In some of our
preceding posts we tried to discuss the familial atmosphere under which Guru
Harideva was born, brought up and got his informal and formal education.
Education has great role in making an individual perfect. Here, by the word
education it is intended to mean development of personality, character, moral strength and
moral excellence of a student. Unless the familial atmosphere is conducive,
this type of education can not be imparted to a student keeping him in the
family. Education is the gradual remedy to all evils. If we go to the origin of
a river, we see that so many small water streams combined together over a
mountain and then come down to plain land as a narrow river in the beginning.
Then in its course, numbers of tributaries meet the river at different locations
and the river gradually becomes wide to wider and finally meets the sea in its
widest shape. Likewise, knowledge gradually comes to a person from different sources
making him wise to wiser and finally he reaches his final destination as a human
being full of knowledge. Guru Hairdeva received formal education of Vedangas from
his father. He attained knowledge and experience through samskara rituals,
daily worship of family deity Lakshminarayana, daily practice of sandhya
upasana, recitation of Vishnu Saharanama, study and discussion of Bhagavad Gita,
in addition to his formal education. In this way, Guru Harideva gradually began
to grow from wise to wiser day by day. Bhagavata tells that a honey bee collects nectar from each flower irrespective of its size, colour, fragrance etc.
Likewise, an intelligent human being collects the essence of all religious
scriptures without any sectarian feeling. It is told in Bhagavad Gita and all
other scripture that, in every chapter from the beginning to the end of the
Vedas, Ramayana, Mahabharata, Puranas and all other religious teachings, only
Hari or the Ultimate Truth is described. Thus, the God Almighty is the essence
of all religious scriptures and all religious teachings. In his way, to know the
Ultimate Truth or to attain Self Realization, Guru Harideva tried to acquire this
essence from all sources without any sectarian feeling like a honey bee. This
practice of Harideva as a student gave shape to his personality and was
reflected in his later life which we will discuss at a proper place. (to be
continued )
ইয়াৰ আগৰ কেইটামান লিখনিত হৰিদেৱ গুৰুজনা কি ধৰণৰ পাৰিবাৰিক পৰিবেশৰ মাজত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হৈছিল আৰু আনুষ্ঠানিক তথা অনানুষ্ঠানিক শিক্ষা লাভ কৰিছিল তাক বিচাৰ কৰাৰ প্ৰয়াস কৰা হৈছে। এজন সাধাৰণ মানুহক পূৰ্ণ মানৱলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ অৱদান অপৰিসীম। অৱশ্যে ইয়াত শিক্ষা শব্দৰ দ্বাৰা এজন ব্যক্তিৰ ব্যক্তিত্ব আৰু চৰিত্ৰৰ গঠন, নৈতিক শক্তিৰ দৃঢ়তা সম্পাদন আৰু পাৰমাৰ্থিক উৎকৰ্ষ সাধন কৰিব পৰা শিক্ষা ব্যৱস্থাৰ কথা কোৱা হৈছে । পাৰিবাৰিক
পৰিবেশ অনুকূল নাথাকিলে ঘৰতে থাকি এনে শিক্ষা আহৰণ কৰা সম্ভৱ নহয় ।
এই ধৰণৰ শিক্ষাই সকলো প্ৰকাৰৰ অশুভ শক্তিক বিনাশ কৰি মানুহক ক্ৰমান্বয়ে পূৰ্ণতা প্ৰদান কৰে ।
পৰ্বতৰ ওপৰত থকা অনেক নিজৰাৰ পানী একেলগ হৈ ঠেক নদীৰ ৰূপত ভৈয়ামলৈ নামি আহে ।
যাত্ৰাপথত অনেক উপনৈৰ পানী ইয়াত মিলিত হয় ।
ফলত ঠেক নদীখন ক্ৰমন্বয়ে বহলৰ পৰা বহলতৰ হয় আৰু সমুদ্ৰত মিলিত হোৱাৰ সময়ত নদীখন সকলোতকৈ বেছি বহল হয় ।একেদৰে বিভিন্ন উৎসৰ পৰা অহা জ্ঞান গ্ৰহণ কৰি মানুহ ক্ৰমান্বয়ে জ্ঞানীৰ পৰা অধিক জ্ঞানী হয় আৰু সমস্ত জ্ঞান আহৰণ কৰাৰ অন্তত পূৰ্ণজ্ঞানী হৈ পৰমাত্মাৰ সৈতে মিলিত হয় ।
হৰিদেৱ গুৰুজনাই পৰম জ্ঞানসম্পন্ন পিতৃৰ পৰা বেদাঙ্গৰ জ্ঞান গ্ৰহণ কৰিছিল।
বেদবিহিত সংস্কাৰকৰ্ম , কূলদেৱতা লক্ষ্মীনাৰায়ণৰ নিত্য সেৱা উপাসনা, সন্ধ্যা উপাসনা , বিষ্ণু সহস্ৰ নামৰ পাঠ , গীতা শাস্ত্ৰৰ পাঠ আৰু আলোচনা আদিৰ পৰা আহৰণ কৰা শিক্ষা আৰু অভিজ্ঞতাৰ দ্বাৰা তেওঁৰ জ্ঞান দিনে দিনে বৰ্দ্ধিত হৈছিল । এনেদৰে হৰিদেৱ গুৰুজনা ক্ৰমান্বয়ে জ্ঞানীৰ পৰা অধিকতৰ জ্ঞানসম্পন্ন ব্যক্তিত পৰিণত হৈছিল ।
ভাগৱতত কোৱা হৈছে যে মৌমাখিয়ে সৰু বৰ বিভিন্ন আকৃতিৰ , বিভিন্ন ৰং আৰু গোন্ধ যুক্ত বা গোন্ধহীন ফুলৰ পৰা মৌৰস আহৰণ কৰে ।
একেদৰে বুদ্ধিমান ব্যক্তিয়ে সাম্প্ৰদায়িক ভাৱৰ পৰা মুক্ত থাকি সকলো জাতি ,ধৰ্ম ,সম্প্ৰদায়ৰ সকলো ধৰ্ম শাস্ত্ৰৰ সাৰ অংশ আহৰণ কৰে ।
শাস্ত্ৰত কোৱা হৈছে যে বেদসমুহ , ৰামায়ণ ,মহাভাৰত, সমস্ত পুৰাণ তথা সকলো ধৰ্মশাস্ত্ৰৰ আদিৰ পৰা অন্তলৈকে কেৱল মাত্ৰ হৰিকথা বা পৰম সত্যৰ কথা বৰ্ণনা কৰা আছে ।
গতিকে পৰম সত্য বা পৰমেশ্বৰ হৈছে সকলো ধৰ্মৰ সকলো ধৰ্মশাস্ত্ৰত বৰ্ণনা কৰা সকলো কাহিনীৰ নিৰ্যাস বা সাৰ ।
পৰম সত্যৰ বিষয়ে জনাৰ বা আত্মজ্ঞান লাভ কৰাৰ পথত অগ্ৰসৰ হোৱাৰ পথত হৰিদেৱ গুৰুজনাই সাম্পদায়িকতাৰ পৰা মুক্ত থাকি মৌমাখিৰ দৰে সকলো শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰাৰ প্ৰয়াস কৰিছিল।
ছাত্ৰাৱস্থাৰ এই অভ্যাসে তেওঁৰ ব্যক্তিত্বক গঢ় দিছিল আৰু পৰবৰ্ত্তী কালত গুৰুজনাৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল ।
উপযুক্ত স্থানত এই বিষয়ে কোৱাৰ চেষ্টা কৰা হ’ব ।
(আগলৈ)
No comments:
Post a Comment