In our post of
9.5.20, it is told that perfect answer of all questions cannot be obtained from
outside source. After self realization, correct answer of all questions come
from inside and all doubts
are cleared. To make the point clear, we can take
example of the seed of a tree. From the seed, seedling comes and gradually grows up from big to
bigger tree. Then, at proper time, flowers and seeds come. From those seeds, new
trees grow. Again using different parts of the tree, innumerable items are made
and thus, this process goes on in cycles. Here, we can easily understand that the
seed is the cause of the tree and all other subsequent manifestations. Now, if
we try to know the cause behind those manifestations from the seed, we will be
able to know hardly one or two steps inwards. After that, we cannot move into
further depth and thus it is not possible to know the actual cause inherent in
the seed for subsequent manifestations as described above. In the scriptures, it is told that there is a root cause and this is
the only cause of all causes in the creation. If somehow, we can go near to that
root cause, then at a certain level, we will find that, the tree and the seed are not different from each other . If we go into
further depth, we will reach the root cause and then only, we can get answer of
all queries, to our full satisfaction. This is true in respect of each and every
object in the creation. In scriptures it is told that, this single root cause
is the ultimate truth. It is everywhere; it is inside us, outside us and it is
our own self. It is also the self in everybody and everything in the creation
right from sun, moon, planets, stars to
a particle of sand. That is, the ultimate truth or self is the root cause of everything
we know, we imagine and that beyond
our imaginations. Now, intelligent people may go through the writing in the
scriptures and know these things literally. But that type of knowing is not
realization. Realization is, becoming part and parcel of that knowledge, bringing one’s self awareness to the level of
that knowledge. That is the attainment self realization. Dwija Ajanabha in his advice, told Harideva
that, once self realization is attained, then things are known form internal
cause to external action. That is, thing can be known clearly like knowing of the
visible manifestation of a tree and its
expansions from a seed, as mentioned in the above example . (to
be continued)
আমাৰ ৯.৫.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে সকলো প্ৰশ্নৰ সঠিক উত্তৰ বাহিৰৰ পৰা পোৱা নাযায় ।
আত্মজ্ঞান লাভ কৰাৰ পিছত সমস্ত প্ৰশ্নৰ সঠিক উত্তৰ নিজৰ অভ্যন্তৰৰ পৰা আহে; সকলো সন্দেহ দূৰ হয় । কথাখিনি স্পষ্ট কৰাৰ
বাবে
আমি এটা গছৰ গুটিৰ কথা ভাবিৱ পাৰো ।
গুটিৰ পৰা গজালি ওলায় , গজালি লাহে লাহে ডাঙৰ হৈ ঠাল ঠেঙুলিৰে সৈতে বৃহৎ বৃক্ষত পৰিণত হয় । যথা
সময়ত ফুল হয় ,ফুলৰ পৰা গুটি ধৰে ।
সেই গুটিৰ পৰা নতুন গছ হয় । আকৌ
গছৰ বিভিন্ন অংশক উপাদান হিচাপে লৈ অসংখ্য
প্ৰকাৰৰ বয়-বস্তু তৈয়াৰ কৰা হয় ইত্যাদি অনেক প্ৰক্ৰিয়া চলি থাকে।
ইয়াত স্পষ্টভাৱে বুজা যায় যে এটা বীজ ওপৰোক্ত প্ৰক্ৰিয়াসমুহ সৃষ্টি হোৱাৰ কাৰণ।
এতিয়া যদি গুটিটোৰ পৰা ওপৰোক্ত
প্ৰক্ৰিয়াসমুহ কিয় চলে তাৰ কাৰণ বিচাৰি যোৱা হয়,
তেন্তে বৰ বেছি এটা বা দুটা স্তৰ গভীৰলৈ অনুসন্ধান কৰিব পাৰি।
তাৰ পিছত আৰু গভীৰলৈ যাব নোৱাৰি কাৰণে গুটিটোৰ ভিতৰত ওপৰোক্ত
প্ৰক্ৰিয়াসমুহ সৃষ্টিৰ সম্ভাৱনা কিয় থাকে তাৰ সঠিক কাৰণ বুজা সম্ভৱ হৈ নুঠে।
শাস্ত্ৰসমুহত কোৱা হৈছে যে , এটা মাত্ৰ মূল কাৰণ আছে আৰু সিয়ে সৃষ্টিত যিমান কাৰণ থকা সম্ভৱ,
সেই সমস্ত কাৰণৰে কাৰণ ।
যদি কিবা প্ৰকাৰে সেই মূল কাৰণৰ ওচৰ চপা হয়,
তেন্তে
দেখা যায় যে এটা পৰ্যায়ত গছ আৰু গুটিৰ মাজত কোনো প্ৰভেদ নাথাকে ।
তাতোকৈ অভ্যন্তৰলৈ গ’লে মূল কাৰণৰ সাক্ষাৎ পোৱা যায় আৰু তেতিয়াহে সকলো প্ৰশ্নৰ সঠিক আৰু সন্তোষজনক উত্তৰ পোৱা যায় । এই কথা সৃষ্টিৰ প্ৰত্যেক বস্তুৰ ক্ষেত্ৰতে সত্য ।
সেই কাৰণে শাস্ত্ৰত সেই একমাত্ৰ মূল কাৰণক পৰম সত্য বুলি কোৱা হৈছে ।
এই সত্য সৰ্বব্যাপ্ত , ই আমাৰ ভিতৰতো আছে আৰু বাহিৰতো আছে ।
এই মূল কাৰণ বা পৰম সত্যই আমাৰ আত্মা।
ই অকল আমাৰ দৰে মানুহৰে আত্মা নহয় - চন্দ্ৰ ,সূৰ্য ,গ্ৰহ ,নক্ষত্ৰ ৰ পৰা আৰম্ভ কৰি সাধাৰণ ধুলিকণালৈকে সৃষ্টিত যিমান বস্তু আছে বুলি আমি জানো , কল্পনা কৰো বা আমাৰ কল্পনাৰো বাহিৰত আছে,
সেই সকলোৰে আত্মা।
এতিয়া, যিসকল ব্যক্তিৰ বুদ্ধি বৃত্তি আছে তেওঁলোকে শাস্ত্ৰৰ লিখনি পঢ়ি এই বিলাক কথা আক্ষৰিকভাৱে জানিব পাৰে।
কিন্তু এনেদৰে জনাটো প্ৰত্যক্ষ অনুভৱ নহয় ।
প্ৰত্যক্ষ অনুভৱ হৈছে সেই জ্ঞানৰ অবিচ্ছেদ্য অংশত পৰিণত হোৱা, নিজৰ চেতনাক সেই জ্ঞানৰ স্তৰলৈ উন্নীত কৰি সেই জ্ঞানৰ মূৰ্ত্ত ৰূপত পৰিণত হোৱা,
অৰ্থাৎ
আত্মজ্ঞানী হোৱা। দ্বিজ অজনাভে শিশু পুত্ৰ হৰিদেৱক কৈছিল যে আত্মজ্ঞান লাভ কৰাৰ পিছত মূল কাৰণৰ ফালৰ পৰা কাৰ্যৰ পিনে গতি কৰি সকলো প্ৰশ্নৰ সঠিক উত্তৰ পোৱা যায় ।
গুটিৰ পৰা গছ আৰু তাৰ পৰবৰ্ত্তী বিস্তাৰৰ জ্ঞান প্ৰত্যক্ষ ভাৱে
দেখা যায় কাৰণে বুজাত সহজ আৰু সঠিক হয় । একেদৰে
আত্মজ্ঞান লাভ কৰাৰ পিছত সমস্ত বিষয়ৰ জ্ঞান প্ৰত্যক্ষ দৰ্শনৰ পৰা আহে কাৰণে বুজাত
সহজ আৰু সঠিক হয়।
(আগলৈ)
No comments:
Post a Comment