Guru Harideva
was born in 1426 CE at Narayanpur, Assam and stayed there till his age of 16
years. So, here we are discussing things in the background of prevailing situations
of the first half of the 15th century CE. At that time, the condition of women in the society
was too miserable. Man used to control the family finances and enjoyed the
right to family inheritance. This provided men with power
and authority over women. Male dominated society considered women as inferior
to the male having no significance or personality of their own. The women were
suppressed, oppressed and deprived of rights. Customs of polygamy was there and
men were allowed to keep as many wives as they desired, making the life miserable
for women. Moreover, purdah system, early marriage, forceful burning of women
with dead body of husband etc were there to keep the women dominated. On the
other hand, we also discussed about the intelligence, working spirit, practical
knowledge and selfless service rendered by Parijati, the mother of
Guru Harideva, for the benefit of student community and the society as a whole
in the last post. Both the picture of
woman belongs to the same time. In the Vedic age, women held an honored
position equal to men in all respects. They were allowed to take part in every
aspect of the social, intellectual and spiritual life along with men. This Vedic
tradition was well-maintained in the family of Guru Harideva generation after
generation since ancient times. Due to this, Parijati was able to demonstrate the
better qualities within her. From his young age Guru Harideva noticed the
differences in the status of women in the society out side and within his won
family. From this practical observation, he understood that for healthy growth
of the society, women should enjoy abundance of honor, affection, freedom and
sympathy in a family at per Vedic tradition. This experience was reflected in
his
activities of later life. He dared to give equal right
to women in the religious institution called Satra established by him. Even he
did not hesitate to appoint a lady as religious head of one of his Satras. He
did it 500 years earlier from now, that is, when the women in the society were badly suffering
from the above noted social injustice. These things we will discuss further at
a proper place. (to be continued)
হৰিদেৱ গুৰুজনা অসমৰ নাৰায়ণপুৰত ১৪২৬ খৃঃত জন্ম গ্ৰহণ কৰি ১৬ বছৰ বয়সলৈকে তাত আছিল ।
গতিকে আমাৰ ইয়াত লিখা কথা সেই সময়ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰা উচিত।
তেতিয়াৰ দিনত ,অৰ্থাৎ আজিৰ পৰা ৫৫০-৬০০ বছৰ আগতে সমাজত মহিলাসকলৰ অবস্থা অতিশয় দুৰ্দশাপূৰ্ণ আছিল ।
পৰিয়ালৰ আৰ্থিক নিয়ন্ত্ৰণ, সা-সম্পত্তিৰ অধিকাৰ পুৰুষসকলৰ হাতত আছিল ।
ইয়াৰ কাৰণে পুৰুষ সকলে মহিলাসকলৰ ওপৰত শক্তি আৰু অধিকাৰ প্ৰয়োগ কৰাৰ সুবিধা পাইছিল ।পুৰুষৰ দ্বাৰা শাসিত সমাজে মহিলাক নিজস্ব ব্যক্তিত্ব নথকা আৰু পুৰুষতকৈ নিম্ন স্তৰৰ গুৰুত্বহীন প্ৰাণীৰূপে গণ্য কৰিছিল ।মহিলাসকলক দমন , নিপীড়ন কৰা হৈছিল ।একো
বিষয়তে
মহিলাৰ অধিকাৰ নাছিল।
পুৰুষে যিমান ইচ্ছা সিমান সংখ্যক মহিলাক পত্নী কৰি ৰাখিব পাৰিছিল ।
বহুবিবাহ প্ৰথাৰ দ্বাৰা মহিলাসকলৰ সন্মান লাঘৱ হোৱাৰ উপৰিও ই অনেক দুখ দুৰ্দশাৰ কাৰণ হৈ পৰিছিল । তদুপৰি মহিলা সকলক সকলো ফালৰ পৰা অৱদমিত কৰি ৰাখিবৰ বাবে পৰ্দা প্ৰথা , বাল্য বিবাহ আদিৰ প্ৰচলন কৰা হৈছিল।
মৃত স্বামীৰ চিতাত জোৰকৈ জাপি মহিলাক মাৰি পেলোৱা হৈছিল।
আনহাতে,
ইয়াৰ আগৰ লিখনিটোত হৰিদেৱ গুৰুজনাৰ মাতৃ পাৰিজাতিৰ বুদ্ধিমত্তা , কৰ্মোদ্যম আৰু ব্যৱহাৰিক জ্ঞানৰ পৰিপক্কতাৰ বিষয়ে কোৱা হৈছে ।
তেওঁ তেতিয়াৰ শিক্ষাৰ্থী ছাত্ৰ তথা সমাজৰ অন্য লোকৰ বাবে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ কথা বৰ্ণনা কৰা হৈছে ।
এই দুয়ো ধৰণে একেটা সময়ৰ মহিলাৰ দুটা অৱস্থাৰ কথা বৰ্ণনা কৰা হৈছে ।
বৈদিক সংস্কৃতিত পুৰুষ আৰু মহিলা উভয়ে সকলোপিনৰ পৰা সমান সন্মানৰ অধিকাৰী আছিল ।
সামাজিক , বৌদ্ধিক , পাৰমাৰ্থিক আদি সকলো পৰ্যায়ত মহিলাক পুৰুষৰ সমানে চিন্তা চৰ্চা কৰাৰ বাবে উদগণি দিয়া হৈছিল আৰু উভয়ে সমানে আগবাঢ়ি যোৱাৰ সুবিধা আছিল।বৈদিক সভ্যতাৰ অৱ্দান স্বৰূপ এই ব্যৱস্থা হৰিদেৱ গুৰুজনাৰ পৰিয়ালত অতি প্ৰাচীন কালৰ পৰা পুৰুষানুক্ৰমে অব্যাহত ৰখা হৈছিল ।
তাৰ ফলতে পাৰিজাতিয়ে নিজ কৰ্মৰ দ্বাৰা এনে উচ্চ আদৰ্শ স্থাপন কৰা সম্ভৱ হৈছিল ।
সৰু কালৰে পৰা হৰিদেৱ গুৰুজনাই বাহিৰৰ সমাজখনত মহিলাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ আৰু নিজ ঘৰত মহিলাৰ প্ৰতি দেখুওৱা সন্মানৰ কথা লক্ষ কৰিছিল ।
নিজৰ অভিজ্ঞতাৰ পৰা তেওঁ বুজি পাইছিল যে এখন সুস্থ সমাজ গঢ়িবৰ বাবে পৰিয়ালত মহিলাই পুৰুষৰ সমানে স্বাধীনতা আৰু সন্মান পোৱা উচিত ।
বৈদিক
নিয়ম মানি পৰিয়ালৰ সকলোৱে মহিলাক আদৰ সাদৰ কৰা উচিত , মহিলাৰ প্ৰতি সহানুভুতিশীল হোৱা উচিত।
গুৰুজনাৰ পৰবৰ্ত্তী জীৱনৰ কাৰ্যকলাপত এই অভিজ্ঞতাৰ প্ৰতিফলন হৈছিল।
তেওঁ নিজে প্ৰতিষ্ঠা কৰা সত্ৰসমুহত মহিলাক ধৰ্মচৰ্চাকে ধৰি সকলো বিষয়তে পুৰুষৰ সমানে অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল।
আনকি নিজে প্ৰতিষ্ঠা কৰা এখন সত্ৰত মহিলাক সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিবলৈও তেওঁ কুণ্ঠাবোধ কৰা নাছিল। এই
কাম তেওঁ আজিৰ
পৰা ৫০০ বছৰ আগতে অৰ্থাৎ মহিলাৰ ওপৰত আমি আগত উল্লেখ কৰি অহা ধৰণৰ সামাজিক দুৰ্ব্যৱহাৰ চলি থকা সময়তে কৰিছিল।
এই বিলাক কথা উপযুক্ত স্থানত পুনৰ আলোচনা কৰা হ’ব।
(আগলৈ)
No comments:
Post a Comment