During the time
when Guru Harideva was a student, study of Vedas was the highest step of formal
education. Guru Harideva was keenly interested to continue his higher studies as
a student of the Vedas. The Veda means knowledge. There are two types of
knowledge. One type of knowledge has relation with time, space, things and
person. That is, this type of knowledge is attained by some person about some
subject or thing available at some place for certain time. So, this type of
knowledge is relative knowledge or apara jnana. The other type knowledge is
realization of the self or Ultimate Truth or spiritual
knowledge.
This Ultimate Truth or Self is not something available at some place for
sometimes. It is everything, available everywhere at all times. Moreover, the
person who tries to realize the self is also not separated from this Self. So
this absolute knowledge is the knowledge of the self attained by the Self. This
is pure knowledge not at all related with time, space, things and person. This is
called spiritual knowledge or para jnana. Veda deals with this type of
knowledge. Hence study of the Veda and study of other subjects are not similar.
The convenient methods known to us for attaining relative knowledge or apara jnana
are of no use here. This is because, when a person tells something or writes
something, his thoughts are involved with it. Thoughts are always influenced by mind,
intelligence, ego and many other surrounding conditions. Thus writing, speech, action
etc. of human beings are conditioned by their thought qualities. Hence any
knowledge communicated by any human being through speech, writing or any other
means using his own intelligence can not express the
absolute truth. The Vedas or the knowledge of the Ultimate Truth is ‘Apourusheya’,
that is, this knowledge is not discovered by human being through application of
intelligence. Also there are special methods for imparting this knowledge to
others. It is pure knowledge completely free from influence of human thoughts. Guru
Harideva was interested in attainment of this absolute knowledge or para jnana through
study of the Vedas. (to be continued)
হৰিদেৱ গুৰুজনা ছাত্ৰ হৈ থকা কালত বেদ অধ্যয়ন আনুষ্ঠানিক শিক্ষাৰ উচ্চতম পৰ্যায় বুলি ধৰা হৈছিল। হৰিদেৱ গুৰুজনা বেদ অধ্যয়ন কৰাৰ বাবে অতিশয় আগ্ৰহী আছিল । বেদ মানেই জ্ঞান । জ্ঞান দুই প্ৰকাৰৰ । এক প্ৰকাৰৰ জ্ঞানৰ দেশ ,কাল , পাত্ৰ আৰু বস্তুৰ সৈতে সম্পৰ্ক আছে । এই প্ৰকাৰৰ জ্ঞানৰ অৰ্থ হৈছে কোনো এজন ব্যক্তিয়ে কোনো এখন নিৰ্দিষ্ট ঠাইত থকা কোনো এটা নিৰ্দিষ্ট বিষয়-বস্তুৰ জ্ঞান লাভ কৰা। ইয়াত জ্ঞানৰ সৈতে বাকী সকলোখিনি সাঙোৰ খাই থাকে কাৰণে ই আপেক্ষিক জ্ঞান, যাক শাস্ত্ৰৰ ভাষাত অপৰা জ্ঞান বুলি কোৱা হয়। আনবিধ জ্ঞান হৈছে আত্মজ্ঞান বা পৰম সত্যৰ জ্ঞান বা পাৰমাৰ্থিক জ্ঞান । পৰম সত্য বা আত্মা কোনো এখন নিৰ্দিষ্ট ঠাইত কোনো এক নিৰ্দিষ্ট সময়ৰ বাবে থকা বিষয়-বস্তু নহয়। আত্মা সকলো বিষয়-বস্তুৰ ৰূপত , সকলো স্থানত সকলো সময়তে বিৰাজমান । আনকি যিজন ব্যক্তি আত্মজ্ঞান লাভ কৰিব খোজে, তেওঁ নিজেও আত্মাৰ পৰা পৃথক নহয়। গতিকে এই সৰ্বোচ্চ জ্ঞান বা আত্মজ্ঞান হৈছে আত্মাৰ বিষয়ে আত্মাৰ দ্বাৰা লাভ কৰা জ্ঞান বা আত্মানুভৱ। ই দেশ ,কাল , বিষয়-বস্তু আৰু ব্যক্তিৰ লগত কোনো প্ৰকাৰৰ সংযোগ নথকা শুদ্ধ জ্ঞান। শাস্ত্ৰত ইয়াক পাৰমাৰ্থিক জ্ঞান বা পৰা জ্ঞান বুলি কোৱা হৈছে । বেদত এইবিধ জ্ঞানৰ কথা আলোচনা কৰা হৈছে । সেই কাৰণে বেদ অধ্যয়ন কৰা আৰু আমি সচৰাচৰ দেখি থকা অন্য জাগতিক
বিষয়ৰ অধ্যয়ন কৰা একে কথা নহয় । অপৰা জ্ঞান বা জাগতিক বিষয়-বস্তুৰ জ্ঞান অৰ্জন কৰাৰ বাবে যি অধ্যয়ন প্ৰক্ৰিয়া অৱলম্বন কৰা হয়, সেই প্ৰক্ৰিয়া প্ৰয়োগ কৰি বেদ অধ্যয়ন কৰা সম্ভৱ নহয় । ইয়াৰ কাৰণ হৈছে যেতিয়া কোনো এজন ব্যক্তিযে কথা কয় বা লিখে তেতিয়া সেই ব্যক্তিৰ মনৰ ভাৱ তাৰ লগত সংযুক্ত হয় । ভাৱনা সকলো সময়তে ব্যক্তিৰ মন , বুদ্ধি, অহংভাৱ আৰু চাৰিওফালৰ পৰিবেশ পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু তাৰ দ্বাৰা মানুহৰ কথা-বাৰ্ত্তা , লিখনি আদিও প্ৰভাৱিত হয় । গতিকে মানুহে নিজৰ বুদ্ধি প্ৰয়োগ কৰি কোৱা কথা , লিখনি বা অন্য উপায়ে প্ৰকাশ কৰা মনৰ ভাৱৰ সহায়ত পৰম সত্যক প্ৰকাশ কৰা সম্ভৱ নহয়। বেদ অপৌৰুষেয়, অৰ্থাৎ কোনো মানুহে নিজা বুদ্ধি প্ৰয়োগ কৰি বেদজ্ঞান আৱিষ্কাৰ কৰা নাই আৰু ইয়াক প্ৰকাশ কৰাৰ , ইয়াক অধ্যয়ন কৰাৰ আৰু আনক শিকোৱাৰ বাবে বিশেষ প্ৰক্ৰিয়া আছে । বেদজ্ঞান মানৱিক চিন্তা ভাৱনাৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত বিশুদ্ধ জ্ঞান । হৰিদেৱ গুৰুজনাই এই জ্ঞান লাভ
কৰাৰ বাবে বেদ অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈছিল। (আগলৈ )
No comments:
Post a Comment