In the preceding
posts, it is told that Harideva started serious studies of the Gita, Vedangas
and other Scriptures of higher knowledge from five years of his age. He started
educating people on religious and social matters from his age of 16 years and was
highly respected by the people. These things are not uncommon. In ancient
times, learned people were respected for their merits irrespective of their
ages. Sukadeva was only sixteen years old when he narrated the Bhagavata. He
was highly respected by king Parikshita and other very learned and old sages assembled at the place of recitation of
Bhagavata. The famous saint Adi Shankaracharya of the 8th century CE was
interested in the path of liberation from his childhood. He left home in search
of Guru at the age of 8 years. He travelled a distance of 2000 km on the walk
to find out his Guru and was initiated to sannyasa at that age. After 4 years
of study under his Guru, that is, at his age of 12 years, Shankaracharya
mastered all the Vedic scriptures. Within 4 years of that, that is, at the age
of 16 years, he completed writing of commentaries on Gita, Bhahmasutra,
Upanisadas and all other major scriptural texts. Then, from the age of sixteen
to the end of his life span of 32 years,
Shankaracharya travelled across the length and breadth of ancient India to
bring the great messages of Vedas to the hearts of the people and for the
establishment of famous religious institutions called ‘Mathas’ and ‘Dhamas’ at
different places. This young scholar was respected everywhere. A large number
of renowned scholars of that time accepted this young boy as their Guru. So
many examples of this type can be cited from the scriptures. Because of the
extraordinary knowledge and activities of those great souls, people used to
impose divinity upon them. Thus Sukadeva and Adi Shankaracharya were considered
to be the incarnation of Divine deity Rudra and Lord Siva respectively and are
still being worshiped. In a similar way,
the extraordinary Knowledge and performances of Mahapurush Sri Sri Harideva were
noticed by his devotees and other knowledgeable persons of his time and of later ages. They used to consider him to be a Divine personality blessed with divinity and special
power of Lord Visnu. (to be continued )
ইয়াৰ আগৰ কেইটামান লিখনিত কৈ অহা হৈছে যে হৰিদেৱে পাঁচবছৰমান বয়সৰ পৰাই গীতা, বেদাঙ্গ আৰু অন্যান্য উচ্চ স্তৰৰ জ্ঞানপূৰ্ণ শাস্ত্ৰসমুহ গভীৰ ভাৱে অধ্যয়্ন কৰা আৰম্ভ কৰিছিল। ষোল্ল বছৰ বয়সৰ পৰাই তেওঁ জনসাধাৰণক ধৰ্মীয় আৰু সামাজিক সংস্কাৰমূলক শিক্ষা দিয়া আৰম্ভ কৰিছিল । এই বিলাক কোনো অসাধাৰণ কথা নহয় । প্ৰাচীন কালত জ্ঞানী মানুহক জ্ঞানৰ জোখমতেহে সন্মান প্ৰদৰ্শন কৰা হৈছিল , তাত বয়সৰ প্ৰশ্ন নাছিল। ভাগৱত শাস্ত্ৰ বৰ্ণনা কৰাৰ সময়ত শুকদেৱৰ বয়স মাত্ৰ ষোল্ল বছৰ আছিল । ইয়াৰ ভিতৰতে তেওঁ পিতৃৰ পৰা সম্পূৰ্ণ ভাগৱত শিকি লৈ শ্ৰোতাৰ ওচৰত ব্যাখ্যা কৰিছিল । সেই ভাগৱত চৰ্চা অনুষ্ঠানত উপস্থিত থকা সম্ৰাট পৰিক্ষীত আৰু মহাজ্ঞানী বয়োবৃদ্ধ ঋষিমুনি সকলে তেওঁক অতিশয় আদৰ আৰু সন্মান দিছিল । খৃষ্টীয় অষ্টম শতিকাৰ বিখ্যাত সন্ত পুৰুষ আদি শংকৰাচাৰ্য শিশু কালৰে পৰাই আত্মজ্ঞানৰ প্ৰতি আগ্ৰহী হৈছিল । আঠ বছৰ বয়্সত গুৰুৰ সন্ধানত গৃহত্যাগ কৰিছিল । ২০০০ কিঃমিঃ পথ ভ্ৰমণ কৰাৰ অন্তত গুৰু বিচাৰি পাই সেই বয়সতে তেওঁ সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিছিল । চাৰি বছৰ কাল গুৰুৰ অধীনত শিক্ষা লাভ কৰাৰ অন্তত বাৰ বছৰ বয়সত তেওঁ সমস্ত বৈদিক শাস্ত্ৰত সম্পূৰ্ণ পাণ্ডিত্য অৰ্জন কৰিছিল । বাৰৰ পৰা ষোল্ল বছৰ বয়সলৈকে চাৰি বছৰৰ ভিতৰত তেওঁ গীতা ,উপনিষদ, ব্ৰহ্মসূত্ৰ আৰু অন্যান্য
সকলো মুখ্য বৈদিক শাস্ত্ৰসমুহৰ ভাষ্য লিখি ইয়াৰ জ্ঞান জনসাধাৰণে বুজিব পৰা কৰি দিছিল । ষোল্লৰ পৰা বত্ৰিশ বছৰলৈকে, অৰ্থাত মৃত্যুৰ আগমুহুৰ্ত্তলৈকে প্ৰাচীন ভাৰতৰ ইমুৰৰ পৰা সিমুৰলকে ঘুৰি দেশৰ জনসাধাৰণৰ মাজত বৈদিক জ্ঞানৰ প্ৰচাৰ কৰিছিল, বিভিন্ন
স্থানত মঠ আৰু ধাম আদি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল
ইত্যাদি । এই ষোল্ল বছৰীয়া অতিশয় জ্ঞানসম্পন্ন
যুৱকজন য’লৈকে গৈছিল তাতে সকলোৱে সন্মান কৰিছিল; বয়োবৃদ্ধ
গুণী জ্ঞানী লোকেও তেওঁক গুৰু বুলি মানি লৈছিল । শাস্ত্ৰৰ পৰা এনে বহু উদাহৰণ উল্লেখ কৰিব পাৰি । এনে ধৰণৰ অসাধাৰণ জ্ঞান আৰু ক্ষমতা থকাৰ কাৰণে জ্ঞানী লোকে এই সকল ব্যক্তিৰ ওপৰত দেৱত্ব আৰোপ কৰিছিল । অসাধাৰণ জ্ঞান আৰু ক্ষমতাৰ বাবেই শুকদেৱক ৰূদ্ৰ দেৱতাৰ আৰু শঙ্কৰাচাৰ্যক ভগৱান শিৱৰ অৱতাৰ হিচাপে আজিও পূজা কৰা হয় । একেদৰে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ অসাধাৰণ জ্ঞান আৰু অদ্ভূত কাৰ্যকলাপ সমুহো সমসাময়িক আৰু পৰৱৰ্ত্তী কালত তেওঁৰ ভক্ত আৰু অন্য গুণী জ্ঞানী লোক সকলে লক্ষ কৰিছিল । তেওঁলোকে হৰিদেৱ গুৰুজনা ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ পুষ্ট আৰু শক্তি প্ৰাপ্ত ঐশ্বৰিক অৱতাৰী পুৰুষ বুলি ঘোষণা কৰি গৈছে । (আগলৈ)
No comments:
Post a Comment