While
imparting lessons of self realization to his mother, Guru Harideva mentioned that,Lord Krishna revealed the knowledge of Veda to Arjuna through Bhagavadgita. To make
it clear, we should keep in mind that subject wise, there are three divisions
of Veda.These are called Karma Kanda, Jnana Kanda and Upasana Kanda. Karma Kanda is related to the rules of performance of action. Jnana Kanda deals with teachings
of Vedas and UKasana kanda deals with worship of the divine powers. Thus, Karma Kanda of Veda is the basis of Karma Yoga of the Gita. Similarly Upasana Kanda and Jnana Kanda of Veda respectively, are the foundation of Bhakti Yoga and
Jnana Yoga depicted in Gita. Hence Guru Harideva told his mother that Veda is
revealed to Arjuna by Krishna through the Gita. Actually, in Bhagavadgita, Lord
Krishna told that if Karma and Jnana are coordinated with Bhakti or devotional service,
then these are converted to yoga. That is, the Karma and Jnana mixed with Bhakti
may become one’s connecting link with the God Almighty. Coordination of
devotional service with karma or actions is termed as Karma Yoga or path of
action. The same devotional service when coordinated with the quest for
knowledge is termed as Jnana Yoga or path of knowledge. When the devotional service
transcends the limits of activities and mental exercise for knowledge, it is
called Pure Bhakti Yoga or path of love and devotion. These paths may be different,
but all these are means of attainment of self realization and subsequent liberation
of the soul. Now, to proceed in the path of Jnana Yoga, the intellect of a
person should be very pure, powerful and intense. Hence this path is not
suitable for a person like Parijati. The path of Bhakti Yoga is the simplest
and easiest path. But for attainment of self realization through this path one has
to wait obediently with unshaken faith for the mercy of the God Almighty. This
is because a true devotee is not supposed to expect anything from God including
relief from his personal troubles and even liberation from worldly attachments. In the prevailed situation, Parijati wanted immediate
relief from her mental agony. So , Guru Harideva simply explained about this
path for her knowledge, but he did not recommend this path for practice of his mother. (to
be continued)
গীতাৰ জৰিয়তে
ভগৱান কৃষ্ণই অৰ্জুনক
বেদজ্ঞান প্ৰদান কৰিছিল
বুলি হৰিদেৱ গুৰুজনাই উল্লেখ
কৰিছে। মাতৃ পাৰিজাতিক আত্মজ্ঞানৰ পাঠ শিকোৱাৰ সময়ত গুৰুজনাই এই কথা কৈছিল। এই প্ৰসঙ্গত
আমি মন কৰা উচিত যে বিষয় বস্তুৰ
ফালৰ পৰা বেদ তিনিটা ভাগত বিভক্ত ।এই বিভাগ কেইটা হৈছে কৰ্মকাণ্ড
, জ্ঞানকাণ্ড আৰু উপাসনা কাণ্ড । কৰ্মকাণ্ড কৰ্মসমুহ
কৰাৰ নিয়ম প্ৰণালী
আৰু কৰ্মৰ
ফলাফল আদিৰ সৈতে সম্পৰ্কিত। জ্ঞানকাণ্ডত বেদৰ জ্ঞান অংশক আলোচনাৰ বিষয়বস্তু কৰা হৈছে আৰু উপাসনা কাণ্ডত
ঐশ্বৰিক শক্তিৰ আৰাধনা
আদিৰ বিষয়ে
কোৱা হৈছে। সেই হিচাপে
বেদৰ কৰ্মকাণ্ডক ভিত্তি
হিচাপে লৈ গীতাত কৰ্মযোগৰ জ্ঞান দিয়া হৈছে । একেদৰে বেদৰ জ্ঞানকাণ্ড আৰু উপাসনা কাণ্ড যথাক্ৰমে গীতাৰ জ্ঞানযোগ আৰু ভক্তিযোগৰ সৈতে সম্পৰ্কিত । সেই কাৰণে গুৰুজনাই গীতাৰ জৰিয়তে
কৃষ্ণই অৰ্জুনক বেদজ্ঞান
দিয়া বুলি কৈছে । প্ৰকৃতাৰ্থত গীতাত ভগৱান কৃষ্ণই
কৈছে যে ভক্তিমূলক
সেৱা কাৰ্যৰ সৈতে কৰ্ম আৰু জ্ঞানৰ সমন্বয়
সাধন কৰি কৰ্ম আৰু জ্ঞানক
যোগত পৰিণত
কৰিব পাৰি ।
যোগৰ অৰ্থ হৈছে ভগৱানৰ সৈতে সংযোগ সাধন । ভক্তি ভাৱৰ সৈতে সমন্বয়
সাধন কৰি কৰ্ম কৰাকে গীতাত কৰ্মযোগ বুলি কোৱা হৈছে । একেদৰে জ্ঞান অৰ্জন কৰাৰ বাবে যি মানসিক প্ৰচেষ্টা
কৰা হয় তাৰ সৈতে ভক্তি ভাৱৰ সমন্বয়
সাধন কৰাই গীতাৰ জ্ঞানযোগ। আনহাতে কৰ্ম প্ৰচেষ্টা
বা জ্ঞান লাভৰ প্ৰচেষ্টা ইত্যাদিৰ
সৈতে সংযোগ নোহোৱাকৈ
কেৱল মাত্ৰ ভগৱানৰ
সেৱাৰ সৈতে যুক্ত শুদ্ধ ভক্তিক গীতাত ভক্তিযোগ বুলি কোৱা হৈছে। দেখাত পৃথক পৃথক হ’লেও তিনিওটা
পথ বা যোগৰে একমাত্ৰ
লক্ষ হৈছে আত্মজ্ঞান
প্ৰাপ্তি আৰু মুক্তি
লাভ । এতিয়া, জ্ঞান যোগৰ পথেৰে আগবাঢ়িব
খোজা ব্যক্তিৰ বুদ্ধি
বিশুদ্ধ , প্ৰখৰ আৰু গভীৰ হ’ব লাগে । গতিকে এই পথ মাতৃ পাৰিজাতিৰ দৰে ব্যক্তিৰ বাবে উপযোগী হ’ব নোৱাৰে
। ভক্তি যোগ হৈছে আত্মজ্ঞান প্ৰাপ্তিৰ
সবাতোকৈ সহজ সৰল আৰু নিশ্চিত
পথ।
কিন্তু এই পথেৰে আত্মজ্ঞান লাভ কৰিব বিচাৰিলে
অটল বিশ্বাস আৰু ধৈৰ্য সহকাৰে
ভগৱানৰ কৃপাৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণ শুদ্ধ ভক্তি যোগ অৱলম্বন কৰা ভক্তই ভগৱানৰ পৰা একো নিবিচাৰে। নিজৰ দুখ যন্ত্ৰণাকো
ভগৱানৰ অনুগ্ৰহ বুলি ভাবি আনন্দ মনে সহ্য কৰে। মুক্তিলাভকে ধৰি অন্যান্য একো বিষয়তে তেওঁলোকৰ স্পৃহা নাথাকে । উপস্থিত
পৰিস্থিতিত গুৰুজনাৰ মাতৃ পাৰিজাতিয়ে নিজৰ মানসিক যন্ত্ৰণাৰ
পৰা আশু অব্যাহতি পাবৰ বাবে পুত্ৰৰ
পৰা উপদেশ বিচাৰিছিল
।গতিকে গুৰুজনাই
চমুকৈ তিনিওটা পথৰ সাধাৰণ জ্ঞান দিছিল যদিও সেই পৰিস্থিতিত মাতৃক
জ্ঞানযোগ বা ভক্তিযোগৰ
পথ লোৱাৰ দিহা দিয়া নাছিল । (আগলৈ)
No comments:
Post a Comment