The philosophy of
Bhagvad Gita had great influence in the life of Guru Harideva. A large part of
his religious and social teachings are based on his profound knowledge of
the Gita. It is already told that, in the educational practice of old times, attention
of the students was always drawn towards self realization. As a part of that
effort, lessons on Bhagavad Gita were included in the curriculum meant for the
senior students of the Tole of Dwija Ajanabha. The
month of ‘Magha’ in Indian calendar starts with the Uttarayana of the Sun.
Uttarayana of the Sun is considered auspicious from religious point of view. In
the scripturs, the month of Magha is said to be very auspicious for religious worship,
reading, chanting etc. So, the month of Magah was selected by Dwija Ajanabha
to impart education on Gita to his students. In those classes deep discussions were
held
on various
aspects of knowledge and philosophy of the Gita from different angles. The presence of the God Almighty in each and every
body in this world is explained in the Gita, in various different ways. Karma Yoga, the selfless service towards
others; Jnana Yoga, the correct knowledge of the Ultimate Truth or God Almighty
and his creation and Bhakti Yoga, the
path of love and affection to God Almighty, are elaborately discussed in the
Gita. These are said to be the three paths of self realization and subsequent
liberation, in this Scripture . Harideva, from his very young age of five years
or so, was interested in those lessons. He used to hear each and every
discussion held in those classes with great attention. Seeing his interest on
the subject, father Ajanabha also used to encourage the child. All queries put
by Harideva were answered with great care by Dwija Ajanabha. In this way,
Ajanabha tried to shape the personality of his child Harideva, on the base of great teachings of the Gita. This effort of Ajanabha had major influence on
the entire life Harideva in the later stage. Harideva used to study Gita every
day till the last breath of his life. He led his entire life based on the
principles contained in the teachings of the Gita. A large part his religious advises. delivered from his young age of 16 years to the last moment his life, are based
on the principles of the Gita. We will try to discuss those things at proper
places. (to be continued)
হৰিদেৱ গুৰুজনাৰ জীৱনত ভগৱদ্গীতাৰ পৰা আহৰণ কৰা জ্ঞান আৰু আদৰ্শৰ অপৰিসীম প্ৰভাৱ আছিল ।নিজৰ গভীৰ গীতাজ্ঞানৰ আধাৰত গুৰুজনাই ধৰ্মীয় আৰু
সামাজিক দিশৰ অনেক শিকনি আমাক দি গৈছে। পুৰণি কালৰ শিক্ষা ব্যৱস্থাত অন্যান্য বিষয়ৰ শিক্ষা দিয়াৰ লগতে আত্মজ্ঞানৰ দিশতো ছাত্ৰৰ মন আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰা হৈছিল বুলি আগতে কৈ অহা হৈছে।সেই প্ৰচেষ্টাৰ অংশ হিচাপে অজনাভৰ টোলত গীতা শাস্ত্ৰৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল । সূৰ্যৰ উত্তৰায়ণৰ লগে লগে মাঘ মাহ আৰম্ভ হয় । ধৰ্মীয় দিশৰ পৰা সূৰ্যৰ উত্তৰায়ণ শুভ কাল বুলি ধৰা হয় । উত্তৰায়ণ আৰম্ভ হোৱা মাঘ মাহটো পূজা-উপাসনা , শাস্ত্ৰ অধ্যয়ন, মন্ত্ৰজপ আদি পবিত্ৰ কাৰ্য কৰাৰ বাবে অতি উত্তম বুলি শাস্ত্ৰত কোৱা হৈছে ।সেই কাৰণে ছাত্ৰক গীতা শাস্ত্ৰৰ জ্ঞান দান কৰাৰ বাবে অজনাভে মাঘ মাহ বাছি লৈছিল। সমগ্ৰ মাঘ মাহটো শাস্ত্ৰসন্মত নীতি নিয়মৰ মাজেৰে গীতাজ্ঞানৰ চৰ্চা কৰা হৈছিল। বিভিন্ন দিশৰ পৰা গীতাৰ দৰ্শন,শিক্ষা আৰু সেই শিক্ষাৰ ব্যৱহাৰিক দিশৰ ওপৰত গভীৰ আলোচনা বিলোচনা কৰা হৈছিল।জগতৰ সমস্ত শৰীৰত পৰম সত্যৰ উপস্থিতি সম্পৰ্কে গীতাত বহলভাৱে ব্যাখ্যা হৈছে। কৰ্মযোগ, অৰ্থাৎ নিজৰ স্বাৰ্থৰ কথা অকনো চিন্তা নকৰাকৈ কেৱল আনৰ উপকাৰৰ বাবে কাম কৰা ; জ্ঞানযোগ, অৰ্থাৎ পৰম সত্য স্বৰূপ পৰমেশ্বৰ আৰু তেওঁৰ সৃষ্টি সম্পৰ্কে শুদ্ধ জ্ঞান লাভ কৰা আৰু ভক্তি যোগ, অৰ্থাৎ পৰমেশ্বৰৰ সৈতে প্ৰেমময় সম্পৰ্ক স্থাপন কৰা আদি বিষয়ৰ বিস্তৃত জ্ঞান গীতাত দিয়া হৈছে । আত্মজ্ঞান প্ৰাপ্তি আৰু তাৰ পৰবৰ্ত্তী পৰ্যায়ত পূৰ্ণমুক্তি লাভ কৰাৰ বাবে এই তিনিটা মূল পথৰ সন্ধান গীতাত দিয়া হৈছে । শিশু হৰিদেৱে প্ৰায় পাঁচ বছৰমান বয়সৰ পৰাই গীতাৰ ওপৰত চলা এই পাঠদানৰ কাৰ্য্সূচীৰ প্ৰতি আকৰ্ষিত হৈছিল। ইয়াত চলি থকা আলোচনা সমুহ তেওঁ অতি মনযোগ সহকাৰে শুনিছিল। পিতৃ অজনাভেও শিশু পুত্ৰক এই বিষয়ত উৎসাহিত কৰিছিল। এই বিষয়ে হৰিদেৱে সোধা সকলো প্ৰশ্নৰ উত্তৰ পিতৃ অজনাভে অতি যত্ন সহকাৰে দিছিল । এনেদৰে অজনাভে গীতাজ্ঞানৰ আদৰ্শৰ আধাৰত হৰিদেৱৰ ব্যক্তিত্ব গঠন কৰি তোলাৰ বাবে চেষ্টা কৰিছিল ।হৰিদেৱৰ সমগ্ৰ জীৱনত পিতৃৰ এই প্ৰচেষ্টাৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল । পৰবৰ্ত্তী কালত হৰিদেৱে জীৱনৰ শেষ নিশ্বাস থকালৈকে দৈনন্দিন কৰ্ত্তব্য হিচাপে গীতাপাঠ কৰিছিল । ষোল্ল বছৰ বয়সৰ পৰা জীৱন শেষ মুহুৰ্ত্তলৈকে বিভিন্ন প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই যিবিলাক উপদেশ দি গৈছে তাৰ এক বৃহৎ অংশ তেওঁৰ গভীৰ গীতাজ্ঞান আৰু তাৰ ব্যৱহাৰিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত । যথাস্থানত এইবিলাক কথা আলোচনা কৰাৰ চেষ্টা কৰা হ’ব ।(আগলৈ)
No comments:
Post a Comment