In continuation
of our post of 24.6.20 we should mention that the cause of mental agony of
Parijati was lack of self realization. Self realization means realization of
one’s true identity. In its simple
sense, self-realization is the realization that one is not his body but the
Self. In Bhagavad Gita Lord Krishna explains that the
ultimate goal of liberation, that is, freedom from the cycle of births and
deaths, can only be achieved by realizing the true Self. This true Self is one’s
pure Soul, which is distinct from the body. Only after Self realization one can
distinguish that it is the body that is occupied with anger , pride, deceit and greed etc and self is totally free from experiencing such worldly emotions and turmoil. So, one who realizes the self understands that he is
separate from the body. He never feels duality of happiness and sorrow
pertaining to the body. Now Guru Harideva started
imparting the idea of self realization to his mother, Parijati based on his
profound knowledge of Bhagavadgita. He told that the Vedas mention three processes for elevating one’s spiritual consciousness
that can lead one towards attainment of self realization. These processes are
called Karma or action, Jnana or knowledge and Bhakti or devotion. Generally
people work hard to fulfill their limitless desires in terms of money, property,
power, praise, respectable position in
society, welfare of own family,
relatives and friends, protection of their possessions from destruction
and so on. These are called karma and right from Vedic
sacrifice, worship of demigods to all types of occasional actions and day to
day activities of life are included in the meaning of karma. Most of the people
keep themselves engaged in that. Out of many millions of such fruit expectant workers someone may become aware of his true identity. Then he may become interested to know the reason of his present
status, the reason of the transient nature of karma and its outcome, the reason
of the frustration, confusion, happiness and sorrow of day to day life etc.
Again out of many thousands of such inquisitive
persons, hardly one may correctly understand everything and can become a person
of knowledge or Jnani. The third process called Bhakti or devotion in its pure
form is independent of Karma and jnana as described above. This was the gist of
introductory lesson of Bhagavadgita imparted to his mother by Guru Harideva. (to
be continued )
আমাৰ ২৪.৬.২০ তাৰিখৰ লিখনিৰ আঁত ধৰি ইয়াকে কোৱা যায় যে আত্মজ্ঞানৰ অভাৱ থকা কাৰণে পাৰিজাতিয়ে মানসিক অস্থিৰতাত ভুগিছিল । আত্মজ্ঞান মানে নিজৰ প্ৰকৃত পৰিচয় কি তাক জনা । তাতোকৈ সহজ অৰ্থত আত্মজ্ঞান মানে শৰীৰটোক ‘মই’ বুলি ভুলকৈ ভৱাৰ পৰা বিৰত থাকি আত্মাক ‘মই’ বুলি শুদ্ধকৈ ভৱা। ভগৱদ্গীতাত ভগৱান কৃষ্ণই তাত্বিকভাৱে বিশ্লেষণ কৰি বুজাই দিছে যে একমাত্ৰ আত্মজ্ঞানৰ দ্বাৰাহে মুক্তি লাভ কৰিব পাৰি বা বাৰে বাৰে জন্ম গ্ৰহণ আৰু মৃত্যু বৰণ কৰাৰ পৰা অব্যাহতি পাব পাৰি । আত্মা হৈছে প্ৰকৃত ‘মই’ আৰু ই শৰীৰৰ পৰা পৃথক । এই সত্য উপলব্ধি কৰি আত্মজ্ঞান লাভ কৰাৰ পিছত বুজিব পাৰি যে ক্ৰোধ, গৰ্ব, চল-কপটতা, লোভ-লালসা আদিয়ে শৰীৰকহে অধিকাৰ কৰে আৰু আত্মা এই সমুহ জাগতিক আবেগ আৰু উখল-মাখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত। গতিকে যিজনে নিজকে শৰীৰ বুলি নাভাৱি আত্মা বুলি উপলব্ধি কৰে বা আত্মজ্ঞান লাভ কৰে তেওঁ শৰীৰৰ সৈতে সংযুক্ত সুখ দুখ আদি পৰস্পৰ বিপৰীত অৱস্থা বা দন্দ্ব ভাৱৰ পৰাও মুক্ত থাকে। হৰিদেৱ গুৰুজনাই মাতৃক এই আত্মজ্ঞান দিবৰ বাবে নিজৰ গভীৰ গীতাজ্ঞানৰ আধাৰত বুজনি দিয়া আৰম্ভ কৰিছিল। গুৰুজনাই মাতৃ পাৰিজাতিক কৈছিল যে পাৰমাৰ্থিক চেতনাক আত্মজ্ঞানৰ পৰ্যায়লৈকে লৈ যোৱাৰ বাবে বেদত কৰ্ম, জ্ঞান, আৰু ভক্তি –এই তিনিটা উপায় দিয়া হৈছে। সাধাৰণতে মানুহৰ অৰ্থ, সা-সম্পত্তি, ক্ষমতা, প্ৰশংসা, সামাজিক প্ৰতিপত্তি, নিজৰ পৰিয়াল তথা সা-সম্পৰ্কীয় ব্যক্তি আৰু বন্ধু বান্ধৱ আদিৰ উন্নতি আৰু এই সকল বিষয় বস্তুৰ সীমাহীন বৃদ্ধি আৰু সংৰক্ষণ ইত্যাদি অসংখ্য প্ৰকাৰৰ আকাংক্ষা থাকে আৰু সেই সমুহ পূৰণৰ অৰ্থে কঠোৰ পৰিশ্ৰমমূলক কাম কৰে। এই সমুহকে কৰ্ম বুলি কোৱা হয় । বৈদিক যাগ যজ্ঞ, দেৱদেৱীৰ পূজা পাতলৰ পৰা আৰম্ভ কৰি সাময়িক ভাৱে কৰা আৰু দৈনন্দিন জীৱন
যাত্ৰাৰ বাবে কৰা সকলো ধৰণৰ কাম এই কৰ্ম শব্দৰ দ্বাৰা বুজোৱা হয়। সংসাৰৰ প্ৰায় সকলো লোকে নিজৰ ৰুচি আৰু প্ৰয়োজন অনুসৰি এই সমুহ কৰ্মত সদাব্যস্ত হৈ থাকে । কিন্তু কেতিয়াবা এনে লাখ লাখ কৰ্মব্যস্ত আৰু কৰ্মৰ জৰিয়তে অহা ফল ভোগ কৰা মানুহৰ ভিতৰৰ কোনো এজন ব্যক্তি নিজৰ প্ৰকৃত পৰিচয় জনাৰ বাবে আগ্ৰহী হয়। তেনে অৱস্থাত সেই ব্যক্তিজনে নিজৰ বৰ্ত্তমান অৱস্থাৰ কাৰণ কি, কৰ্ম আৰু তাৰ ফলসমুহ কিয় অস্থায়ী, মানুহৰ দুখ দুৰ্দশা, মনৰ অস্থিৰতা , সুখ , দুখ আদিৰ কাৰণ কি ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচৰা আৰম্ভ কৰে । এনে প্ৰকাৰৰ অনুসন্ধানত ব্যস্ত হোৱা হেজাৰ হেজাৰ লোকৰ ভিতৰৰ কোনো এজনে সম্পুৰ্ণ শুদ্ধ উত্তৰ লাভ কৰি জ্ঞানী ব্যক্তিত পৰিণত হয়।আত্মজ্ঞান লাভ কৰাৰ তৃতীয় উপায় ভক্তিৰ বিশুদ্ধ ৰূপ ওপৰত কোৱা ধৰণৰ জ্ঞান আৰু কৰ্মৰ পৰা সম্পূৰ্ণ পৃথক। হৰিদেৱ গুৰুজনাই মাতৃ
পাৰিজাতিক এনেদৰে গীতাৰ জ্ঞান দিয়া আৰম্ভ কৰিছিল। (আগলৈ)
No comments:
Post a Comment