Sunday, 14 June 2020

Understanding Guru Harideva’s Approach Towards Unity-98 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৯৮)


The original Vedic hymns revealed to the ancient sages as transcendental sound vibrations are collectively called Samhita. Samhita or the original Vedic hymns are carried over for thousands of generations in pure memory form since its revelation to the Sages or Mantradrastas. The Rishis laid down very strict rules for recitation of those hymns and hence it is not at all possible to alter even a letter or make even  minutest change in the accent of recitation of Veda. So, Veda is always original and cannot be corrupted by any body in any way. In chanting the Veda, swara or accent is of great importance. So, the only method of learning, teaching of veda and transferring this knowledge in purest form  to the next generations is recitation along with a Guru.  Bhagavata  tells that the meaning of  each word of the Vedic hymns is very deep and broad  like the ocean. Even for sages of higher knowledge also these are  difficult to understand . So, Sages of all ages used their vast knowledge to simplify the meaning of Samhita or original Vedic Hymns to the level of understanding of people from time immemorial. In this process of simplification, Scriptures like Brhamana and Upanisadas were compiled based on those Samhitas. Six types of Vedangas were composed by the ancient sages about which we already discussed in our post of 15.5.20.  Sage Vyasdeva classified and divided the original Vedic hymns into four Samhitas making it possible to study the Veda part by part. He also explained Vedic Knowledge through Bhagavad Gita, Mahabharata, eighteen numbers of Puranas and Vedanta Sutra. In such situation, performance of penance or tapasya for understanding of Veda or supreme knowledge means nothing but deep study and concentration on the teachings of the scriptures mentioned above  following all prescribed rules and regulations. By such practice one can make himself fit for understanding the original Veda. After this, one should finally approach a competent Guru and learn recitation of the Samhita hymns with proper accent. In this way one acquires the Veda or supreme knowledge or in other words the Veda is revealed to him by the God Almighty. This is a very simple outline to have a preliminary idea about the preparation required for the study of Veda. Guru Harideva completed this preparation under the guidance of his father Dwija Ajanabha and was ready to approach a competent Guru for last part of the study of Veda at his young age of 16 years. (to be continued)

ধ্যানৱস্থাত থকা প্ৰাচীন কালৰ ঋষি মুনি সকলৰ হৃদয়ত ইন্দ্ৰিয়াতীত দৈৱিক শব্দধ্বনিৰ মাধ্যমত প্ৰকাশিত হোৱা বেদমন্ত্ৰসমুহৰ সমষ্টিক সংহিতা বুলি কোৱা হয় সংহিতা বা মূল বেদমন্ত্ৰসমুহ মন্ত্ৰদ্ৰষ্টা ঋষিসকলৰ হৃদয়ত প্ৰকাশ হোৱাৰ দিনৰে পৰা  আজিলৈকে  হাজাৰ হাজৰ বছৰ ধৰি  বিশুদ্ধ ৰূপত আৰু মৌখিকভাৱে প্ৰবাহিত হৈ আহিছে  ঋষিসকলে বিশুদ্ধতা ৰক্ষা কৰি বেদমন্ত্ৰ আবৃত্তি কৰাৰ বাবে কিছুমান বিশেষ ব্যৱস্থাৰ প্ৰবৰ্ত্তন কৰি গৈছে সেই কাৰণে মূল বেদমন্ত্ৰৰ এটা আখৰ বা মূল বেদধ্বনিৰ সামন্যতম পৰিবৰ্ত্তন কৰিলেও বেদমন্ত্ৰ আবৃত্তি কৰা সম্ভৱ নহয় গতিকে বেদ পৰমেশ্বৰৰ পৰা ঋষিসকলে যি ধৰণে লাভ কৰিছিল সদায় তেনেকৈয়ে  থাকে কোনো কালতে,  কাৰো দ্বাৰা বা কোনোপধ্যে মূল বেদত কোনো নতুন কথা সংযোগ কৰা সম্ভৱ নহয় আৰু মূল বেদত থকা একো কথা বাদ দিবও নোৱাৰি বেদমন্ত্ৰ আবৃত্তি কৰাৰ বেলিকা উচ্চাৰণভঙ্গীৰ বিশুদ্ধতা ৰক্ষা কৰা অতি অপৰিহাৰ্য গতিকে বেদ শিকা ,শিকোৱা আৰু এক প্ৰজন্মৰ পৰা পৰবৰ্ত্তী প্ৰজন্মলৈ বেদজ্ঞান  লৈ যোৱাৰ একমাত্ৰ উপায় হৈছে অভিজ্ঞ গুৰুৰ সৈতে একেলগে বেদমন্ত্ৰ আবৃত্তি কৰা ভাগৱতত কোৱা হৈছে যে বেদধ্বনিত ব্যৱহাৰ হোৱা সংহিতা মন্ত্ৰৰ প্ৰত্যেকটো শব্দৰ অৰ্থ মহাসাগৰৰ দৰে গভীৰ আৰু বিশাল জ্ঞানসম্পন্ন ঋষিমুনি সকলেও ইয়াৰ অৰ্থ বুজিবলৈ টান পা সে কাৰণে বিভিন্ন কালৰ মহাজ্ঞানী ঋষিমুনি সকলে অতি প্ৰাচীন কালৰে পৰা সংহিতা বা মূল বেদমন্ত্ৰৰ অৰ্থ সৰল কৰিবৰ বাবে অনেক প্ৰচেষ্টা কৰি আহিছে এই সৰলীকৰণৰ অংশ হিচাপে মূল সংহিতাৰ ওপৰত ভিত্তি কৰি ব্ৰাহ্মণ আৰু উপনিষদ নামৰ গ্ৰন্থসমুহ প্ৰণয়ন কৰা হৈছে আমাৰ ১৫..২০ তাৰিখৰ লিখনিত কৈ অহা ধৰণে ছয় প্ৰকাৰ বেদাঙ্গ শাস্ত্ৰ ৰচনা কৰা হৈছে মহৰ্ষি ব্যাসদেৱে মূল বেদ মন্ত্ৰসমুহক বিষয় অনুসৰি চাৰিখন সংহিতাত বিভাগ কৰি অংশ অংশ হিচাপে ভাৱে বেদ অধ্যয়ন কৰাৰ সুবিধা কৰি থৈছে গীতা , মহাভাৰত , ওঠৰখন পুৰাণ , বেদান্ত সূত্ৰ আদি শাস্ত্ৰৰ মাধ্যমত ব্যাসদেৱে বেদমন্ত্ৰৰ অৰ্থ সৰলভাৱে ব্যাখ্যা কৰিছে এনে পৰিস্থিতিত বেদজ্ঞান লাভ কৰাৰ বাবে তপস্যা কৰাৰ অৰ্থ হৈছে নিৰ্দিষ্ট নিয়মমতে এই শাস্ত্ৰসমুহৰ গভীৰ অধ্যয়ন আৰু চিন্তা চৰ্চা কৰা এই অভ্যাসৰ দ্বাৰা এজন ব্যক্তিযে মূল বেদমন্ত্ৰ বা সংহিতাৰ অৰ্থ বুজাৰ বাবে  উপযোগী জ্ঞান  ,বুদ্ধি আৰু শাৰীৰিক তথা  মানসিক বিশুদ্ধতা  লাভ কৰিব পাৰে ইয়াৰ পিছৰ পৰ্যায়ত অভিজ্ঞ গুৰুৰ ওচৰলৈ গৈ বেদমন্ত্ৰ শুদ্ধভাৱে আবৃত্তি কৰাৰ অভ্যাস কৰিব লাগে এনেদৰে এজন ব্যক্তিয়ে বেদজ্ঞান লাভ কৰে বা ভগৱানে তেনে ব্যক্তিৰ হৃদয়ত বেদজ্ঞান প্ৰকাশিত কৰে ওপৰত বৰ্ণনা কৰা কথাখিনি বেদ আৰু বেদ অধ্যয়্ন সম্পৰ্কত সাধৰণ জ্ঞানৰ ফালৰ পৰা বিচাৰ কৰা এটা থূলমূল ধাৰণা বুলি পাৰি হৰিদেৱ গুৰুজনাই নিজ পিতৃৰ তত্বাবধনত ওপৰোক্ত সমস্ত প্ৰকাৰৰ অধ্যয়ন সমাপ্ত কৰি ষোল্ল বছৰ বয়সত অভিজ্ঞ গুৰুৰ অধীনত মূল বেদ বা সংহিতা পাঠ অভ্যাস কৰাৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছিল (আগলৈ)

No comments:

Post a Comment