Harideva began to grow up under the care of his
parents. He was residing in a house attached to the Pathsala cum Tole of his father, child Minor students used to come to that Pathsala from nearby localities.
Child Harideva got company of those children during day time. Grown up students
,studying in the Tole, used to stay with
their Guru Ajanabha, like members of his own family. Harideva used to get company
of those students also. In this way, from the childhood days he was in an
atmosphere of education. That is, the place where Harideva was born and brought up was
itself a center of education for both higher and lower levels of learning . But, it was not like an educational
institution of modern time, where only lessons
pertaining to academic curriculum are taught. In that school, Ajanabh and Parijati took care
of all students like their own children. Students used to respect them as their own parents.
Everything, big or small, that may be useful for a happy and prosperous life, were
taught to the students with utmost care. In addition that, attempts
were made to attract the minds of the students
towards self realization , which is the
only goal of human life . For that purpose, the Gita, Upanishad and other such
scriptures of higher philosophical knowledge, were explained thoroughly to competent
students of higher classes. Child Harideva was found to be keenly interested in
this part of teaching meant for senior students of higher knowledge only . In the Gita, it is told that some people use to put
sincere efforts in all possible ways for attainment of self realization. But
human body can live only up to a limited time. So, some of such sincere seekers
have to die before attainment of self realization. Under such circumstances, those
people take rebirth in a family where they can get a proper atmosphere to
restart further practice for attainment of self realization. As a result of
practice made in previous births, they can understand subjects of higher
knowledge from very young age. Those people use to restart their practice from
the point where they left in the previous birth and attain self realization in
this particular birth. By seeing the activities of childhood days, Dwija Ajanabha and other
knowledgeable persons were fully convinced
that, Harideva was a great seeker of this category in his previous birth.(to be continued)
পিতৃ অজনাভৰ পাঠশালা আৰু টোলৰ সৈতে সংলগ্ন বাসগৃহত থাকি ,পিতৃ-মাতৃ আদৰ যত্নৰ মাজেৰে শিশু হৰিদেৱ ক্ৰমে ডাঙৰ হৈ আহিছিল।
পাঠশালাত পঢ়া শিশু বয়সৰ ছাত্ৰসকলে নিজ নিজ গৃহৰ পৰা অহা যোৱা কৰি পঢ়িছিল ।
দিনৰ ভাগত শিশু হৰিদেৱে এইসকলৰ সঙ্গ লাভ কৰিছিল ।
টোলৰ ছাত্ৰসকলে নিজ পৰিয়ালৰ লোকৰ দৰে তেওঁলোকৰ গুৰু অজনাভৰ লগতে বাস কৰিছিল ।
শিশু কালৰ পৰা হৰিদেৱে দিন ৰাতি সকলো সময়তে এইসকল ছাত্ৰক লগ পাইছিল ।
এনেদৰে শিশু অৱস্থাৰ পৰাই হৰিদেৱে সকলো সময়তে শিক্ষাৰ এক পৰিবেশ পাইছিল ।
অৰ্থাৎ নিম্ন আৰু উচ্চ,
উভয় প্ৰকাৰৰ জ্ঞান লাভ কৰাৰ সুবিধা থকা এটা শিক্ষা কেন্দ্ৰত তেওঁ জন্ম গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছিল । কিন্তু
এই শিক্ষা কেন্দ্ৰ কেৱল নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰি কিছুমান বিষয়ৰ শিক্ষা দিয়া আজিকালিৰ শিক্ষানুষ্ঠানৰ দৰে নাছিল । এই স্কুলত অজনাভ আৰু পাৰিজাতিয়ে সকলো ছাত্ৰকে নিজৰ সন্তানৰ দৰে আদৰ যত্ন কৰিছিল।
ছাত্ৰসকলেও তেওঁলোকক নিজৰ পিতৃ মাতৃতকৈ পৃথক বুলি ভৱা নাছিল ।
বৰ্ত্তমান জন্মৰ জীৱন কালত ছাত্ৰৰ জীৱনলৈ আহিব পৰা সৰু বৰ সকলো সমস্যা সমাধান কৰি এটা সুখ আৰু
সমৃদ্ধিৰে পূৰ্ণ জীৱন যাপন কৰাৰ বাবে উপযোগী সকলো শিক্ষা তাত দিয়া হৈছিল । ইয়াৰ
উপৰিও মানৱ জীৱনৰ পৰম লক্ষ্য আত্ম জ্ঞান লাভৰ প্ৰতি ছাত্ৰসকলৰ উৎসাহিত কৰাৰ বাবে তাত অহৰহ প্ৰচেষ্টা কৰা হৈছিল।
সেই উদ্দেশ্যে উচ্চ শিক্ষা প্ৰাপ্ত আৰু উপযুক্ত বয়সৰ ছাত্ৰ সকলৰ উপযোগী হিচাপে গীতা , উপনিষদ তথা অন্যান্য উচ্চ পৰ্যায়ৰ দাৰ্শনিক তত্বজ্ঞান সম্পন্ন শাস্ত্ৰ সমুহৰ বিতং ব্যাখ্যা কৰা হৈছিল ।
কেৱল প্ৰাপ্ত
বয়স্ক আৰু উচ্চ জ্ঞানসম্পন্ন লোকৰ বাবে উপযোগী হিচাপে
প্ৰদান কৰা এই আত্মজ্ঞানমূলক শিক্ষাৰ প্ৰতিহে
শিশু হৰিদেৱে অধিক মনোযোগ দিয়া দেখা গৈছিল ।
গীতাত কোৱা হৈছে যে কিছুমান মানুহে আত্মজ্ঞান লাভ কৰাৰ বাবে বহু প্ৰকাৰৰ চেষ্টা কৰে, গভীৰ সাধনাত মগ্ন হয় ।
কিন্তু মনুষ্য শৰীৰ এক নিৰ্দিষ্ট সময় পৰ্যন্তহে জীৱিত থাকে ।
গতিকে কিছু সংখ্যক এনে পৰ্যায়ৰ সাধকে আত্মজ্ঞান লাভ কৰাৰ পুৰ্বে দেহত্যাগ কৰিবলৈ বাধ্য হয় ।
ইয়াত আৰু কোৱা হৈছে যে এইসকল সাধকে মৃত্যুৰ পিছত তেওঁৰ পূৰ্বজন্মৰ সাধনা পুনৰ আৰম্ভ কৰিব পৰা পৰিবেশ থকা পৰিয়ালত পুনৰ্জন্ম লাভ কৰে।
পূৰ্বজন্মত
কৰা অভ্যাসৰ বলত তেওঁলোকে ইহ জন্মত কম বয়সতে উচ্চ পৰ্যায়ৰ জ্ঞানপূৰ্ণ কথা বুজিব পৰাৰ ক্ষমতা লাভ কৰে।
এনেকৈয়ে আগৰ জন্মত যি পৰ্যায়ত সাধনা সমাপ্ত হৈছিল তাৰ পৰা পুনৰ আৰম্ভ কৰি বৰ্ত্তমান জন্মত তেওঁলোকে আত্মজ্ঞান লাভ কৰিব পাৰে।
শিশু হৰিদেৱৰ কাৰ্যকলাপৰ পৰা তেওঁ পূৰ্ৱ জন্মত ওপৰোক্ত পৰ্যায়ৰ সাধক আছিল বুলি পিতৃ অজনাভ তথা অন্যান্য জ্ঞানী লোকে বুজিব পাৰিছিল ।
(আগলৈ)
No comments:
Post a Comment