Guru Harideva had to deliver spiritual advice
for the first time to his mother Parijati at his age of 16 years. This is
not a new thing in spiritual field. In Bhagavata there is description of one lady named
Devahuti. Before marriage she was a
princess. Her husband Sage Kardama performed severe penance and was bestowed
with higher mystic power prior to his marriage. This fact was
unknown to Devahuti. She loved the sage very much. Like all other ordinary
women she was attached to the objects of senses. She took charge of all
household duties and satisfied her husband with dedicated service. Their son was
Kapila and they had some daughters also. Kapila is said to be an incarnation of
lord Vishnu. In Bhagabad Gita Lord Krishna mentioned him as his bibhuti or
person of highest rank among the Siddhas. Siddhas are persons who have
spititual perfection. After completion of familial duties like marriage of
daughters etc, sage Kardama renounced worldly life leaving Devahuti with her son
Kapila. As long as Devahuti was with her husband, she was not able to
understand the spiritual advancement of her husband and was enjoying her life
happily like an ordinary housewife. As soon as Kardama moved away from her,
then only she was able to realize that she had nothing in hand for further worthy
living. Under such a situation she approached her wise son Kapila for
advice. Kapila revealed to her the Sankhya
system of philosophical wisdom and also the glories of devotional service to
God and then left his mother and went for performance of penance. The knowledge
revealed to Devahuti by Kapila led her towards attainment of self realization
and subsequent liberation. In Bhagavata these things are described in details. Basically
the same thing happened to Parijati, the mother of Guru Harideva also. Parijati
spent the whole life extending her dedicated service as a simple house wife for
the cause of Dwija Ajanbha and his mission of spreading education. She had no
relation with the intelligence and knowledge of Dwija Ajanabha. Now she
realized that nothing is going to remain with her for living a worthy life
after the death of her husband. This thought created agony in her mind and she
sought advice from her son Harideva in this regard. Harideva at first explained
to her the path of action, devotion and knowledge as told in Bhagavad Gita to
make her mind stable and then finally advised
her what to do in the prevailing
situation. (to be continued)
হৰিদেৱ গুৰুজনাই ষোল্ল বছৰ বয়সত তেওঁৰ
প্ৰথম ধৰ্ম উপদেশ নিজৰ মাতৃক প্ৰদান কৰিছিল। পাৰমাৰ্থিক চৰ্চাত ব্ৰতী হৈ থকা লোকৰ বাবে এই কথা একো নতুন নহয় । ভাগৱতত দেৱহুতি নামৰ এজনী মহিলাৰ কথা বৰ্ণনা কৰা হৈছে । বিয়াৰ আগতে তেওঁ এজনী ৰাজকুমাৰী আছিল। তেওঁৰ স্বামী কৰ্দম ঋষিয়ে বিয়াৰ পূৰ্বতে কঠোৰ তপস্যাৰ বলত বহুতো গুপ্ত আৰু ৰহ্স্যময় যৌগিক শক্তি আহৰণ কৰিছিল। এই কথা দেৱহুতিয়ে জনা নাছিল । ঋষিৰ প্ৰতি তেওঁৰ প্ৰগাঢ় প্ৰেম আছিল আৰু সাধাৰণ গৃহস্থ ঘৰৰ তিৰোতাৰ দৰে ইন্দ্ৰিয়গ্ৰাহ্য সুখ সুবিধা ভোগৰ প্ৰতি তেওঁৰ অধিক ৰুচি আছিল । দেৱহুতিয়ে গৃহস্থীৰ সকলো কাম কাজৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ঋষিৰ সেৱাত নিজকে উছৰ্গা কৰি সেৱামূলক কৰ্মৰ দ্বাৰা ঋষিক অতিশয় সন্তুষ্ট কৰি ৰাখিছিল। তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ নাম আছিল কপিল আৰু তেওঁলোকৰ কন্যা সন্তানো আছিল। কপিলক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হৈছে । ভগৱদ্গীতাত ভগৱান কৃষ্ণই কপিলক নিজৰ বিভূতি বা সিদ্ধসকলৰ ভিতৰত সবাতোকৈ শ্ৰেষ্ঠ বুলি কৈছে । যিসকলে পাৰমাৰ্থিক দিশত পূৰ্ণতা অৰ্জন কৰে তেওঁলোকক সিদ্ধ বুলি কোৱা হয় । কন্যাৰ বিবাহ আদি পাৰিবাৰিক দায়িত্ব সমাপ্ত কৰাৰ পিছত দেৱহুতিক পুত্ৰ কপিলৰ লগত এৰি ঋষি কৰ্দমে সংসাৰ ত্যাগ কৰি তপস্যাৰ বাবে গুছি গৈছিল ।কৰ্দম ঋষিৰ প্ৰতি প্ৰেমপূৰ্ণ সেৱা আগবঢ়াই থকালৈকে দেৱহুতিয়ে ঋষিৰ পাৰমাৰ্থিক উচ্চ স্থিতি সম্পৰ্কে একো জনা নাছিল আৰু সাধাৰণ গৃহস্থৰ তিৰোতাৰ দৰে সাংসাৰিক সুখ আনন্দ ভোগ কৰি অত্যন্ত সুখত আছিল । কিন্তু কৰ্দম ঋষিয়ে এৰি যোৱাৰ পিছত তেওঁ বুজি পাইছিল যে ইয়াৰ পিছৰ কালছোৱাত অৰ্থপূৰ্ণ ভাৱে জীৱন যাপন কৰাৰ বাবে তেওঁৰ হাতত একো নাই। এনে পৰিস্থিতিত তেওঁ পুত্ৰ কপিলৰ পৰা পৰামৰ্শ বিচাৰিছিল । কপিলে তেওঁক সাংখ্য দৰ্শনৰ জ্ঞান আৰু ভগৱানৰ প্ৰতি ভক্তি বিষয়ক উপদেশ প্ৰদান কৰাৰ পিছত মাতৃৰ পৰা বিদায় লৈ তপস্যা কৰাৰ বাবে ঘৰ এৰি গুছি গৈছিল । কপিলৰ উপদেশ মতে সাধনা কৰি দেৱহুতিয়ে আত্মজ্ঞান আৰু মুক্তি লাভ কৰিছিল। ভাগৱতত এই বিলাক বিতংকৈ লিখা আছে। মূল কথাখিনি বিচাৰ কৰি চালে এই কাহিনীৰ সৈতে হৰিদেৱ গুৰুজনাৰ মাতৃ পাৰিজাতিৰ জীৱন কাহিনীৰ মিল আছে । পাৰিজাতিয়ে সমগ্ৰ জীৱন স্বামীৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিছিল। দ্বিজ অজনাভৰ জীৱনৰ একমাত্ৰ ব্ৰত আছিল শিক্ষাৰ বিস্তাৰ কৰা। তেওঁৰ এই কাৰ্যসূচীৰ সফলতাৰ অৰ্থে এজনী সাধাৰণ গৃহিণী হিচাপে পাৰিজাতিয়ে নিস্বাৰ্থ সেৱা আগ বঢ়াইছিল। অজনাভৰ জ্ঞান বুদ্ধিৰ সৈতে তেওঁৰ একো সম্পৰ্ক নাছিল। পৰিবৰ্ত্তিত পৰিস্থিতিত তেওঁ বুজি পাইছিল যে স্বামীৰ মৃত্যুৰ পিছত এটা অৰ্থবহ জীৱন যাপন কৰাৰ বাবে তেওঁৰ হাতত একো নাথাকে । এই চিন্তাই তেওঁৰ মন অস্থিৰ কৰি তুলিছিল আৰু অৱশেষত তেওঁ উপদেশ বিচাৰি পুত্ৰ হৰিদেৱৰ ওচৰ চাপিছিল । পুত্ৰ হৰিদেৱে প্ৰথমে গীতাৰ কৰ্মযোগ, জ্ঞানযোগ আৰু ভক্তিযোগ ব্যাখ্যা কৰি মাকৰ মন স্থিৰ কৰাৰ পিছত বৰ্ত্তমান পৰিস্থিতিত মাকৰ কৰ্ত্তব্য কি সেই বিষয়ে উপদেশ দিছিল । (আগলৈ)
No comments:
Post a Comment