Since the root
cause or ultimate truth is the cause of all causes, knowledge also originates from
here only. If we want to do any work, then the first requirement is to know how
to do that. For example, if we want to cook a meal, first we should know how to
cook. Likewise, in the process of creation of the universe, the initial
requirement is the knowledge of creation and then knowledge of maintenance of that
creation
is required. The knowledge of creation of the universe
and its subsequent maintenance, is called Veda. So, Veda comes prior to the
creation. In Bhagavata it is told that, Veda is exhaled by God Almighty or
Ultimate Truth or the Supreme Cause or whatever name we may call it and along
with this exhalation, the creation also comes into expression. During inhalation of God Almighty, Veda along with the creation enter
into him.
Bhagvata tries to make it clear through
another analogy . Here it is told that, the spider brings out thread from
inside its own body and spreads a web outside.
In a similar way, the Veda comes out from God Almigthy as Vedic Hymns.
Utterance of those Hymns in proper meters, creates appropriate sound vibrations.
Those vibrations spread all over the creation and thus, the Veda or knowledge of God
Almighty spreads. With this knowledge, the process of creation and its
maintenance continue, till the exhalation of God Almighty is continued. It is
also told in Bhagavata that, knowledge of Veda is transcendental. Our senses of
knowledge – ear, eyes, nose, tongue and skin along with mind and intelligence
constitute our machinery for acquisition of knowledge. This machinery is unable
to grasp transcendental knowledge of Veda. So, to understand the knowledge
contained in Veda, proper preparation and purification of body mind complex is essential. ‘Upanayana’ or sacred thread
ceremony, is the Vedic way for preparing
a student in this line. Dwija Ajanabha, after observation of his child from all
angles, understood that Harideva became fully competent for this preparation at
his young age itself. So, ‘Upanayana’ of Harideva was performed at his age of nine
years and then he started preparation for the study of Veda . (to be continued
)
যিহেতু মূল কাৰণ বা পৰম সত্য সমস্ত কাৰণৰে কাৰণ, গতিকে জ্ঞানৰ প্ৰবাহো ইয়াৰ পৰাই আৰম্ভ হয় ।
আমি কিবা এটা কাম কৰিব খুজিলে প্ৰথমতে তাক কিদৰে কৰিব লাগে তাক জনাৰ আৱশ্যক হয় ।
উদাহৰণ স্বৰূপে আমি যদি এসাঁজ ভাত ৰান্ধিব খোজো,
তেন্তে কেনেকৈ ৰান্ধিব লাগে তাক প্ৰথমে জানিব লাগে।
জগত সৃষ্টিৰ বেলিকাও একে কথা ।
প্ৰথমে সৃষ্টি কিদৰে কৰিব লাগে তাক জনা প্ৰয়োজন ।
তাৰ পিছতে সৃষ্টি কিদৰে চলি থাকিব তাক জনা দৰ্কাৰ ।
বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু তাৰ পৰিচালনাৰ যি জ্ঞান তাক বেদ বুলি কোৱা হয় ।
গতিকে
বেদ সৃষ্টিৰ পূৰ্বৰ পৰাই আছে। ভাগৱতত কোৱা হৈছে যে পৰমেশ্বৰ বা পৰম সত্য বা পৰম কাৰণ আদি অসংখ্য নামেৰে বিভুষিত,সৰ্বকাৰণৰ
কাৰণ স্বৰূপ ভগৱানৰ পৰা নিৰ্গত নিশ্বাসৰ সৈতে বেদ প্ৰকাশিত হয় ।
ইয়াৰ
লগতে সৃষ্টিৰো প্ৰকাশ ঘটে ।
আকৌ পৰমেশ্বৰে যেতিয়া উশাহ লয়,
সেই উশাহৰ সৈতে বেদ আৰু সৃষ্টিও মূল কাৰণত বা
ভগৱানৰ শৰীৰত প্ৰৱেশ কৰে । ভাগৱতত অন্য এক উপমাৰ সহায়তো কথাখিনি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে ।
ইয়াত কোৱা হৈছে যে মকৰাই নিজৰ ভিতৰৰ পৰা মুখেৰে সূঁতা উলিয়াই বাহিৰত জাল বিস্তাৰ কৰে ।
একেদৰে পৰমেশ্বৰৰ পৰা জ্ঞানৰ প্ৰবাহ বেদমন্ত্ৰৰ ৰূপত বাহিৰলৈ আহে।
বেদৰ দ্বাৰাই নিৰ্দিষ্ট কৰা ছন্দ অনুসৰি এই মন্ত্ৰসমুহ উচ্চাৰণ কৰিলে বিশুদ্ধ মন্ত্ৰধ্বনি উৎপন্ন হয়।
সেই
ধ্বনিৰ পৰা মকৰাৰ
জালৰ বিস্তাৰৰ দৰে শব্দজালৰ বিস্তাৰ হয় আৰু এনেদৰে শব্দৰ মাধ্যমত সৃষ্টিৰ সৰ্বত্ৰ বেদজ্ঞানৰ বিস্তাৰ হয় ।
এই বেদজ্ঞানৰ সহায়তে পৰমেশ্বৰৰ নিশ্বাস কাল শেষ নোহোৱা পৰ্যন্ত সৃষ্টি প্ৰক্ৰিয়া আৰু তাৰ ৰক্ষণাবেক্ষণ চলি থাকে ।ভাগৱতত আৰু কোৱা হৈছে যে বেদজ্ঞান ইন্দ্ৰিয়াতীত । চকু ,কান ,নাক, জিভা আৰু ছাল -এই পাঁচটা জ্ঞান ইন্দ্ৰিয়ৰ লগতে মন আৰু বুদ্ধিক লৈ আমাৰ জ্ঞান আহৰণৰ যান্ত্ৰিক প্ৰণালী গঠন হৈছে ।
এই যান্ত্ৰিক ব্যৱস্থাৰ সহায়ত ইন্দ্ৰিয়াতীত বেদজ্ঞান লাভ কৰা সম্ভৱ নহয় ।
গতিকে বেদজ্ঞান আয়ত্ব কৰিবৰ বাবে বিশেষ সংস্কাৰ প্ৰক্ৰিয়াৰ মাধ্যমত শৰীৰ,
মন
আৰু জ্ঞান আহৰণৰ যন্ত্ৰ সুক্ষ্মতৰ কৰাৰ প্ৰয়োজন হয়। উপনয়ন সংস্কাৰ হৈছে এই বিশেষ বৈদিক সংস্কাৰ । বেদ অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বতে কোনো ব্যক্তিক এই সংস্কাৰৰ দ্বাৰা বেদজ্ঞান আহৰণ কৰাৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা হয় । দ্বিজ অজনাভে শিশু পুত্ৰক সকলো ফালৰ পৰা
পৰীক্ষা
কৰাৰ পিছত বুজি পাইছিল যে কেৱল মাত্ৰ বেদজ্ঞানৰ দ্বাৰাহে হৰিদেৱৰ জ্ঞানপিপাসা পূৰ্ণ হোৱা সম্ভৱ।
সেয়েহে ন বছৰ বয়সত হৰিদেৱৰ উপনয়ন সংস্কাৰ কৰা হৈছিল আৰু তাৰ পিছতে তেওঁ বেদজ্ঞান আয়ত্ব কৰাৰ বাবে নিজকে সাজু কৰিবলৈ সাধনা আৰম্ভ কৰিছিল।(আগলৈ)
No comments:
Post a Comment