‘Upanayana’
is the most important ‘Samskara’ which initiated a person to the learning of
the Vedas with discipline and the rules of conduct. Through this ritual simplicity
and discipline of the educational life are developed. It is the prime goal of
human life to try to find out the Ultimate Truth or the root cause of all causes.
Through Upanayana, a student is prepared to reach this goal. This is done by keeping
the consciousness of the student awake to this goal, through initiation to the
study of Veda, the vows and restraints and the observances. After Upanayan, Harideva followed all those
instructions with full devotion under competent teachers of the Tole of his
father. In this way Harideva completed the preparatory lessons prescribed for learning
of Vedas. In scriptures it is told that the Hymns of Veda are there from prior
to the creation. The seers of very ancient times brought those Vedic Hymns to
the reach of human being through sound vibrations uttered in human language of
that time. The language used in the ancient times, gradually changed with
passage of time. So, difficulty aroused in understanding those Vedic texts for the people of later ages. Afterwards, persons of knowledge composed six Vedangas
or limbs of Vedas to make the Vedic
studies easier for the people of later generations. So, Vedangas are sciences
that help to understand and interpret the Vedas. The six Vedangas are Siksha, Chanda,
Vyakarana, Nirukta, Jyotisha and Kalpa. Siksha and Chanda deal with the study of sound, pronunciation and rhymes of Vedic
Hymns. Vyakarna deals with the study of word and sentence structure. Nirukta deals
with the meaning of complex words and phrases used in very ancient times. Jyotisha
deals with the study of the movements of heavenly bodies to find out proper moments for performance of Vedic
rituals. Kalpa deals with the ethical,
moral and procedural precepts associated with the performance of Vedic rituals
as a way of life. To understand proper meaning expressed through the ancient texts
of the Vedas, prior study of those subjects auxiliary to Veda is essential. Ajanabha
himself was a Vedic Scholar and was fully conversant with those Vedangas. So
the responsibility of teaching these subjects to his son Harideva was taken by
Ajanabha himself. (to be continued )
ছাত্ৰক সম্পূৰ্ণ বৈদিক আচাৰ নীতিৰ মাধ্যমেৰে সুশৃংখলভাৱে বেদজ্ঞানৰ শিক্ষা দিয়াৰ বাবে উপনয়ন অতি প্ৰয়োজনীয় সংস্কাৰ ।
এই সংস্কাৰৰ দ্বাৰা ছাত্ৰাৱস্থাৰ পৰাই অনাড়ম্বৰ আৰু নিয়মানুবৰ্ত্তী জীৱন যাপন কৰাৰ অভ্যাস গঠন হয় ।
পৰম সত্য বা জগতৰ সমস্ত কাৰণৰ অন্তৰালত থকা মূল কাৰণৰ অনুসন্ধান কৰা মানৱ জীৱনৰ প্ৰধান লক্ষ্য ।উপনয়ন সংস্কাৰে মানুহক এই লক্ষ্যৰ দিশত আগবঢ়াৰ বাবে সাজু কৰি তোলে।
উপনয়নৰ পিছত বেদ অধ্যয়নৰ প্ৰাথমিক পাঠ ,ব্ৰত পালন, আত্মসংযম, ধৰ্মীয় আচাৰ অনুষ্ঠান আদিৰ অনুশীলনৰ দ্বাৰা শিক্ষাৰ্থীক নিজ লক্ষ্যৰ প্ৰতি সদায় সচেতন কৰি ৰখা হয় ।
উপনয়ন হৈ যোৱাৰ পিছত হৰিদেৱে পিতৃৰ টোলৰ শিক্ষকে শিকাই দিয়া মতে ওপৰোক্ত সকোলোখিনি নীতি নিয়ম শ্ৰদ্ধা সহকাৰে পালন কৰি শিক্ষা গ্ৰহণ কৰিছিল ।
এনেদৰে এটা সময়ত তেওঁ বেদ অধ্যয়নৰ প্ৰাৰম্ভিক পাঠ সম্পূৰ্ণ কৰিছিল ।শাস্ত্ৰত কোৱা হৈছে যে বেদমন্ত্ৰ সমুহ সৃষ্টিৰ পূৰ্ৱৰ পৰাই আছে ।
সুপ্ৰ্ৰাচীন কালৰ বেদদ্ৰষ্টা ঋষিমুনিসকলে মন্ত্ৰধ্বনিৰ মাধ্যমত বেদ মানৱ সমাজত প্ৰচাৰ কৰিছিল।
সেই মন্ত্ৰধ্বনি কানেৰে শুনি মানুহে বেদজ্ঞান লাভ কৰিছিল।আদি অৱস্থাত এই মন্ত্ৰধ্বনিৰ বাবে প্ৰাচীন কালৰ মানুহৰ ভাষা ব্যৱহাৰ কৰা হৈছিল।
সময়ৰ সোঁতত ভাষাৰ পৰিবৰ্ত্তন হৈ থাকে ।
সুদীৰ্ঘ কাল ধৰি লাহে লাহে হৈ থকা পৰিবৰ্ত্তনৰ ফলত অতি প্ৰাচীন কালতে বেদ প্ৰকাশ কৰাৰ বাবে ব্যৱহাৰ কৰা ভাষা পৰৱৰ্ত্তী কালৰ মানুহে বুজি পোৱা দুৰুহ হৈ পৰিছিল।
সেই সমস্যা সমাধানৰ কাৰণে পৰবৰ্ত্তী কালৰ জ্ঞানীসকলে ছয় প্ৰকাৰৰ বেদাঙ্গ ৰচনা কৰি পিছৰ কালৰ মানুহে শুদ্ধ ৰূপত বেদজ্ঞান লাভ কৰাৰ পথ সুগম কৰিছিল।গতিকে বেদাঙ্গ হৈছে সেই বিজ্ঞান, যাৰ সহায়ত বেদৰ অৰ্থ শুদ্ধ ৰূপত নিজে বুজিব পাৰি আৰু অন্যৰ ওচৰত ব্যাখ্যা কৰিব পাৰি।
ছয় প্ৰকাৰৰ বেদাঙ্গ হৈছে –শিক্ষা, ছন্দ্, ব্যাকৰণ, নিৰুক্ত,জ্যোতিষ আৰু কল্প ।
শিক্ষাৰ আৰু ছন্দৰ দ্বাৰা বেদমন্ত্ৰৰ ধ্বনি,.উচ্চাৰণ লয় ইত্যাদিৰ বিষয়ে জ্ঞান দিয়া হয় ।
ব্যাকৰণে বেদৰ শব্দ আৰু বাক্য গঠনৰ জ্ঞান দিয়ে ।বেদত ব্যৱহাৰ কৰা অতি প্ৰাচীন জটিল শব্দ আৰু বাক্যাংশৰ অৰ্থ নিৰুক্তৰ সহায়ত জানিব পাৰি ।
জ্যোতিষৰ সহায়ত গ্ৰহ নক্ষত্ৰৰ সঞ্চাৰ গণনা কৰি বৈদিক যাগ যজ্ঞ আদি অনুষ্ঠান কৰাৰ বাবে উপযোগী সময় নিৰূপণ কৰা হয় ।
কল্পৰ দ্বাৰা বৈদিক নীতি নিয়ম,আচাৰ অনুষ্ঠান আদিৰ পদ্ধতি আৰু মানুহৰ দৈনন্দিন জীৱনত ইবিলাকৰ প্ৰভাৱ সম্বন্ধে জ্ঞান দিয়া হয়।
অতি প্ৰাচীন ভাষাত প্ৰকাশিত বেদমন্ত্ৰৰ শুদ্ধ অৰ্থ বুজি পোৱাৰ বাবে এই বেদাঙ্গসমুহৰ গভীৰ অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় ।
হৰিদেৱৰ পিতৃ অজনাভ এই সমস্ত বেদাঙ্গৰ সম্পূৰ্ণ জ্ঞান থকা পণ্ডিত ব্যক্তি আছিল।
তেওঁ নিজে হৰিদেৱক বেদাঙ্গৰ জ্ঞান প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল ।(আগলৈ)
No comments:
Post a Comment