Dwija Ajanabha
stayed at Aswaklanta for 3-4 years running his Tole with only two students. Then two people from Narayanpur came there and
met him. They were in search of competent teacher for providing Pathsala
education in their place. They requested Dwija Ajanabha to go to their place as
teacher. Considering the prevailing situation of that time, Dwija Ajanabha
decided to leave Aswaklanta. He
proceeded for Narayanpur along with the two students studying in his Tole. Narayanpur
is a place in the present Lakhimpur District of Assam. Like Aswaklanta, it is also
on the north bank of the Brahmaputra. It is at a distance of nearly 350 kms east
to Aswaklanta. From ancient time, this place was continuously under influence
of Arean culture. Narayanpur is believed to be under the rule of king Banasura
in pre historic time. Many ancient remains, idols of hindu Gods and Goddesses have
been found in different parts of Narayanpur to support this belief. In fifteenth century CE, that is when Ajanabha
went there, Narayanpur was under rule of the King of Chutia dynasty. Chutia
kingdom used to rule a large part of the the then greater Assam, during 1187-1673
CE. Their capital was at Swarnagiri, Ratnagiri and Sadia at different times. During
15th century CE, their kingdom was extended from Parashuram Kunda of
Arunachal Pradesh in the east to Biswanath of Assam in the west along the north
bank of the Brahmaputra. At that time, Narayanpur was a very prominent place. Chutia
king Satyanarayna ruled Chutia kingdom during 1380-1400 CE. During that time
Narayanpur was capital of Chutia kingdom. It is believed that the place was
named as Narayanpur at that time. His successors Lakshminarayana ruled this
place from 1400-1415 CE. King Lakshminarayana constructed a big tank in the
name of his wife Radha at Narayanpur.This tank named Radhapukhuri is still
available here. After him Durlabhanarayan, Muktadharmanarayan and
Pratyashnarayan ruled this place from 1415 -1465 CE. Within this period, Dwija Ajanabha stayed at
Narayanpur with his family and so this period is important for our subject of
discussion. (to be continued)
দ্বিজ অজনাভে অশ্নক্লান্তত মাত্ৰ দুজন ছাত্ৰক শিক্ষাদান কৰি তিনি-চাৰি বছৰ মান কাল টোলখন চলাই আছিল।
তেনে সময়তে নাৰায়ণপুৰৰ পৰা দুজন লোক আহি তেওঁক লগ ধৰিছিল ।
সেই লোক দুজনে নাৰায়ণপুৰত পাঠশালা শিক্ষা ব্যৱস্থা প্ৰৱৰ্ত্তন কৰাৰ বাবে উপযুক্ত শিক্ষক বিচাৰি অশ্বক্লান্তলৈ আহিছিল আৰু অজনাভ দ্বিজক শিক্ষক হিচাপে তালৈ যোৱাৰ বাবে অনুৰোধ কৰিছিল।
সেই সময়ৰ পৰিবেশ পৰিস্থিতি চালি জাৰি চাই দ্বিজ অজনাভে অশ্বক্লান্ত ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।
অৱশেষত নিজৰ
টোলত পঢ়ি থকা ছাত্ৰ দুজনক লগত লৈ তেওঁ নাৰায়্ণ পুৰলৈ যাত্ৰা কৰিছিল।
বৰ্ত্তমান কালত নাৰায়ণপুৰ অসমৰ লক্ষিমপুৰ জিলাৰ অন্তৰ্গত।
অশ্বক্লান্তৰ দৰে এই ঠাইখনো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত।
ই অশ্বক্লান্তৰ পৰা পূৱ দিশত আৰু প্ৰায় ৩৫০ কিঃমিঃ দূৰত ।অতি প্ৰাচীন কালৰে পৰা নাৰায়ণপুৰত আৰ্য সভ্যতা সংস্কৃতিৰ প্ৰচলন আছিল।
প্ৰাগৈতিহাসিক কালত নাৰায়ণপুত বান ৰজাৰ শাসন চলিছিল বুলি বিশ্বাস কৰা হয়। এই জনবিশ্বাসৰ সমৰ্থনত নাৰায়ণপুৰ আৰু ইয়াৰ আশে পাশে অনেক পুৰণি হিন্দু দেৱ দেৱীৰ মূৰ্ত্তি আৰু অন্য কীৰ্ত্তিকিহ্নৰ ভগ্নাৱশেষো পোৱা গৈছে।
খৃষ্টীয় পঞ্চদশ শতিকাত ,অৰ্থাৎ দ্বিজ অজনাভ ইয়ালৈ অহা সময়ত এই ঠাই চুটীয়া ৰজাৰ শাসনাধীন আছিল।
চুটীয়াসকলে ১১৮৭ খৃঃৰ পৰা ১৬৭৩ খৃঃলৈ তেতিয়াৰ বৰ অসমৰ এক বৃহৎ অংশ সামৰি ৰাজ্য বিস্তাৰ কৰিছিল ।
বিভিন্ন সময়ত তেওঁলোকৰ ৰাজধানী স্বৰ্ণগিৰি ,ৰত্নগিৰি আৰু শদিয়াত আছিল।
পোন্ধৰ শতিকাত,পূবে অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডৰ পৰা পশ্চিমে অসমৰ বিশ্বনাথ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অংশত তেওঁলোকৰ ৰাজত্ব আছিল ।
সেই সময়ত নাৰায়ণপুৰ অতি প্ৰসিদ্ধ স্থানত পৰিণত হৈছিল। ১৩৮০ খৃঃৰ
ৰ পৰা ১৪০০ খৃঃলৈ চুটীয়াসকলৰ ৰজা আছিল সত্যনাৰায়ণ ।
তেওঁৰ ৰাজধানী আছিল নাৰায়ণপুৰত আৰু তেওঁৰ নামেৰে এই ঠাইখনৰ নাম নাৰায়ণপুৰ হৈছিল বুলি কোৱা হয় ।
তেওঁৰ উত্তৰাধিকাৰী লক্ষ্মীনাৰায়ণে ১৪০০ খৃঃৰ পৰা ১৪১৫ খৃঃলৈ ৰাজত্ব কৰিছিল।
নিজৰ ৰাণী ৰাধাৰ নামেৰে লক্ষ্মীনাৰায়ণে নাৰায়ণপুৰত এটা বৃহৎ পুখুৰী খন্দাইছিল ।
ৰাধাপুখুৰী নামেৰে বিখ্যাত সেই পুখুৰী এতিয়াও ইয়াত আছে । তেওঁৰ পিছত নাৰায়ণপুৰ ১৪১৫ খৃঃৰ পৰা ১৪৬৫ খৃঃলৈ দুৰ্লভ নাৰায়ণ , মুক্তধৰ্ম নাৰায়ণ আৰু প্ৰত্যসনাৰায়ণ নামৰ তিনিজন চুটীয়া ৰজাৰ শাসনাধীন আছিল ।
এই সময়ছোৱাৰ ভিতৰতে দ্বিজ অজনাভ আৰু তেওঁৰ পৰিয়াল নাৰায়ণপুৰত আছিল আৰু সেয়েহে আমাৰ আলোচ্য বিষয়ৰ ফালৰ পৰা এই কালৰ গুৰুত্ব আছে ।
(আগলৈ)
No comments:
Post a Comment