It is told in
some of our earlier post
that
association and dissociation of people in this world is not a
permanent situation .In a family we are associated with wife, children, relatives, friends and other
people. This association is just like meeting of travelers in a hotel. Travelers come from different places and meet each other during their stay in
a hotel. They separate and
move to their own destination as soon as their purpose of stay is over.
Likewise people come to this world to enjoy the fruits of their own past
activities. They are accommodated in a
family . They enjoy happiness or sorrow according to their won activities and
separate from each other immediately after their purpose of coming is over. Bhagavata
compares this phenomenon with dream world also. In dream we do so many works and
meet so many people of dream world. But the moment we wake up we are separated
from everything associated with us in the dream world. Bhagavata also says that
wind brings scattered pieces of clouds together and again scatters those.
Nobody can tell when, how, where and for what reason the scattered pieces of
clouds are united and separated. This is true in case all types of association and dissociation
of people including our own family. Considering from the angle of God’s
creation, it is told that the God Almighty brings the things together and separates them to suit the needs of the creation. On the other hand, we feel
happiness or sorrow due to such associations and dissociation. Considering
from the angle of our such involvement there, these are said to be the consequences
of our past activities and can not be avoided in any way.Such an unavoidable
situation of dissociation arose in the family of Guru Harideva when he was 16
years old. Dwija Ajanabha, the father of Guru Harideva, became physically ill. Ajanabha
declared that he is going to leave this
world very soon as per his astrological calculation . Naturally his wife, daughter,
students, families of students, neighbors and general people of the locality were
grief stricken after hearing it. But Dwija Ajanabha and Guru Harideva maintained
their calmness of mind. Obeying his father’s instruction , Guru Harideva
arranged recitation of Vishnu Saharsanama, Bgavad Gita and other religious
performances according to their ancient family tradition . Under such a divine
atmosphere, Dwija Ajanabha with cool mind continued discharging of his duties and was awaiting his own death peacefully. (to be continued )
ইয়াৰ আগৰ কোনো এটা লিখনিত
কৈ অহা
কোৱা হৈছে যে মানুহৰ সৈতে মানুহৰ সংযোগ আৰু বিচ্ছেদ কোনো স্থায়ী অৱস্থা নহয় ।এটা পৰিয়ালত পত্নী , সন্তান , আত্মীয়-স্বজন , বন্ধু-বান্ধৱ ইত্যাদি বিভিন্ন সম্বন্ধৰ আলম লৈ কিছুমান ব্যক্তি একত্ৰিত হয় ।এই সংযোগ এখন হোটেলত ৰাত্ৰিবাসৰ বাবে কেইজনমান মানুহ একেলগ হোৱাৰ নিচিনা ।
বিভিন্ন ঠাইৰ পৰা আহি কেইজনমান লোক হোটেলখনত একত্ৰিত হয় ।
নিজৰ নিজৰ কাম শেষ নোহোৱালৈকে তাত একেলগে থাকে আৰু কাম শেষ হোৱাৰ লগে লাগে প্ৰত্যেকে প্ৰত্যেকৰ পৰা পৃথক হৈ নিজৰ নিজৰ গন্তব্য স্থানলৈ গুচি যায়।একেদৰে নিজৰ নিজৰ অতীত কৰ্মৰ ফল ভোগ কৰাৰ বাবে মানুহ পৃথিৱীলৈ আহে ।
এটা পৰিয়ালত অন্য সদস্যৰ লগত থাকি নিজৰ কৰ্মৰ ফলত উৎপন্ন সুখ দুখ ভোগ কৰে আৰু এই ফলভোগ সমাপ্ত হোৱাৰ লগে লগে সকলোৰে পৰা পৃথক হৈ নিজৰ গন্তব্য স্থানলৈ গুচি যায়।
ভাগৱতে এই ঘটনাক সপোনৰ সৈতে তুলনা কৰিও বুজাইছে ।
সপোন দেখি থকা কালত আমি বিভিন্ন ব্যক্তিক লগ পাওঁ , বহু প্ৰকাৰৰ কাজ কৰ্ম কৰো।
কিন্তু সাৰ পোৱাৰ লগে লগে এই বিলাকৰ লগত আমাৰ সম্পৰ্ক বিচ্ছিন্ন হয়।ভাগৱতত আৰু কোৱা হৈছে যে আকাশত ভাহি ফুৰা মেঘৰ টুকুৰাবিলাক বতাহে একেলগ কৰে আৰু পুনৰ বেলেগ বেলেগো কৰে ।কেতিয়া ,ক’ত, কেনেকৈ আৰু কি কাৰণে এনে হয় তাক কোনেও ক’ব নোৱাৰে ।
পৰিয়াল হিচাপে বা অন্য ধৰণে মানুহৰ লগত মানুহৰ সংযোগ বা বিচ্ছেদৰ ক্ষেত্ৰতো এই কথা খাটে।
সামুহিক সৃষ্টিৰ ফালৰ পৰা বিচাৰ কৰি শাস্ত্ৰত কোৱা হৈছে যে পৰমেশ্বৰৰ নিজৰ সৃষ্টিকাৰ্যৰ প্ৰয়োজন মতে এনে সংযোগ বিচ্ছেদ হয় ।
আনহাতে এনে ধৰণৰ সংযোগ বিচ্ছেদৰ সৈতে আমি নিজে জড়িত হৈ পৰো আৰু আৰু তাৰ বাবে সুখ বা দুখ ভোগ কৰো । এইফালৰ পৰা বিচাৰ কৰি শাস্ত্ৰত কোৱা হৈছে যে এই সংযোগ-বিচ্ছেদৰ লগত হোৱা আমাৰ সম্পৰ্ক আৰু তাৰ ফলত ভোগ কৰা সুখ বা দুখ আমাৰ অতীত কৰ্মৰ ফল আৰু ইয়াক ভোগ কৰাৰ বাবে আমি বাধ্য।
হৰিদেৱ গুৰুজনাৰ বয়স ষোল্ল বছৰ হোৱাৰ লগে লগে তেওঁৰ পৰিয়ালতো এনে এৰাব নোৱাৰা বিচ্ছেদৰ পৰিস্থিতি উদ্ভৱ হৈছিল ।
গুৰুজনাৰ পিতৃ অজনাভ শাৰীৰিক ভাৱে অসুস্থ হৈছিল ।
অজনাভে ঘোষণা কৰিছিল যে জ্যোতিষ শাস্ত্ৰৰ গণনা মতে তেওঁৰ জীৱন কাল শেষ হোৱাৰ সময় হৈছে আৰু অলপ দিনৰ ভিতৰতে তেওঁ ইহ সংসাৰৰ পৰা বিদায় ল’ব লাগিব।
খবৰ পোৱাৰ লগে লগে তেওঁৰ স্ত্ৰী ,কন্যা ,ছাত্ৰ সমাজ , ওচৰ চুবুৰীয়া তথা সমাজৰ অন্যান্য লোক শোকত মৰ্মাহত হৈছিল ।কিন্তু দ্বিজ অজনাভ আৰু হৰিদেৱ গুৰুজনাই অতি শান্ত আৰু সমাহিত চিত্তে এই পৰিস্থিতি মানি লৈছিল ।
পিতৃৰ নিৰ্দেশমতে গুৰুজনাই বংশৰ চিৰাচৰিত প্ৰথা অনুসৰি বিষ্ণু সহস্ৰনাম আৰু ভগৱদ্গীতা পাঠৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছিল।
এনে এক দৈৱিক পৰিবেশৰ মাজত দ্বিজ অজনাভে সমহিত চিত্তে নিজৰ কৰ্মসমুহ সম্পাদন কৰি গৈছিল আৰু অতি শান্তভাৱে মৃত্যুৰ বাবে অপেক্ষা কৰিছিল।(আগলৈ)
No comments:
Post a Comment