Friday, 1 May 2020

Understanding Guru Harideva’s Approach Towards Unity-76(একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৭৬)


On arrival of Dwija Ajanabha at Narayanpur, local people accepted him with warm welcome. They constructed residential house for Ajanabha and his wife. Construction of school and residential arrangements for the students were also made. Attached to the residential complex of Dwija Ajanabha, place for worship of lord Vishnu, in the form of Laksminarayana, was constructed. It may be mentioned here that, Dwija Narottama, the forefather of Ajanabha, while coming from Kanouja in 7th century CE, brought the idol of their family deity Lakshminarayana, with him. Their descendants used to take the same wherever they shift and worship the deity at their residence.  Dwija Ajanabha carried this deity to Narayanpur. Thus with full co-operation from local people; the Pathsala of Dwija Ajanabh started functioning at Narayanpur. Provision for Tole education, under Gurukul System, was also kept attached with the Pathsala. In addition to the two students from Aswaklanta, some youths from local Brahmin families were admitted in the said Tole. One of them was Govinda. Dwija Ajanabha and his wife did not have child till that time.  So, they were affectionate to Govinda and he became very close to the family like a son.  After completion of education in the Tole of Ajanabha, he used to serve there as a teacher. He used to extend all kinds of help to Ajanabha and his wife. Govinda never separated himself from this family during his life time. We will mention about this person on several occasions afterwards. At Narayanpur, the surrounding population, Dwija Ajanabha had to  meet at social level, was not like that of Dantapur and Aswaklanta. Majority of the people there, were of non-Arean origins. So, their style of living, food habits, religious and cultural traditions etc were different. They used to eat and drink things prohibited in Arean culture. But they were very simple and peace loving people. They were mainly engaged in agricultural and alied activities as per their own non-Arean traditions to earn their livelihood. In spite of all those differences, Ajanabha maintained very cordial relationship with all classes of people there. People from all sections of the society also loved and respected him as a noble teacher. In this way, Dwija Ajanabha settled peacefully at Narayanpur and continued his mission of spreading education.(to be continued )

নাৰায়ণপুৰত উপস্থিত হোৱাৰ পিছত দ্বিজ অজনাভক তাৰ স্থানীয় লোকসকলে আগ্ৰহেৰে আদৰি লৈছিলতেওঁলোকে অজনাভ আৰু তেওঁৰ পত্নী থাকিব পৰাকৈ বাসগৃহ সাজি দিছিলস্কুলঘৰ সাজিছিল আৰু ছাত্ৰৰ বাবে থকাৰ ব্যৱস্থা কৰিছিল অজনাভৰ বাসগৃহৰ লগতে তেওঁৰ গৃহদেৱতা লক্ষ্মীনাৰায়ণ বিগ্ৰহৰ পূজা পাঠ কৰাৰ বাবে উপাসনাগৃহ সাজি দিছিল ইয়াতে উল্লেখ কৰা ভাল যে সপ্তম শতিকাত অজনাভৰ পূৰ্বপুৰুষ দ্বিজ নৰোত্তম কামৰূপলৈ অহাৰ সময়ত নিজ পৰিয়ালৰ উপাস্য বিগ্ৰহ লক্ষ্মীনাৰায়ণ লগত লৈ আহিছিল্।তেওঁৰ উত্তৰপুৰুষ সকল যলৈকে গৈছিল, তালৈকে সেই বিগ্ৰহ লৈ গৈছিল আৰু নিজৰ বাসগৃহত প্ৰতিস্থা কৰি গৃহদেৱতাৰূপে উপাসনা কৰিছিল অজনাভ নাৰায়ণপুৰলৈ যাওঁতে লগত সেই বিগ্ৰহ লৈ গৈছিল এনেদৰে সকলোৰে সহায় সহযোগিতাৰ মাজেদি নাৰায়ণপুৰত দ্বিজ অজনাভৰ পাঠশালা আৰম্ভ হৈছিল পাঠশালাৰ লগতে গুৰুকূল আৰ্হিৰ টোল শিক্ষাৰ ব্যৱস্থাও সংযোজন কৰা হৈছিল অশ্বক্লান্তৰ পৰা অহা ছাত্ৰ দুজনৰ উপৰিও স্থানীয় ব্ৰাহ্মণ সম্প্ৰদায়ৰ কিছু সংখ্যক যুৱকে উচ্চ শিক্ষাৰ বাবে এই টোলত নাম ভৰ্ত্তি কৰিছিল সেই সকলৰ ভিতৰত এজন আছিল গোবিন্দ তেতিয়ালৈকে অজনাভ দম্পতিৰ কোনো সতি সন্তান নাছিল সেই কাৰণে গোবিন্দক অজনাভ দম্পতিয়ে পুত্ৰৰ দৰে স্নেহ কৰিছিল গোবিন্দ এই পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল টোল শিক্ষা সমাপ্ত হোৱাৰ পিছত গোবিন্দই সেইখন টোলতে শিক্ষকতা কৰিছিল তেওঁ অজনাভ দম্পতিক সকলো দিশতে সহায় সহযোগ কৰিছিল জীৱন থকালৈকে গোবিন্দ এই পৰিয়ালৰ পৰা কোনোদিনে আঁতৰি যোৱা নাছিল পৰবৰ্ত্তী লিখনি সমুহত এইজন গোবিন্দৰ কথা বাৰে বাৰে উল্লেখ কৰা সামাজিক স্তৰত, নাৰায়ণপুৰৰ জন সমাজৰ যিসকল লোকক অজনাভে সদায় লগ পাইছিল , সেই সকল লোক দন্তপুৰ বা অশ্বক্লান্তত লগ পোৱা লোকৰ দৰে নাছিল তেওঁলোকৰ সৰহ সংখ্যকে অনাৰ্য মূলৰ লোক আছিল তেওঁলোকৰ জীৱন প্ৰণালী ,আহাৰ-পানীয় ,ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা ইত্যাদি অনেক পৃথক আছিল তেতিয়াৰ আৰ্য সমাজত নিষিদ্ধ বহু প্ৰকাৰৰ খাদ্য আৰু পানীয় তেওঁলোকৰ সমাজত প্ৰচলিত আছিল কিন্তু তেওঁলোক অতি সহজ সৰল আৰু শান্তিপ্ৰিয় লোক আছিল নিজৰ সভ্যতা-সংস্কৃতিৰ পৰম্পৰা অনুসৰি খেতিবাতি আৰু তাৰ সৈতে সংযুক্ত অন্যান্য কামত ব্যস্ত থাকি তেওঁলোকে জীৱিকা উপাৰ্জন কৰিছিল এনে ধৰণৰ বহু পাৰ্থক্য থাকিলেও অজনাভে জন সমাজৰ সকলোৰে সৈতে মধুৰ আৰু আন্তৰিক সম্পৰ্ক ৰক্ষা কৰি চলিছিল সমাজৰ সকলো শ্ৰেণীৰ মানুহে তেওঁক এজন আদৰ্শ শিক্ষক হিচাপে মৰম-স্নেহ আৰু শ্ৰদ্ধা ভক্তি কৰিছিলএনেদৰে দ্বিজ অজনাভে অতি শান্তিপূৰ্ণভাৱে নাৰায়ণপুৰত বসবাস কৰি সমাজত শিক্ষা বিস্তাৰৰ দ্বাযিত্ব পালন কৰি গৈছিল (আগলৈ)

No comments:

Post a Comment