In our preceding
post we told that the death of Dwija Ajanabha was imminent
and his
wife Parijati was unable to decide her
future course of action. Under this situation she approached her son Harideva
for guidance. From the angle of spiritual practice we should not consider it as
a simple exchange of talks between a mother and her son. In the Vedic culture it
is essential to treat Guru or Spiritual teacher as God Almighty irrespective of
his age, relationship etc. People face certain problems of peculier nature in their
life. It is not possible to solve those problems by application of human
intelligence. On arrival of such problem most of the people find it difficult
to decide his own duty. Here the necessity of guidance from a competent
spiritual master arises. In the scriptures we find large number of such
examples. In the battle field of Kurukshetra Arjuna became unable to decide
what to do.Lord Krishna gave him spiritual knowledge through the Gita to face
the situation. We mentioned in the
preceding post that Devahuti approached her Son Kapila for guidance in a
similar situation. Here Kapila delivered knowledge of Sankhya and the path of devotion
to help her. But prior to the delivery of spiritual knowledge , Arjuna surrendered
to his friend Krishna and adored him as a Guru, equivalent to God Almighty. Likewise,
Devahuti adored her son as God Almighty and prayed to him for spiritual guidance
with due surrendering. So, in the Vedic culture, a person who deliver spiritual
knowledge is a Guru and the seeker of the spiritual guidance is a disciple of that Guru and this is the only
relationship between them. Everywhere in the scriptures we find stories
depicting practical application of this rule. As discussed in our preceding
post, Parijati ,the wife of Dwija Ajanabha did not know the glories of her
husband .But she was in close
association of this man of higher spiritual wisdom for long time. As a
result of this association she was able to understand the spiritual advancement
of her 16 years old son Harideva and his ability to guide her. She was aware of
the scriptural direction issued to a disciple for approaching a spiritual
master. So she surrendered to her son just like a disciple and prayed him to
guide her spiritually like a Guru in the prevailed situation. (to be continued)
ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে হৰিদেৱৰ গুৰুজনাৰ মাতৃ পাৰিজাতিয়ে স্বামীৰ আসন্ন মৃত্যুৰ আগজাননী পোৱাৰ পিছত নিজৰ ভৱিষ্যত কৰ্ত্তব্য কি হ’ব তাক নিৰ্দ্ধাৰণ কৰিব পৰা নাছিল ।তেনে
পৰিস্থিতিত দিহা
পৰামৰ্শ লোৱাৰ বাবে তেওঁ নিজৰ পুত্ৰ হৰিদেৱৰ ওচৰ চাপিছিল ।পাৰমাৰ্থিক দিশৰ পৰা এই ঘটনাক মাতৃ আৰু পুত্ৰৰ মাজত চলা সাধাৰণ কথা বতৰা বা মত বিনিময় বুলি ধৰা উচিত নহয় ।
বৈদিক স্ংস্কৃতিত পাৰমাৰ্থিক বিদ্যাৰ শিক্ষক বা গুৰুক ভগৱান বুলি জ্ঞান কৰা হয় ।
গুৰুৰ বয়স বা গুৰুৰ সৈতে থকা অন্য পাৰিবাৰিক সা-সম্বন্ধৰ কথা একেবাৰে বিবেচনা কৰা নহয়।মানুহৰ জীৱনলৈ কিছুমান বিশেষ ধৰণৰ সমস্যা আহে ।
নিজৰ বুদ্ধি বৃত্তি প্ৰয়োগ কৰি তেনে সমস্যা সমাধান কৰা সম্ভৱ নহয় ।
এনে ধৰণৰ সমস্যাৰ উদ্ভৱ হ’লে বছিভাগ মানুহে নিজৰ কৰ্ত্তব্য নিৰ্দ্ধাৰণ কৰাত ব্যৰ্থ হয় ।
এইখিনিতে পাৰমাৰ্থিক জ্ঞানসম্পন্ন গুৰুৰ উপদেশ লোৱাৰ প্ৰয়োজন আহি পৰে।শাস্ত্ৰত এনে ধৰণৰ বহুতো উদাহৰণ পোৱা যায় ।
কুৰুক্ষেত্ৰৰ ৰণভূমিত অৰ্জুনে নিজৰ কৰ্ত্তব্য নিৰ্দ্ধাৰণ কৰিব পৰা নাছিল।
ভগৱান কৃষ্ণই গীতাৰ মাধ্যমত পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰি অৰ্জুনক সহায় কৰিছিল ।
ভাগৱতত কোৱামতে একে ধৰণৰ পৰিস্থিতিত নিজৰ কৰ্ত্তব্য
সম্পৰ্কে পৰামৰ্শ বিচাৰি দেৱহুতিয়ে নিজৰ পুত্ৰ কপিলৰ ওচৰ চাপিছিল ।
কপিলে সাংখ্য জ্ঞান আৰু ভক্তি যোগৰ বিধান দি তেওঁক সহায় কৰিছিল ।
কিন্তু দুয়োটা ঘটনাত এটা কথাৰ হুবহু মিল দেখা যায় ।
অৰ্জুনে উপদেশ লাভ কৰাৰ পূৰ্বে নিজৰে বন্ধু তথা আত্মীয় কৃষ্ণক ভগৱানৰ ৰূপত দৰ্শন কৰিছিল আৰু কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ।
একেদৰে দেৱহুতিয়ে নিজক পুত্ৰক ভগৱানৰ ৰূপত আৰাধনা কৰি আত্মসমৰ্পণ কৰাৰ পিছতহে তেওঁক জ্ঞান প্ৰদান কৰা হৈছিল।গতিকে বৈদিক সংস্কৃতিৰ নিয়ম মতে যিজনে পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰে তেওঁ গুৰু বা ভগৱান আৰু যিয়ে জ্ঞান গ্ৰহণ কৰে তেওঁ শিষ্য বা ভক্ত ।ইয়াত বাদে গুৰু আৰু শিষ্যৰ মাজত অন্য একো সম্পৰ্কৰ ভাৱ ৰাখিব নালাগে ।শাস্ত্ৰসমুহৰ সৰ্বত্ৰতে এই নিয়ম ব্যৱস্থা প্ৰতিপালনৰ উদাহৰণ বৰ্ণনা কৰা হিছে ।ইয়াৰ আগৰ লিখনিত কোৱা হৈছে যে পাৰিজাতিয়ে স্বামীৰ জ্ঞান=বুদ্ধিৰ মহত্ব কি তাক নাজানিছিল ।
কিন্তু সহধৰ্মিণী হিচাপে সুদীৰ্ঘ কাল তেওঁ দ্বিজ অজনাভৰ দৰে সাধু সন্ত পণ্ডিত ব্যক্তিৰ সান্নিধ্যত আছিল ।এই সাধু সঙ্গৰ প্ৰভাৱতে নিজৰ ষোল্ল বছৰীয়া পুত্ৰ হৰিদেৱৰ পাৰমাৰ্থিক জ্ঞান কিমান উন্নত তাক পাৰিজাতিয়ে জানিছিল।
তেওঁ পুত্ৰৰ পৰা উপযুক্ত জ্ঞান পাব বুলি বিশ্বাস কৰিছিল । গুৰুৰ পৰা জ্ঞান লাভ কৰাৰ বাবে শিষ্যই শাস্ত্ৰৰ
কি নিৰ্দেশ মানিব লাগে তাক তেওঁ জানিছিল ।
গতিকে একান্ত শিষ্যৰ দৰে তেওঁ পুত্ৰৰ ওচৰত আত্ম সমৰ্পণ কৰিছিল আৰু মাতা পুত্ৰৰ ভাৱ
নৰখাকৈ গুৰুৰ দৰে পাৰমাৰ্থিক জ্ঞান দান কৰি তেওঁক কৃতাৰ্থ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছিল। (আগলৈ)
No comments:
Post a Comment