In the scriptures,
it is told that devotional and faithful service to Guru
, offering of all kinds of personal possessions for the welfare of others, association of saintly
persons, reading, hearing and discussion about the glories of God Almighty
and meditation on it , worship of the deity of God Almighty following
scriptural rules and regulations etc, are some of the means for establishment of cordial, affectionate and
loving relationship with God Almighty. Dwija Ajanabha strictly followed all these
scriptural injunctions. It is mentioned in Bhagavata that, Goddess Lakshmi is
the internal energy of Lord Vishnu. Internal energy of an object, is the energy
inherent to the object. For example, a man is said to be energetic due to the energy
inherent in him. The energetic man and his energy cannot stay separately.
Likewise, heat is inherent to fire and we
cannot think of heat separate from fire. In a similar way, Goddess Lakshmi is
the internal energy of Lord Vishnu or Narayana and hence both cannot stay separated
from each other. The deity of Lakshmi Narayana was worshiped in the family of Dwija Ajanabha, from time unknown. Dwija Ajanabha used to worship this deity every
day, in the temple attached to his residence, following all Vedic rules and regulations . Child Harideva,
from his very young age, used to take notice of those religious practices
performed by his father. Actually, that was his age of playing with children of
similar age group. Harideva used to ask his father about the significance of
offering of eatables and other items of human use, to a deity. It
was in his mind that, if God is there, if God can accept things offered to him,
then he should also be visible to human eyes . Child Harideva was very eager to
correctly know about those things from his father. Ajanabha used to explain those
things based on his vast knowledge of Gita, Upanishad and other Vedic
scriptures . At the same time, Ajanabha also used to inform Harideva that perfect
answer to all those questions cannot be obtained from any outside source. Once
self is realized, answer to all such queries come from inside oneself. Those explanations
were based on very higher stage of scriptural knowledge and were not at all
suitable for understanding of a small child. . But the understanding capacity
of child Harideva was found to be matured
enough to grasp those higher spiritual teachings. (to be continued)
শাস্ত্ৰত কোৱা হৈছে যে শ্ৰদ্ধা ভক্তি সহকাৰে গুৰুৰ সেৱা কৰা , নিজৰ ব্যক্তিগত অধিকাৰত থকা জ্ঞান,বুদ্ধি
, ধন ,জন ইত্যাদি সকলোখিনি আনৰ মঙ্গলৰ অৰ্থে উছৰ্গা কৰা, সাধু লোকৰ সান্নিধ্যত থকা, পৰমাত্মা পৰমেশ্বৰৰ গুণমাহাত্ম্যৰ বিষয়ে অধ্যয়ন, শ্ৰৱণ, চৰ্চা,ধ্যান
ইত্যাদি কৰা, মন্দিৰত প্ৰতিষ্ঠিত বিগ্ৰহৰ মাধ্যমত বেদবিহিত নিয়ম মতে পৰমেশ্বৰৰ আৰাধনা কৰা আদি উপায় সমুহৰ দ্বাৰা ভগৱানৰ সৈতে আন্তৰিক , স্নেহময় আৰু প্ৰেমময় সম্পৰ্ক স্থাপন কৰিব পাৰি।
দ্বিজ অজনাভে এই সমস্ত শাস্ত্ৰবিধি পৰম শ্ৰদ্ধা সহকাৰে পালন কৰিছিল।
ভাগৱতত দেৱী লক্ষ্মীক ভগৱান বিষ্ণু বা নাৰায়ণৰ আভ্যন্তৰীণ শক্তি বুলি কোৱা হৈছে ।
আভ্যন্তৰীণ শক্তি হৈছে কোনো বস্তুৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত শক্তি ।উদাহৰণ স্বৰূপে এজন মানুহৰ অভ্যন্তৰত অধিক শক্তি অন্তৰ্নিহিত হৈ থাকিলে তেওঁক শক্তিশালী মানুহ বুলি কোৱা হয় । শক্তিশালী
মানুহজন আৰু তেওঁৰ শক্তি ওতঃপ্ৰোত
ভাৱে জড়িত কাৰণে উভয়ে বেলেগ বেলেগ হৈ থাকিব নোৱাৰে ।
একেদৰে তাপ জুইৰ অন্তৰ্নিহিত শক্তি আৰু তাপক জুইৰ পৰা পৃথক হিচাপে কল্পনা কৰিব নোৱাৰি । এনে
বিচাৰত লক্ষ্মীদেৱী নাৰায়ণ বা বিষ্ণুৰ অন্তৰ্নিহিত শক্তি আৰু সেই কাৰণে উভয়ে পৃথক হৈ থাকিব নোৱাৰে ।
দ্বিজ অজনাভৰ পৰিয়ালত অজান কালৰে পৰা বংশানুক্ৰমে লক্ষ্মী নাৰায়ণ বিগ্ৰহৰ পূজা সেৱা চলি আহিছিল ।
অজনাভেও নিজ গৃহৰ লগত সংলগ্ন মন্দিৰত নিতৌ সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজেৰে এই বিগ্ৰহৰ পূজা কৰিছিল ।
শিশু হৰিদেৱে পাঁচ বছৰমান বয়সৰ পৰাই, অৰ্থাৎ সমনীয়া শিশুৰ সৈতে ওমলাৰ বয়সৰ পৰাই , পিতাকে কৰা ধৰ্মীয় আচাৰ আচৰণ সমুহ অতি মনোযোগ সহকাৰে লক্ষ কৰিছিল ।
উপাস্য বিগ্ৰহৰ সন্মুখত খাদ্য তথা মানুহে
ব্যৱহাৰ কৰা অন্য বস্তু আগবঢ়োৱাৰ যুক্তিযুক্ততা সম্পৰ্কে পিতাকক বিভিন্ন প্ৰশ্ন কৰিছিল ।
তেওঁ
চিন্তা প্ৰকাশ
কৰিছিল
যে,
যদি ভগৱান আছে, যদি ভগৱানে তেওঁৰ উদ্দেশ্যে নিবেদন কৰা বস্তু গ্ৰহণ কৰে,
তেন্তে ভগৱানক চকুৰে দেখা পোৱাও উচিত ।
শিশু হৰিদেৱ এইবিলাক বিষয় শুদ্ধভাৱে জনাৰ বাবে ব্যগ্ৰ হৈ উঠিছিল ।
অজনাভে
গীতা
আৰু অন্যান্য শাস্ত্ৰৰ অগাধ জ্ঞানৰ সহায়ত হৰিদেৱৰ অনুসন্ধিৎসামূলক প্ৰশ্নসমুহৰ উত্তৰ দিছিল ।
ইয়াৰ
লগতে অজনাভে
উপদেশ দি কৈছিল যে হৰিদেৱৰ মনত উদয় হোৱা প্ৰশ্ন সমুহৰ একেবাৰে সঠিক উত্তৰ নিজৰ বাহিৰত থকা কোনো উৎসৰ পৰা পোৱা সম্ভৱ নহয়।
আত্মজ্ঞান লাভ কৰাৰ পিছত সমস্ত প্ৰশ্নৰ সঠিক উত্তৰ নিজৰ ভিতৰৰ পৰাই পোৱা যায় ।
এনে
প্ৰকাৰৰ
ব্যাখ্যাসমুহ অতি উচ্চ স্তৰৰ শাস্ত্ৰজ্ঞানৰ আধাৰত দিয়া হৈছিল আৰু এই জ্ঞান শিশুৰ বোধশক্তিৰ বাবে একেবাৰে উপযোগী নাছিল ।
কিন্তু শিশু হৰিদেৱৰ বোধশক্তি এনে উচ্চ পৰ্যায়ৰ শাস্ত্ৰীয় যুক্তি বিচাৰ বুজাৰ বাবে সম্পূৰ্ণ সক্ষম আছিল ।
(আগলৈ)
No comments:
Post a Comment