The followers of
the Sanatana Dharma performed various Vedic rituals called sacrament or samskara
since time immemorial. With the passage of time people started avoiding most
of those rituals. But those rituals were regarded as obligatory in the orthodox
Brahmin family where Guru Harideva was born and brought up. In this family, primary
emphasis was placed on development of two qualities in a human being. Those qualities
also distinguish a man from animals or other low born characters. One of the
two qualities was education or vidya. The
other quality was proper social and religious conduct or samskara. The Ultimate
Goal in human life is spiritual wisdom and liberation from the cycle of births
and deaths. Scriptures tell that by means of the sacramental or samskara
rituals, the mind is reawakened to this goal. Samaskaras were considered as gradual
steps of spiritual rebirth or a symbolic second birth of a person. Smaskaras
bring compassion, forbearance, freedom from envy, purity, calmness, right behavior
and freedom from greed and covetousness to one’s life. Samaskara gives shape of
the personality of a man with excellent qualities like inner balance, refinement,
polished behavior etc. These are the greatest wealth in possession of a person.
Thus Samskaras provide a framework which bestows moral and physical balance
throughout human life. Vedas and Vedic
scriptures suggest sixteen samskaras to be performed on an individual during
his life cycle.The process of samskara starts with Garbhadhana performed by parents
at the time of entry of an individual into his mother’s womb and ended with the
funeral rites after death. From Garbhadhana
to Upanayana, there are eleven Samskaras which makes a man fully prepared to
study and understand theVedas. After study of the Vedas a man becomes fully
matured and he can decide himself the future course of his life. So,
it was the compulsory duty of parents to perform the the eleven samskaras upto
Upanayana of their child within time limits fixed by the scriptures. Dwija
Ajanabha performed of all those samskara rituals of his son Harideva within his
age of nine years to shape him as a perfect human being with all better
qualities bestowed by Samskaras as described above. (to be continued)
সনাতন ধৰ্মৰ অন্তৰ্গত সকলো লোকে অতি প্ৰাচীন কালৰে পৰা বৈদিক পৰম্পৰা মানি অনেক প্ৰকাৰৰ সংস্কাৰ বা শুদ্ধিকৰণ কৰ্মৰ অনুষ্ঠান কৰিছিল।
দিন যোৱাৰ লগে লগে মানুহে বহু বৈদিক সংস্কাৰ কৰ্ম পালন কৰিবলৈ এৰি দিছিল । কিন্তু
হৰিদেৱ গুৰুজনাই যি নিষ্ঠাৱান ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল তাত বৈদিক সংস্কাৰ কৰ্মসমুহৰ অনুষ্ঠান কৰাটো বাধ্যতামূলক পাৰম্পৰিক নিয়ম হিচাপে গণ্য কৰা হৈছিল।
সেই পৰিয়ালত মানুহৰ দুটা গুণৰ পূৰ্ণ বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। তাৰে
এটা গুণ হৈছে জ্ঞান বা বিদ্যা আৰু আনটো হৈছে শুদ্ধ সামাজিক আৰু ধৰ্মীয় আচৰণ বা সংস্কাৰ ।
মানুহৰ জীৱনৰ চৰম লক্ষ্য হৈছে পাৰমাৰ্থিক জ্ঞানৰ পূৰ্ণতা অৰ্জন কৰি জন্ম মৃত্যুৰ অনন্ত চক্ৰৰ পৰা মুক্তিলাভ কৰা । শাস্ত্ৰত
কোৱা হৈছে যে বৈদিক সংস্কাৰ কৰ্মৰ দ্বাৰা মানুহৰ মন এই লক্ষ্যৰ প্ৰতি সজাগ হয় ।
সংস্কাৰ কৰ্মসমুহৰ দ্বাৰা মানুহৰ পাৰমাৰ্থিক জন্ম হয় অৰ্থাৎ দ্বিতীয় জন্ম লৈ দ্বিজত পৰিণত
হোৱাৰ
দিশত ক্ৰমান্বয়ে আগবাঢ়ে । বৈদিক
সংস্কাৰ সমুহে মানুহৰ মনত দয়া , সহিষ্ণুতা , পৱিত্ৰতা , ধৈৰ্যশীলতা আদি গুণৰ বিকাশ কৰে ,সঠিক আচাৰ আচৰণৰ শিক্ষা দিয়ে,
হিংসা-দ্বেষ, লোভ-লালসাৰ পৰা মনক মুক্ত ৰাখে।
বৈদিক সংস্কাৰে মানুহক মানসিক সমতাপূৰ্ণ,
পৰিশোধিত আৰু মাৰ্জিত আচাৰ ব্যৱহাৰ সম্পন্ন সুন্দৰ
ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলে ।
এইবিলাক
হৈছে
মানুহৰ জীৱনৰ সকলোতকৈ মূল্যবান সম্পদ।
মুঠতে ক’বলৈ হ’লে সংস্কাৰে সমগ্ৰ জীৱন কালৰ বাবে শাৰীৰিক পৱিত্ৰতা,
মানসিক
দৃঢ়তা আৰু নৈতিক শক্তি প্ৰদান কৰি সাধাৰণ মানুহক পূৰ্ণ মানৱত পৰিণত কৰে ।
বেদ আৰু বৈদিক শাস্ত্ৰত এজন মানুহৰ এটা জন্মৰ জীৱন চক্ৰৰ ভিতৰত ষোল্লটা সংস্কাৰ অনুষ্ঠান পালন কৰিব লাগে বুলি কোৱা হৈছে ।
মানুহ মাতৃগৰ্ভত প্ৰৱেশ কৰাৰ পূৰ্বমুহুৰ্ত্তত পিতৃ-মাতৃয়ে পালন কৰা গৰ্ভাধান কাৰ্যৰ দ্বাৰা এই সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু মৃত্যুৰ পিছত পালন কৰা অন্ত্যেষ্টি ক্ৰিয়াত সংস্কাৰ কাৰ্যৰ সামৰণী পৰে ।
ইয়াৰ ভিতৰত গৰ্ভাধানৰ পৰা আৰম্ভ কৰি উপনয়নলৈকে মুঠ এঘাৰটা সংস্কাৰ অনুষ্ঠান পালন কৰাৰ অন্তত এজন ব্যক্তি বেদপাঠ আৰু বেদৰ অন্তৰ্নিহিত অৰ্থ বুজি পোৱাৰ বাবে উপযুক্ত হৈ উঠে ।
বেদপাঠৰ অন্তত এজন ব্যক্তিয়ে নিজৰ ভৱিষ্যত জীৱনৰ দায়িত্ব নিজে ল’ব পৰা হয় ।
সেয়েহে উপনয়ন পৰ্যন্ত মুঠ এঘৰটা সংস্কাৰ অনুষ্ঠান বেদৰ দ্বাৰা নিৰ্দিষ্ট কৰা সময় সূচীমতে পালন কৰাৰ দায়িত্ব পিতৃ-মাতৃৰ ওপৰত ন্যস্ত থাকে ।হৰিদেৱ গুৰুজনা ন বছৰ বয়সত ভৰি দিয়াৰ লগে লগে দ্বিজ অজনাভে এই বৈদিক সংস্কাৰ অনুষ্ঠানসমুহ পালন কৰি পুত্ৰক ওপৰোক্ত সকলো সৎ গুণসম্পন্ন এজন পূৰ্ণ মানৱ হিচাপে গঢ় দিয়াৰ ব্যৱস্থা কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment