Guru Harideva
was full of scriptural wisdom. His family was enriched with highly refined
Vedic education and culture. The respect of mother Parijati was very high in this
family. Guru Harideva used to adore his mother like a Goddess. In the prevailed
situation Parijati wanted spiritual guidance. So she surrendered to her son as
a disciple and prayed for spiritual guidance obeying the Vedic regulations. But
Guru Harideva considered it as an order from his mother. In Vedic culture the
order from mother can not be violated. So he decided to obey his mother’s order.
He was well aware of the fact that his mother was in association of her husband
Dwija Ajanabha, a great scholar of saintly personality, for a long time. She
rendered selfless service to her husband and his noble mission of educating
people. She was always engaged in the devotional service to lord Vishnu as her traditional
household duty. These activities already placed her in a spiritually uplifted position.
But she was not aware of the things she already achieved through those noble activities.
This was the cause of her mental agony under the prevailed situation. This situation
of Parijati can be understood from the example of a similar situation aroused to
the Gopis of Vrindavana, as depicted in Bhagavata. The hearts of the Gopis were
uninterruptedly occupied with thoughts of Krishna. Inspite of that, when
Krishna physically went away from them, they were feeling separated from Krishna.To
make them realize his uninterrupted presence with each of them as their own self, Lord
Krishna revealed knowledge to them the gist of which is as follows . The five elements ether, water,
earth, air and fire are basic construction materials of our body. These basic
elements are there prior to the beginning of our body. These also remain after
the end of our body. These are within our body and also without being included
in our body. In a similar way Lord Krishna is there before the beginning and
after the end of all created beings and exists both within and without them as
the consciousness or self. One who realizes this Krishna or self or consciousness
within him, never feel separated from anybody or anything and suffer. After
getting this knowledge from Lord Krishna, the Gopis attained self realization
and subsequent liberation. The same thing happened to Parijati also and Guru
Harideva decided to impart knowledge to help her attain self realization.(to be
continued)
হৰিদেৱ গুৰুজনা উচ্চ
পৰ্যায়ৰ বৈদিক শিক্ষা সংস্কৃতি সম্পন্ন পৰিয়ালৰ আদৰ্শত প্ৰতিপালিত মহাজ্ঞানী পুৰুষ
আছিল।
তেওঁ মাতৃ পাৰিজাতিক দেৱীজ্ঞান কৰিছিল ।
পৰিস্থিতিত পৰি মাতৃয়ে পুত্ৰৰ পৰা পাৰমাৰ্থিক জ্ঞান লোৱাৰ
প্ৰয়োজন হৈছিল। সেয়েহে বেদে নিৰ্ধাৰণ
কৰা নিয়ম মানি তেওঁ পুত্ৰৰ ওচৰত শিষ্যৰ দৰে আত্মসমৰ্পণ কৰিছিল আৰু জ্ঞান দান কৰাৰ বাবে প্ৰাৰ্থনা ৰাখিছিল।
কিন্তু পুত্ৰ হৰিদেৱে পাৰিজাতিৰ এই প্ৰাৰ্থনাক মাতৃৰ আদেশ বুলি ধৰি লৈছিল।
বৈদিক সংস্কৃতিত মাতৃৰ আজ্ঞা পালন কৰা বাধ্যতমূলক ।
গতিকে আদেশ পালনৰ মনোভাৱ
লৈ তেওঁ মাতৃক জ্ঞান দান কৰাৰ বাবে সাজু হৈছিল। তেওঁ ভালদৰে জানিছিল যে মাতৃ পাৰিজাতি দ্বিজ অজনাভৰ দৰে ঋষিতুল্য পণ্ডিত ব্যক্তিৰ সান্নিধ্যত অতি সুদীৰ্ঘ কালৰ পৰা আছে।
অতিশয়
সাধু
গুণসম্পন্ন স্বামীক ছাঁৰ দৰে লাগি থাকি সেৱা শুশ্ৰুষা কৰি আহিছে। শিক্ষাদানক জীৱনৰ ব্ৰত
হিচাপে
গ্ৰহণ কৰি সমাজক সেৱা কৰি থকা
স্বামীৰ
সকলো কাৰ্যসূচীতে সহযোগ কৰি সম্পূৰ্ণ নিষ্কাম ভাৱে সেৱা আগ বঢ়াই আহিছে।
ভগৱান বিষ্ণুৰ সেৱা অৰ্চনাক পাৰিবাৰিক নিত্যকৰ্মৰ অংশ কৰি লৈ অবিৰাম বিষ্ণুভক্তিত মগ্ন হৈ আহিছে ।
এই সমুহ কাৰ্যৰ দ্বাৰা তেওঁ ইতিমধ্যে পাৰমাৰ্থিক প্ৰগতিৰ উচ্চ স্তৰত প্ৰতিষ্ঠিত হৈ আছে। কিন্তু
নিজৰ এই পাৰমাৰ্থিক উচ্চাৱস্থাৰ বিষয়ে তেওঁ জ্ঞাত নহয় ।বৰ্ত্তমানৰ পৰিস্থিতিত মাতৃয়ে যি মানসিক যন্ত্ৰণা ভোগ কৰি আছে তাৰ ইয়ে কাৰণ ।
পাৰিজাতিৰ এই মানসিক স্থিতি স্পষ্ট কৰাৰ বাবে আমি ভাগৱতত বৰ্ণনা কৰা বৃন্দাৱনৰ গোপীসকলৰ মানসিক স্থিতিৰ উদাহৰণ ল’ব পাৰো ।
বৃন্দাবনৰ গোপীসকলৰ অন্তৰ সদা সৰ্বদা কৃষ্ণ ভাৱনাত মগ্ন হৈ আছিল ।
তথাপিও কৃষ্ণ শাৰীৰিক ভাৱে তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ পিছত গোপীসকলে কৃষ্ণৰ পৰা পৃথক হৈ যোৱা বুলি শোক কৰিছিল ।
তেনে অৱস্থাত থকা গোপীসকলে
যাতে তেওঁলোকৰ প্ৰত্যেকৰে অন্তৰত আত্মাৰূপে সদাবৰ্ত্তমান কৃষ্ণৰ উপস্থিতি অনুভৱ কৰিব পাৰে তাৰ বাবে কৃষ্ণই গোপীসকলক জ্ঞান দিছিল । সেই জ্ঞানৰ সাৰ কথা এই যে আকাশ , বায়ু, অগ্নি , জল আৰু মাটি – এই পঞ্চভূতৰ দ্বাৰা আমাৰ শৰীৰ গঠন হয় । এই
পঞ্চভূত আমাৰ শৰীৰ গঠন হোৱাৰ আগতেও থাকে আৰু শৰীৰ ধ্বংস হোৱাৰ পিছতো থাকে ।
পঞ্চভূত আমাৰ শৰীৰৰ উপাদন হিচাপেও থাকে আৰু শৰীৰ সৈতে অন্তৰ্ভূক্ত নোহোৱাকৈও থাকে ।
একেদৰে ভগৱান কৃষ্ণ চৈতন্য বা আত্মাৰূপে সকলো জীৱৰ জন্মৰ পূৰ্বতো থাকে আৰু জীৱৰ ধ্বংসৰ পিছতো থাকে , জীৱৰ অভ্যন্তৰতো থাকে আৰু জীৱৰ লগত সংস্পৰ্শ নোহোৱাকৈও থাকে ।
নিজৰ
ভিতৰতে থকা এই কৃষ্ণ বা আত্মা বা চৈতন্যক অনুভৱ কৰিব পাৰিলে কোনো লোকে কাৰো পৰা পৃথক হোৱা বুলি ভাবি কেতিয়াও
কষ্টভোগ নকৰে।
কৃষ্ণৰ পৰা এই তত্ব জনাৰ পিছত গোপীসকলে আত্মজ্ঞানী হৈ মুক্তিলাভ কৰিছিল ।
পাৰিজাতিৰ ক্ষেত্ৰতো সমস্যা একে আছিল আৰু পুত্ৰ হৰিদেৱে তেওঁক আত্মজ্ঞান প্ৰাপ্তিৰ উপযোগী শাস্ত্ৰীয় উপদেশ দিয়াৰ ব্যৱস্থা কৰিছিল । (আগলৈ)
No comments:
Post a Comment