Guru Harideva had one
sister. She was ten years younger than him. Her name was Subhadra. Both the children were happily living with their
father Ajanabha and mother Parijati. Their
residential atmosphere was like the hermitage of a Vedic sage. The spiritual
master, father, mother, brother, sister, guests, invitees and many other human
and non human living entities are connected with a family. In Bhagavata it is
told that they represent the Vedas, lord Brahma, Goddess Earth, Indra, principle
of mercy, religious principles, demigod Agni and Lord Vishnu respectively.Thus
all people and other living entities connected with our family are various
forms of divine powers and we should respect and take care of them accordingly.
In the family of Harideva application of this scriptural principle was fully
reflected. Goddess Earth represents the
principle of tolerance. This characteristic was fully reflected in Parijati, mother
of Guru Harideva. She was not only the mother of her own son and daughter. As a
guru patni or wife of teacher Dwija Ajanabha, she was also the mother of all
the students studying under her husband. The students of the Tole of Dwija
Ajanabha lived together with his family. The relationship between those
students and their Guru’s wife Parijati was like that of son and mother. Parijati
had to feed and take care of the
students in a motherly way.This burden
was additional to her compulsory house hold duties related to her
husband, own children, entertainment of guest and all other obligatory social
and religious duties related to their family tradition as described in our
earlier posts. Scriptures tell that there is no greater scripture than the Vedas
and there is no greater teacher than a mother.
A father is equal to 100 teachers and mother is 10 times more important than the
father in imparting knowledge.This shows the importance of guru patni Parijatii
in the family of Ajanabha. Moreover, a good
wife is one who helps her husband through thoughts, speech
and action. Parijati had all those qualities of a
dutiful and loving wife. Above all, she
was an affectionate and responsible mother not only for her own children but
also for the students staying with her family. She was always tolerant and peaceful like Goddess Earth though the
weight of her wifehood and motherhood was too big to bear. (to be continued)
হৰিদেৱ গুৰুজনাৰ এজনী ভনীয়েক আছিল ।তেওঁতকৈ দহ বছৰ সৰু ভনীয়েক জনীৰ নাম আছিল সুভদ্ৰা । দুয়ো ভাই ভনীয়ে পিতৃ অজনাভ আৰু মাতৃ পাৰিজাতিৰ সৈতে সুখে সন্তোষে বাস কৰিছিল । তেওঁলোকৰ বাসস্থানৰ পৰিবেশ পুৰণি কালৰ বৈদিক ঋষিৰ আশ্ৰমৰ দৰে আছিল । গুৰু ,পিতা ,মাতা ,ভাই,ভনী ,অভ্যাগত অতিথি , নিমন্ত্ৰিত অন্যান্য ব্যক্তি আৰু জীৱ জন্তু ইত্যাদি এটা পৰিয়ালৰ সৈতে সম্পৰ্কিত হৈ থাকে । ভাগৱতত কোৱা হৈছে গুৰু বেদৰ, পিতা ব্ৰহ্মাৰ, মাতা পৃথিৱীৰ, ভাই ইন্দ্ৰৰ, ভনী দয়াৰ , অভ্যাগত অতিথি ধৰ্মৰ , নিমন্ত্ৰিত ব্যক্তি অগ্নিৰ আৰু অন্য সকলো মানুহৰ লগতে জীৱ-জন্তু আদি সকলো ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্ত্তি । অৰ্থাৎ আমাৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত সকলো মানুহ তথা মানুহতকৈ তলৰ খাপৰ প্ৰাণী একো একোটা ঐশ্বৰিক শক্তিৰ মূৰ্ত্তিমান ৰূপ আৰু আমি এই কথা মনত ৰাখি সকলোকে শ্ৰদ্ধা আৰু আদৰ সন্মান কৰা উচিত । হৰিদেৱ গুৰুজনাৰ পৰিয়ালত এই শাস্ত্ৰীয় নীতিৰ আধাৰত সকলোৰে সৈতে সম্পৰ্ক ৰক্ষা কৰা হৈছিল । পৃথিৱীৰ প্ৰতিমূৰ্ত্তি ৰূপে চিহ্নিত দৈবিক শক্তি মাতৃ হৈছে সহনশীলতাৰ মূৰ্ত্ত ৰূপ। হৰিদেৱ গুৰুজনাৰ মাতৃ পাৰিজাতি পৃথিৱীৰ দৰেই সহনশীলা আছিল। তেওঁ অকল নিজৰ সন্তান দুটিৰে মাতৃ নাছিল । শিক্ষাগুৰুৰ পত্নী হিচাপে তেওঁ অজনাভৰ ওচৰত শিক্ষা গ্ৰহণ কৰা সকলো ছাত্ৰৰ মাতৃ আছিল । দ্বিজ অজনাভৰ টোলত পঢ়া ছাত্ৰসকলে তেওঁৰ পৰিয়ালৰ সৈতে একেলগে বাস কৰিছিল । গুৰুপত্নী পাৰিজাতি আৰু এই ছাত্ৰ সকলৰ মাজত মাতৃ পুত্ৰৰ সম্পৰ্ক আছিল। পাৰিজাতিয়ে নিজৰ সন্তানৰ সমানে ছাত্ৰ সকলৰো খোৱা বোৱা আদিকে দৰি সকলো প্ৰকাৰৰ আদৰ যত্ন লৈছিল। নিজৰ স্বামী, সন্তান, আলহী-অতিথিৰ সেৱা যত্ন আৰু পৰিয়ালৰ পাৰম্পৰিক ধৰ্মীয় আৰু সামাজিক আচাৰ অনুষ্ঠান আদি কৰ্ত্তব্যৰ উপৰঞ্চি ভাৱে এই দায়িত্ব ল’ব লগীয়া হৈছিল। শাস্ত্ৰই কৈছে যে বেদতকৈ মহান কোনো শাস্ত্ৰ নাই আৰু মাতৃতকৈ শ্ৰেষ্ঠতৰ কোনো শিক্ষক নাই । এজন পিতৃ এশজন শিক্ষকৰ সমতুল্য কিন্তু শিক্ষক হিচাপে মাতৃৰ সামৰ্থ্য তাতোকৈ দহগুণ অধিক । ইয়াৰ পৰাই অজনাভৰ পৰিয়ালত পাৰিজাতিৰ গুৰুত্ব কিমান আছিল তাক অনুমান কৰিব পাৰি । চিন্তা , বাক্য আৰু কৰ্মৰ দ্বাৰা যি পত্নীয়ে পতিক সহায় কৰিব পাৰে তেওঁক উত্তমা পত্নী বুলি শাস্ত্ৰত কোৱা হৈছে । অজনাভৰ জীৱনসঙ্গিনী পাৰিজাতি এই সকলো গুণেৰে বিভুষিতা কৰ্ত্তব্য পৰায়ণা আৰু সকলোৰে প্ৰতি সহানুভূতিশীলা মহিলা আছিল । সৰ্বোপৰি এগৰাকী স্নেহশীলা আৰু দায়িত্ব্শীলা মাতৃ হিচাপে তেওঁ নিজৰ সন্তানৰ সমানে নিজৰ ঘৰত থকা ছাত্ৰসকলকো সেৱা শুশ্ৰুষা কৰাৰ দায়িত্ব অতি আগ্ৰহেৰে গ্ৰহণ কৰিছিল। পত্নী আৰু মাতৃ হিচাপে ইমান গধুৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিও তেওঁ বসুমতীৰ দৰে সহনশীলা আৰু শান্ত হৈ থাকিব পাৰিছিল ।(আগলৈ)
No comments:
Post a Comment