰিদেৱ গুৰুজনা এই ধৰণৰ পৰমাৰ্থিক তত্বজ্ঞান সম্পন্ন পুৰুষ আছিল ।
সেই কাৰণে দ্বিজ অজনাভে নিজৰ আসন্ন মৃত্যুৰ কথা জানিও এই বিষয়ত উদাসীন আছিল আৰু মৃত্যুবৰণ কৰিবলৈ প্ৰশান্তমনে সাজু হৈছিল ।
হৰিদেৱ গুৰুজনাই আবেগিক বিক্ষোভ দমন কৰি শান্ত মনেৰে আগন্তুক পৰিস্থিতিৰ মুখামুখী হ’বৰ বাবে নিজকে সাজু কৰাত মনোনিবেশ কৰিছিল।
শিশু অৱস্থাত থকা গুৰুজনাৰ ভনীয়েক সুভদ্ৰাই মৃত্যু কি তাক বুজি পোৱা নাছিল।
কিন্তু অজনাভৰ ধৰ্মপত্নী পাৰিজাতিৰ বাবে কথাবিলাক এনে সহজ নাছিল ।
পাৰিজাতি পতি পৰায়ণা পত্নী আছিল । নিজৰ সন্তানৰ লগতে অজনাভৰ ওচৰত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ সকলৰ সেৱাত নিজকে উছৰ্গা
কৰা কৰ্ত্তব্য পৰায়ণা, স্নেহশীলা মাতৃ আছিল | স্বাভাৱিক প্ৰবৃত্তি অনুসৰিয়ে তেওঁ নিজৰ সুখ সুবিধাতকৈ পতি , নিজৰ সন্তান আৰু লগতে অজনাভৰ ছাত্ৰ সকলৰ সুখ সুবিধাৰ ওপৰত অধিক গুৰুত্ব দিছিল ।এই সকলে যাতে জীৱনৰ সকলো দিশত আগবাঢ়ি যাব পাৰে তাৰ সুবিধাৰ্থে নিস্বাৰ্থ সেৱা আগ বঢ়াই তেওঁ আনন্দ লাভ কৰিছিল ।
উৎসৰ্গীকৃত মনোভাৱেৰে ঘৰ গৃহস্থীৰ সকলো কৰ্মৰ দ্বায়িত্ব নিজৰ মূৰত লৈ তেওঁ সকলোৰে প্ৰতি নিস্বাৰ্থ সেৱা আগ বঢ়াই গৈছিল।সেই কাৰণে সকলো সময়তে শিক্ষাৰ পৰিবেশ আৰু জ্ঞানী গুণী ব্যক্তিৰ লগত থাকিও সেই বিলাক বিষয়ত মন কান দিবলৈ তেওঁৰ আহৰি নাছিল ।
স্বামীৰ আসন্ন মৃত্যুৰ আগজাননী পোৱাৰ পিছত বাহিৰত দেখুৱাই শান্তভাৱে নিজৰ কৰ্ত্তব্য কৰি আছিল যদিও ভিতৰি ভিতৰি তেওঁৰ মন অতি শোক সন্তপ্ত হৈ পৰিছিল ।
অৱশেষত মানসিক যন্ত্ৰণাৰ
পৰা মুক্তিলাভ কৰাৰ উপায় আৰু উপস্থিত পৰিস্থিতিত তেওঁ কি কৰা উচিত তাৰ পৰামৰ্শ বিচাৰি পাৰিজাতিয়ে নিজৰ মহাজ্ঞানী পুত্ৰ হৰিদেৱৰ ওচৰ চাপিছিল ।(আগলৈ)
No comments:
Post a Comment