As a student, Guru Harideva had to follow strict discipline
and rule-regulations of Gurukul System in the Tole of his father Dwija Ajanabha.
In the ancient times, tending
of cattle, fetching of fuel, agricultural and other suitable works were included as extra
curricular activities of the students of Gurukul system to make them self supportive in their life. In
this system, begging of alms as per scriptural norms was considered as
religious duty of the students. It is told in the scriptures that, the system
of begging was introduced as an effective way to bring the students nearer to general
public with humble submission. Hence, the rule of begging was laid down for the students in order to teach them
humility. Also, begging of food from public make a student
realize the sympathy and help extended to him by the society to make him
educated and fit for a profession for future secured living. In this way, a sense of
indebtedness to the society was supposed to be felt by the younger generations.
Moreover, this was an effective way to create awareness among the educated youths
to the problems faced by the society and their part of responsibilities in
respect of those problems. However, the Tole of Dwija Ajanabha was established
and maintained by the public of the locality. People voluntarily provided food
and shelter to the students and teachers of the Tole without begging. This way
also, load of educating the students came to the shoulder of general public
only. So, indebtedness of the students to the society was there in this
modified system also. Dwija Ajanabha always used to make his students aware of
this fact and also about the responsibilities of students towards the society. Development of
personality, character, moral strength and moral excellence can only make a
student fit to serve the society along with his own spiritual developments, as expected
by the ancient founders of the Gurukul system. So, Dwija Ajanabha paid much attention to develop of these qualities of his students to the
fullest extent. In such an environment
Guru Harideva was born,
brought up and educated till his age of 16 years. (to be continued)
দ্বিজ অজনাভৰ টোলত প্ৰাচীন গুৰুকূলৰ নীতি নিয়ম পালন কৰা হৈছিল বুলি আগতে কৈ অহা হৈছে।
পিতৃ-মাতৃৰ লগত থাকিও হৰিদেৱে গুৰুকুলৰ কঠোৰ নীতি নিয়ম পালন কৰিব লগীয়া হৈছিল।
প্ৰাচীন কালৰ গুৰুকূলৰ নিয়মমতে ছাত্ৰসকলক গৰু চৰোৱা, খৰি কটা, পানী কঢ়িওৱা, খেতিবাতি আৰু অন্যান্য উপযুক্ত কাম কৰিবলৈ দিয়া হৈছিল।
ভৱিষ্যত জীৱনত আত্মনিৰ্ভৰশীল হৈ চলিবৰ বাবে পাঠ্যক্ৰমৰ ওপৰঞ্চি হিচাপে এইবিলাক শিক্ষা দিয়া হৈছিল।
সুপ্ৰাচীন
কালৰ গুৰুকূল পদ্ধতিত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে ভিক্ষা খোজাটো ছাত্ৰৰ ধৰ্মীয় কৰ্ত্তব্য হিচাপে ধৰা হৈছিল ।
শাস্ত্ৰত কোৱা হৈছে যে ছাত্ৰক বিনীত ৰূপত সাধাৰণ জনতাৰ একেবাৰে ওচৰলৈ নিয়াৰ অতি কাৰ্যকাৰী উপায় হিচাপে ভিক্ষা খোজাৰ নিয়ম প্ৰচলন কৰা হৈছিল ।
ইয়াৰ দ্বাৰা ছাত্ৰক মনত থকা অহংকাৰ ভাৱৰ বিনাশ আৰু নম্ৰতাৰ শিক্ষা দিয়া হৈছিল ।
জনতাৰ পৰা ভিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰই তেওঁলোকক শিক্ষা আৰু ভৱিষ্যত জীৱনৰ জীৱিকাৰ উপায় দিয়াৰ বাবে জনসাধাৰণে কৰা ত্যাগ আৰু কষ্টৰ কথা সহজে বুজি পাইছিল।শিক্ষিত যুবকসকল সমাজৰ ওচৰত কিমান দায়বদ্ধ তাকো সহজতে বুজিব পাৰিছিল।
তদুপৰি ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ ছাত্ৰ সকলে জনসাধাৰণে সততে সন্মুখীন হৈ থকা সমস্যা সমুহ একেবাৰে ওচৰৰ পৰা বুজি লৈ তাৰ সমাধানৰ ক্ষেত্ৰত নিজৰ ভৱিষ্যত দায়িত্ব কি তাক বুজাৰ সুবিধা হৈছিল ।
অৱশ্যে অজনাভৰ টোলৰ প্ৰতিষ্ঠা আৰু ইয়াক চলোৱাৰ দায়িত্ব স্থানীয় ৰাইজে গ্ৰহণ কৰিছিল ।
ইয়াৰ ছাত্ৰ আৰু শিক্ষকৰ অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ দায়িত্ব ৰাইজে স্বইচ্ছাৰে বহন কৰাৰ বাবে ছাত্ৰই ভিক্ষা কৰাৰ প্ৰয়োজন হোৱা নাছিল ।কিন্তু তেনে অৱস্থাতো প্ৰ্ৰচীন কালত থকাৰ দৰে ছাত্ৰৰ শিক্ষাৰ দায়িত্বভাৰ জনসাধাৰণৰ মূৰতে আছিল।গতিকে উক্ত পৰিবৰ্ত্তিত ব্যৱস্থাতো জনসাধাৰণৰ ওচৰত ছাত্ৰ সমাজৰ দায়বদ্ধতা
আগৰ দৰেই আছিল।
দ্বিজ অজনাভে নিজৰ ছাত্ৰসকলক সমাজে তেওঁলোকৰ বাবে কৰা কষ্ট আৰু ত্যাগ আৰু সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাৰ কথা সদায় সোঁৱৰাই দিছিল।
ব্যক্তিত্ব আৰু চৰিত্ৰৰ গঠন, নৈতিক শক্তিৰ দৃঢ়তা সম্পাদন আৰু ধৰ্মীয় উৎকৰ্ষ সাধন হ’লেহে ছাত্ৰই প্ৰাচীন কালৰ গুৰুকুল ব্যৱস্থাৰ প্ৰবৰ্ত্তক সকলে বিচৰা ধৰণে নিজৰ পাৰমাৰ্থিক উন্নতি সাধন কৰাৰ লগতে সমাজৰ প্ৰতিও নিস্বাৰ্থ সেৱা আগ বঢ়াব পাৰে ।
সেই কাৰণে দ্বিজ অজনাভে নিজৰ ছাত্ৰসকলৰ মাজত এইসমুহ গুণৰ পূৰ্ণবিকাশ ঘটাবৰ বাবে সদায় যত্নপৰ হৈছিল ।
এনে এক পৰিবেশৰ মাজত হৰিদেৱ গুৰুজনাই জন্ম গ্ৰহণ কৰি ডাঙৰ হৈছিল আৰু ষোল্ল বছৰ বয়সলৈকে শিক্ষা গ্ৰহণ কৰিছিল ।(আগলৈ)
No comments:
Post a Comment