The pregnancy
period of Parijati, wife of Dwija Ajanabha, advanced day by day and finally the time
of birth of the child arrived. In Bhagavata, we get description of the natural atmosphere in the creation, at the time of birth
of demonic powers and divine powers. For example, at the time of birth of two
demons, Hiranyaksha and Hiranya Kashipu, the nature was tremendously disturbed.
Routine behavior of planetary system, wind, water, fire, animals, plants, heaven,
earth, sky and every other thing changed and all became very fearful and wonderful. The things in nature, meant for the welfare of inhabitants in the creation,
became causes of troubles for the inhabitants. This was because of the
appearance of those demonic powers. But,
if we go through the description of natural atmosphere at the time of birth of
Lord Krishna, we find a completely opposite picture. At that time, the whole
nature was full of Joy. Everywhere on
earth, a natural atmosphere of peace, prosperity and harmony appeared and so on.
Details of all these things are described in Bhagavata. In a similar way, when
we go through the life stories of Mahapurushas or great personalities with
divine powers, we find description of good omens occurring in the nature, at the
time of their birth. That means, some good omens seen in the natural phenomena convey prior indication
of the appearance of some great divine personality in this world. People having
proper knowledge and experience can understand those good omens and read the
message conveyed through those signs. During the time of birth of the child of Parijati
also, there were appearances of some such good omens in the nature. At that
time, the surrounding natural atmosphere appeared to be very pure, peaceful and
auspicious. In the temples, musical instruments like conch, bells, drum etc were
played. Vedic Scholars of the locality
automatically started recitations of the Vedic Hymns. Under such a divine atmosphere, wife of Dwija
Ajanabha, gave birth to a baby boy. Date wise, it was the fifth lunar day of
the bright fortnight, in the month of ‘Bhadrapada’ of Saka Era 1348 and CE
1426. The physical appearance of the child was very attractive. A bright
glowing divine aura was there around the new born baby. Dwija Ajanabha merrily performed
the Vedic rituals prescribed for the father of a new born baby on such
occasion. Then, at proper time, the naming ceremony was arranged and the child
was named as Harideva. (to be continued)
দ্বিজ অজনাভৰ পত্নী পাৰিজাতিৰ গৰ্ভাৱস্থা সুস্থভাৱে আগবাঢ়ি গৈছিল আৰু অৱশেষত সন্তান জন্মৰ সময় উপস্থিত হৈছিল ।ভাগৱতত আমি আসুৰিক আৰু দৈৱিক শক্তিৰ আবিৰ্ভাৱৰ সময়ত জগতত উদ্ভৱ হোৱা প্ৰাকৃতিক পৰিবেশৰ বৰ্ণনা পাওঁ ।
ইয়াৰ উদাহৰণ
স্বৰূপে ক’ব পাৰি যে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু দৈত্যৰ জন্মৰ পূৰ্বাৱস্থাত প্ৰকৃতি অতিশয় ক্ষুব্ধ হৈছিল ।
গ্ৰহ, নক্ষত্ৰ, বায়ু,জল,অগ্নি, আকাশ , স্বৰ্গ , অন্তৰীক্ষ,পৃথিৱী ,উদ্ভিদ ,প্ৰাণী সকলোৱে নিজৰ নিজৰ স্বাভাৱিক ধৰ্ম পৰিত্যাগ কৰি অদ্ভূত আৰু ভয়াবহ ৰূপ ধাৰণ কৰিছিল।
অৰ্থাৎ , যিবিলাক বস্তু জগতৰ বাসিন্দাৰ সুখ সুবিধাৰ বাবে সৃষ্টি কৰা হৈছে,
সেইবিলাকেই
বাসিন্দাসকলৰ বাবে দুখৰ কাৰণ হৈ উঠিছিল।আসুৰিক শক্তিৰ আবিৰ্ভাৱৰ আগজাননী হিচাপে প্ৰকৃতিত এনেকুৱা দুখময় পৰিস্থিতিৰ উৎপত্তি হৈছিল ।
আনহাতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সময়ৰ প্ৰাকৃতিক পৰিবেশৰ বৰ্ণনা পঢ়ি চালে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছৱি দেখা যায় ।
সেই সময়ত পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশ অতি আনন্দপূৰ্ণ হৈ উঠিছিল ।
প্ৰকৃতিৰ সকলোতে কেৱল শান্তি , সমৃদ্ধি আৰু সমন্বয়ৰ বাতাৱৰণ দেখা গৈছিল, ইত্যাদি ।এই সকলো কথা ভাগৱতত বিতংভাৱে বৰ্ণনা কৰা হৈছে।
একেদৰে মহাপুৰুষ বা মহৎ দৈৱিক শক্তিসম্পন্ন ব্যক্তিৰ জীৱন বৃত্তান্ত অধ্যয়ন কৰিলে তেওঁলোকৰ জন্মৰ সময়ত জগতত আবিৰ্ভাৱ হোৱা কিছুমান প্ৰাকৃতিক শুভ লক্ষণৰ বৰ্ণনা পোৱা যায়।
ইয়াৰ পৰা বুজিব
পাৰি যে প্ৰকৃতিত দেখা দিয়া কিছুমান শুভ লক্ষণে কোনো দৈৱিক গুণসম্পন্ন মহাপুৰুষৰ পৃথিৱীলৈ আগমনৰ আগজাননী দিয়ে।
এই বিষয়ৰ জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিসকলে এনে শুভ লক্ষণসমুহ আৰু তাৰ অন্তৰ্নিহিত অৰ্থ বুজি পায়।দ্বিজ অজনাভৰ পত্নী পাৰিজাতিৰ সন্তান জন্মৰ সময়তো প্ৰকৃতিত এনে বহু শুভ লক্ষণ দেখা গৈছিল।
সেই সময়ৰ প্ৰাকৃতিক পৰিবেশ অতিশয় পৱিত্ৰ , শান্তিময় আৰু মঙ্গলময় হৈ উঠিছিল ।
মন্দিৰ সমুহত শংখ , ঘণ্টা , ডবা , কাঁহ আদি বাজি উঠিছিল।
ওচৰে পাঁজৰে থকা বেদজ্ঞ পণ্ডিত সকলৰ মুখেদি স্বতঃস্ফূৰ্ত্তভাৱে বেদমন্ত্ৰ উচ্চাৰিত হৈছিল ।
এনে এক স্বৰ্গীয় পৰিবেশৰ মাজত অজনাভৰ পত্নী পাৰিজাতিয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছিল।সেইদিনা আছিল ১৩৪৮ শকাব্দ অৰ্থাৎ ১৪২৬ খৃষ্টাব্দৰ ভাদ্ৰ মাহৰ শুক্লা পঞ্চমী তিথি।এক দিব্য জ্যোতিৰে জ্যোতিষ্মান
হৈ থকা
নৱজাত
শিশুটিৰ ৰূপ অতি আকৰ্ষণীয় আছিল।
দ্বিজ অজনাভে আনন্দ মনেৰে নিৰ্দিষ্ট বৈদিক নীতি নিয়ম মানি পুত্ৰমুখ দৰ্শন কৰিছিল ।
যথা সময়ত নামকৰণ সংস্কাৰ কৰি সমস্ত শুভলক্ষণযুক্ত এই শিশুটিৰ নাম ৰখা হৈছিল হৰিদেৱ।(আগলৈ)
No comments:
Post a Comment